ETV Bharat / international

ভাৰতীয় মিলিটাৰী একাডেমীৰ পৰা প্ৰশিক্ষণ লৈছিল এগৰাকী তালিবানী শীৰ্ষ নেতাই - Taliban rule in Afghanistan

শেহতীয়াকৈ সমগ্ৰ বিশ্বতে চৰ্চিত হৈ থকা মূল বিষয়টো হৈছে আফগানিস্তানত পুনৰ তালিবানী শাসনৰ স্থাপনা ৷ বিশ্ববাসীৰ আগত নিজৰ বৰ্বৰতাৰ বাবে পৰিচিত তালিবানী যোদ্ধাসকল ৷ কিন্তু বৰ্বৰ বুলি খ্যাত এই তালিবানী সেনাতে আছে ডেৰাডুনৰ ভাৰতীয় মিলিটাৰী একাডেমীৰ পৰা প্ৰশিক্ষণ লোৱা এগৰাকী নেতা ৷

Top Taliban leader honed his skills at IMA, Dehradun
IMAৰ পৰা প্ৰশিক্ষণ লোৱা এগৰাকী তালিবানী নেতা
author img

By

Published : Aug 18, 2021, 10:24 PM IST

নিউজ ডেস্ক, 18 আগষ্ট : ‘ভগত’ যাৰ জনপ্ৰিয় নাম হ’ল শেৰ মহম্মদ আব্বাছ চানেকজাই পাদশ্বাহ খান ওৰফে মহম্মদ আব্বাছ চানেকজাই ৷ তালিবানী যোদ্ধাসকলৰ বাবে এয়া এক পৰিচিত নাম ৷ মহম্মদ আব্বাছ চানেকজাই এগৰাকী তালিবানী মধ্যস্থতাকাৰী ৷ এই ভগত ওৰফে মহম্মদ আব্বাছ চানেকজায়ে কিন্তু নিজৰ সামৰিক শিক্ষা গ্ৰহণ কৰিছিল ডেৰাডুনস্থিত ভাৰতীয় মিলিটাৰী একাডেমী (IMA)ৰ পৰা ৷

ভাৰতীয় মিলিটাৰী একাডেমীত তেওঁৰ ডেৰ বছৰীয়া প্ৰাক আয়োগ প্ৰশিক্ষণৰ সময়ত 'ভগত' আছিল এগৰাকী বেটেলিয়ন । 1982-83ত IMA ৰ 71 সংখ্যক পাঠ্যক্ৰম অংশ আছিল বিশ্বৰ অন্যতম শক্তিশালী সন্ত্ৰাসবাদী সংগঠনটোৰ 58 বৰ্ষীয় নেতাগৰাকী ৷ আন ভাষাত ক’লে IMAত তেওঁৰ সহপাঠীসকল নিশ্চিতভাৱে বৰ্তমান ভাৰতীয় সেনাৰ লেফটেন্টে জেনেৰেল পদত অধিষ্ঠিত হৈ আছে ৷

'ভাৰতত থকা সময়ৰ সেই দিনবোৰৰ লগতে নিজৰ বিষয়ে কথা পাতিবলৈ ভাল পোৱা শক্তিশালী তালিবান নেতাজনে অৱশ্যে ভাৰতৰ প্ৰতি তেওঁৰ প্ৰেম হেৰুওৱা নাই ।

যোৱা বছৰ পাকিস্তানৰ এটা সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁক ভাৰতক, বিশ্বাসঘাতক সকলক সমৰ্থন কৰা বুলি অভিযোগ কৰা হৈছিল ৷ এই সাক্ষাৎকাৰতে মুখ্য আলোচনাকাৰীজনে আফগানিস্তানত ভাৰতৰ ভূমিকাৰ বিষয়ে অতি ক্ষীণ দৃষ্টিভংগী লৈছিল ৷ কিন্তু IMAই আছিল, য’ত চানেকজায়ে জেন্টেলমেন কেডেডসকলৰ পাঠ্যক্ৰমৰ মূল অংশস্বৰূপে প্ৰাৰম্ভিক ৰণকৌশল, অস্ত্ৰ সঞ্চালন, শাৰিৰীক আৰু মানসিক ভিত্তি আদি সন্দৰ্ভত জ্ঞান আহৰণ কৰিছিল ৷

