ETV Bharat / international

ইউক্ৰেইনত সামৰিক বাহিনীৰ বিমান দুৰ্ঘটনাত নিহত 25

author img

By

Published : Sep 26, 2020, 8:50 AM IST

ইউক্ৰেইনত সামৰিক বাহিনীৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে 25 গৰাকীয়ে ৷ বিমানখনত 28 জন লোক আছিল আৰু ইয়াৰে 21 জন সেনা জোৱান হোৱাৰ বিপৰীতে 7 জন বিমানৰ সদস্য আছিল ৷

25 killed in Ukraine military plane crash
ইউক্ৰেইনত সামৰিক বাহিনীৰ বিমান দুৰ্ঘটনাত নিহত 25

ইন্টাৰনেশ্যনেল ডেস্ক, 26 ছেপ্তেম্বৰ : ইউক্ৰেইনৰ খাৰকিভ অঞ্চলত সংঘটিত সামৰিক বাহিনীৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে 25 গৰাকীয়ে ৷ এক স্থানীয় বাতৰিকাকত অনুসৰি, ইঞ্জিন বিকল হৈ পৰা বাবে এই বিমান দুৰ্ঘটনা সংঘটিত হয় ৷ বিমানখনত 28 জন লোক আছিল আৰু ইয়াৰে 21 জন সেনা জোৱান হোৱাৰ বিপৰীতে 7 জন বিমানৰ সদস্য আছিল ৷

শেহতীয়া তথ্য অনুসৰি, 25 গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে 2 জন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ৷ 30 বৰ্ষীয় বিমানখনৰ কমাণ্ডাৰগৰাকীও এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে ৷ আকাশত উৰণৰ সময়তে কমাণ্ডাৰগৰাকীয়ে বিমানৰ ইঞ্জিন বিকল হোৱা বুলি জানিবলৈ দিছিল ৷

লগতে পঢ়ক : বিশ্বৰ দীঘলীয়া ৰাষ্ট্ৰীয় ঘাইপথ সুৰংগটো মুকলিৰ দিশে ভাৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.