ইন্টাৰনেশ্যনেল ডেস্ক, 5 জানুৱাৰীঃ নতুন দিল্লীৰ কূটাঘাতৰ আঁৰত তেহৰানৰ হাত আছে বুলি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে মন্তব্য কৰিলেও ভাৰত আৰু ইৰাণৰ সম্পৰ্কত ব্যাঘাত নজন্মে বুলি মন্তব্য কৰে ইৰাণৰ মন্ত্ৰী মহছিন জাৱাদিয়ে ৷ উল্লেখ্য যে, নতুন দিল্লীত সংঘটিত হোৱা কূটাঘাতমূলক কাৰ্যৰ সৈতে ইৰানীয়ান জেনেৰেল কাছেম ছোলেইমানি জড়িত আছিল বুলি মন্তব্য কৰিছিল ট্ৰাম্পে ৷
লগতে পঢ়কঃ ভাৰতটো সন্ত্ৰাসৰ ঘাটি পাতিছিল কাছেম চুলেইমানিয়ে
ট্ৰাম্পে এই দাবী কৰাৰ পাচতে প্ৰতিক্ৰিয়া ব্যক্ত কৰি জাৱাদিয়ে কৈছিল, "ভাৰত আৰু ইৰাণে শক্তিশালী সম্পৰ্ক আৰু পৰিপক্ক বন্ধুত্ব শ্বেয়াৰ কৰে, এই সম্পৰ্ক সকলোবোৰ অভিযোগৰ উৰ্দ্ধত ৷ এনে মন্তব্য কৰিলে দুই দেশৰ দ্বিপাক্ষিক সম্পৰ্কত কোনো প্ৰভাৱ নপৰে বুলি মই ভাৱো ৷"
লগতে পঢ়কঃ আমেৰিকাৰ ওপৰত ইৰাণৰ চাইবাৰ আক্ৰমণৰ আশংকা?
বাগদাদত এয়াৰ ষ্ট্ৰাইক কৰাৰ পাচতে ট্ৰাম্পে নিজৰ বিবৃতিত প্ৰকাশ কৰিছিল যে, ইৰানীয়ান জেনেৰেল কাছেম ছোলেইমানিৰ নেতৃত্বত নতুন দিল্লী আৰু লণ্ডনত কূটাঘাত সংঘটিত হৈ আহিছিল ৷
লগতে পঢ়কঃ চুলেইমানিৰ হত্যাৰ পিচতেই মধ্যপ্ৰাচ্যলৈ আমেৰিকাৰ অতিৰিক্ত 3000 সেনা প্ৰেৰণ
তেহৰানে ইয়াৰ প্ৰতিশোধ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰাৰ পাচত ট্ৰাম্পে আমেৰিকাত আক্ৰমণ কৰিলে ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব বুলি ইৰাণক সতৰ্কবাণী প্ৰদান কৰিছিল ৷ ইয়াৰ পাচতে ইৰানীয়ান মন্ত্ৰী জাৱাদিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছিল, "আমি বহু বছৰ ধৰি আমেৰিকাৰ পৰা ভাবুকি লাভ কৰি আহিছো ৷ আমাৰ কাৰো সৈতে শত্ৰুতা নাই ৷ কিন্তু আমাৰ বিৰুদ্ধে কোনো কাণ্ড সংঘটিত কৰিলে আমি ইয়াৰ প্ৰত্যুত্তৰ দিম ৷"
লগতে পঢ়কঃ ইৰানলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সতৰ্কবাণী
উল্লেখ্য যে, আমেৰিকাৰ দ্বাৰা আতংকবাদী ঘোষিত ছোলেইমানি সহিতে ছজনক আমেৰিকাই বাগদাদ বিমান বন্দৰত এয়াৰ ষ্ট্ৰাইকৰ জৰিয়তে হত্যা কৰে ৷ ইয়াৰ পাচতে দুয়ো দেশৰ মাজত উদ্বিগ্নতা বৃদ্ধি পোৱাৰ লগতে ইৰাণে আমেৰিকাৰ বিৰুদ্ধে প্ৰতিশোধ ল'ব বুলি মন্তব্য কৰিছিল ৷
আৰু পঢ়ক : মহাৰাষ্ট্ৰ মন্ত্ৰীসভাৰ দপ্তৰ বিতৰণঃ কোনে পালে কি দায়িত্ব !