লগতে পঢ়ক : তালিবানৰ বিৰুদ্ধে হাতত অস্ত্ৰ তুলি লোৱা ছালিমা মাজাৰী আফগানিস্তানত বন্দী

IMAত প্ৰি-কমিছন প্ৰশিক্ষণ সমাপ্ত কৰি চানেকজায়ে লেফটেনেন্ট হিচাপে আফগান নেশ্যনেল আৰ্মী (Afghan National Army)ত যোগদান কৰিছিল ৷ কিন্তু মাত্ৰ কিছু বছৰতে চানেকজায়ে নিজৰ মন সলনি কৰি আফগান আৰ্মী ত্যাগ কৰি চোভিয়েট সেনাৰ বিৰুদ্ধে যুঁজ দিবলৈ মুজাহিদিনত যোগদান কৰে ৷

ৰাছিয়ান সেনাক 1979 চনত আফগানিস্তানত মোতায়ন কৰা হৈছিল ৷ আৰু 1989 চনৰ সেনা প্ৰত্যাহাৰ নকৰা পৰ্যন্ত আফগানিস্তানত চোভিয়েট সেনাই শাসন কৰিছিল ৷

তালিবানী পদানুক্ৰমত চানেকজাইৰ উত্থানৰ মূলতে আছিল তেওঁৰ শিক্ষাগত অৰ্হতা, ইংৰাজী ভাষাৰ জ্ঞান আৰু স্পষ্টতা ৷ তালিবানী সকলৰ মাজত ইয়াক যথেষ্ট গুৰুত্বপূৰ্ণ বুলি বিবেচিত কৰা হৈছিল, কাৰণ তালিবানী নেতাসকলৰ অধিকাংশৰে অনুষ্ঠানিক শিক্ষা নাছিল ৷

1996 চনত যেতিয়া তালিবানে কাবুলৰ গাদী দখল কৰিছিল, তেতিয়া চানেকজাইক উপ বৈদেশিক মন্ত্ৰী আৰু উপ স্বাস্থ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছিল ৷ কিন্তু 2001 চনত 9/11 বিস্ফোৰণৰ পিছত যেতিয়া মাৰ্কিন সেনা আফগানিস্তানত অৱতৰণ কৰিছিল আৰু তালিবান ক্ষমতাচ্যূত হৈছিল, তাৰ পিছতে 2012 চনত চানেকজায়ে দোহালৈ উৰা মাৰে ৷ দোহাৰ পৰাই চানেকজায়ে ৰাজনৈতিক আৰু বৈদেশিক কাৰ্যালয় চলাইছিল ৷

তেতিয়াৰ পৰাই চানেকজাইক ৰাষ্ট্ৰসংঘই ‘তালিবানীৰে সম্পৰ্ক থকা ব্যক্তি’ বুলি ঘোষণা কৰা পিছতো তেওঁ দোহাৰ পৰা বিভিন্ন দেশলৈ ভ্ৰমণ কৰিছিল ৷ শেহতীয়াকৈ আমেৰিকা, ৰাছিয়া আৰু চাইনাৰে ঘানী নেতৃত্বাধীন আফগান চৰকাৰৰ বুজাবুজিৰ তেওঁ অংশ আছিল ৷ ২০২০ চনৰ ছেপ্টেম্বৰত তেওঁক তালিবানৰ দ্বাৰা নিযুক্ত মোল্লা আব্দুল হাকীমক আফগান চৰকাৰৰ সৈতে মীমাংসা কৰিবলৈ উপ-বিষয়া হিচাপে নিযুক্তি দিয়া হৈছিল ।

লগতে পঢ়ক : কেৱল সামৰিক বিজয়েৰে তালিবানৰ বাবে মসৃণ নহ’ব আফগানিস্তান শাসনৰ পথ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.