ETV Bharat / international

লক ডাউনৰ ফলত বৃদ্ধি পাইছে Zoom এপৰ ব্যৱহাৰ

author img

By

Published : Apr 25, 2020, 8:12 PM IST

বিশ্বব্যাপী বৃদ্ধি পাইছে Zoom এপৰ ব্যৱহাৰ ৷ প্ৰতিদিনে বিশ্বত লাভ কৰিছে প্ৰায় 300 মিলিয়ন ব্যৱহাৰকাৰী ৷

প্ৰতিদিনে বিশ্বত লাভ কৰিছে প্ৰায় 300 মিলিয়ন ব্যৱহাৰকাৰী
লকডাউনৰ ফলত বৃদ্ধি পাইছে Zoom এপৰ ব্যৱহাৰ

নিউজ ডেস্ক, 25 এপ্ৰিল : ভিডিঅ' কনফাৰেন্সিং এপ Zoom য়ে প্ৰতিদিনে বিশ্বত লাভ কৰিছে প্ৰায় 300 মিলিয়ন ব্যৱহাৰকাৰী ৷ যোৱা বছৰৰ 200 মিলিয়নৰ পৰিৱৰ্তে এয়া এপটোৰ 50 শতাংশ বৃদ্ধি বুলি জানিব পৰা গৈছে ৷ ইয়াৰোপৰি, 2019 চনৰ শেষৰভাগত কেৱল 10 মিলিয়নেহে এই এপৰ ব্যৱহাৰ কৰিছিল ৷

Covid-19 মহামাৰীৰ পৰিপ্ৰেক্ষিতত যিহেতু বহুসংখ্যক কৰ্মচাৰীয়ে ঘৰৰ পৰাই কৰ্তব্য পালন (work from home) কৰিছে সেয়েহে এই ভিডিঅ' প্লেটফৰ্মৰ ব্যৱহাৰ প্ৰতিদিনে বৃদ্ধি পাইছে ৷

এই সম্পৰ্কত Zoomৰ মুখ্য কাৰ্যবাহী বিষয়া এৰিক য়ুয়ানে এক বিবৃতিত কয়,"এই প্ৰত্যাহ্বানৰ সময়ত Zoom এ সকলোলৈ গুৰুত্বপূৰ্ণ সেৱা আগবঢ়াইছে ৷ বিশ্বব্য়াপী বহুসংখ্য়ক প্ৰতিষ্ঠান,হাস্পতাল,শিক্ষক আৰু অন্যান্য গ্ৰাহকে ইয়াক আঁকোৱালি লোৱাৰ বাবে আমি সুখী হোৱাৰ লগতে সন্মানিত অনুভৱ কৰিছো ৷"

উল্লেখ্য যে,শেহতীয়াকৈ Zoomৰ দ্বাৰা বহু সংখ্যক লোকে সুৰক্ষা আৰু গোপনীয়তামূলক সমস্যাৰ সন্মুখীন হোৱাৰ অভিযোগ উত্থাপন কৰাত এপটোৱে বাতৰিৰ শিৰোনাম দখল কৰিছিল ৷ কিন্তু, ইয়াৰ পাচতো এই ভিডিঅ' কনফাৰেন্সিং এপটো সকলোৱে ব্যৱহাৰ কৰা পৰিলক্ষিত হ'ল ৷

এই এপৰ কোনো অপব্যৱহাৰ হ'লে ইয়াৰ বিৰুদ্ধে ভিডিঅ' কনফাৰেন্সিঙৰ আয়োজক তথা উপ-আয়োজকে (Hosts and co-hosts) Zoom's Trust & Safety teamৰ ওচৰত ৰিপোৰ্ট কৰিব পাৰিব ৷

উল্লেখ্য যে,সুৰক্ষাজনিত সমস্যাৰ বাবে কিছুদিন পূৰ্বে য়ুয়ানে সকলোৰে আগত ক্ষমা ভিক্ষাও কৰিছিল ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.