ETV Bharat / international

ইটালীৰ কেবল কাৰ দুৰ্ঘটনাত নিহত ১৪

author img

By

Published : May 24, 2021, 11:48 AM IST

ইটালীৰ ষ্ট্ৰেচাৰ মনোৰম হ্ৰদৰ দৃশ্য উপভোগ কৰিবলৈ যোৱা এখন কেবল কাৰ দেওবাৰে পাইলনত খুন্দা খোৱাত ১৪ জন লোক নিহত হয় ।

Italy cable car crash
ইটালীৰ কেবল কাৰ দুৰ্ঘটনাত নিহত ১৪

ইণ্টাৰনেশ্যনেল ডেস্ক, ২৪ মে': উত্তৰ ইটালীত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা । দেশখনৰ ষ্ট্ৰেচাৰ মনোৰম হ্ৰদৰ দৃশ্য উপভোগ কৰিবলৈ যোৱা এখন কেবল কাৰ দেওবাৰে পাইলনত খুন্দা খোৱাত বাগৰি যায় । ফলত ১৪ জন দৰ্শনাৰ্থী থিতাতে নিহত হয় । জানিব পৰা অনুসৰি, একমাত্ৰ এজন শিশুৰ এই দুৰ্ঘটনাটোৰ পৰা কোনোমতে প্ৰাণৰক্ষা পৰে । কিন্তু শিশুটিক গুৰুত্বৰ অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

ইজৰাইলৰ বৈদেশিক মন্ত্ৰালয়ে জনোৱা অনুসৰি, নিহত হোৱা লোকসকলৰ ভিতৰত ছয়জন ইজৰাইলৰ নাগৰিক আছিল । ইয়াৰে ভিতৰত চাৰিজনীয়া পৰিয়াল এটাই ইটালীত বসবাস কৰিছিল । এই কৰুণ দুৰ্ঘটনা সন্দৰ্ভত তদন্ত কৰিবলৈ ইটালী চৰকাৰে এক আয়োগ ঘোষণা কৰে ।

লগতে পঢ়ক: জালিয়াতিৰে বাবে ভংগ হ’ব পাৰে আং-চান-চ্যু-কীৰ দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.