ETV Bharat / international

গানীৰ যুদ্ধবিৰতিৰ আহ্বন প্ৰত্যাখ্যান কৰিলে তালিবানে - কৰ'ণা ভাইৰাছ

গানীৰ আহ্বানৰ পাচত আফগান সুৰক্ষা বলৰ দজনতকৈয়ো অধিক লোকে টালিবানৰ আক্ৰমণত প্ৰাণ হেৰুৱাব লগীয়া হ'ল । ইফালে তালিবানে কয় যে, যুদ্ধবিৰতি বা চুক্তি যুক্তিসংগত বা পতিয়ন নিয়াব পৰা নাছিল ।

গানীৰ যুদ্ধবিৰতিৰ আহ্বন প্ৰত্যাখ্যান কৰিলে  তালিবানে

author img

By

Published : Apr 24, 2020, 7:39 PM IST

নিউজ ডেস্ক, 24 এপ্ৰিলঃ কৰ'ণা ভাইৰাছ মহামাৰীৰ বাবে আফগান ৰাষ্ট্ৰপতি আশ্ৰফ গানীয়ে আগবঢ়োৱা যুদ্ধ বিৰতিৰ প্ৰস্তাৱক প্ৰত্যাখ্যান কৰিলে তালিবানে । তালিবানে কয় যে,এই প্ৰস্তাৱৰ সন্মতিয়ে কাৰাগাৰত থকা তেওঁলোকৰৰ হাজাৰ হাজাৰ সতীৰ্থক "নিষ্ঠাহীন" কৰি তুলিব ।

দেশৰ বহু স্থানত হোৱা হিংসাৰ পাচত বৃহস্পতিবাৰে গানীয়ে তালিবানক যুদ্ধবিৰতিৰ প্ৰস্তাৱ আগবঢ়াইছিল । য'ত কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবেও এইয়া এক ৰণনীতি বুলি উল্লেখ কৰিছিল ।

আফগান লোকক হত্যা কৰা বন্ধ কৰক বুলি গানীয়ে এক বাৰ্তা প্ৰেৰণ কৰাৰ লগতে কৈছিল যে,কৰ'ণা ভাইৰাছৰ সংকটৰ সময়ত চৰকাৰে সকলো লোককে সহায়ৰ বাবে আগবাঢ়ি আহিছে । গানীৰ এই আহ্বানৰ পাচতে আফগান সুৰক্ষা বলৰ দজনতকৈয়ো অধিক জোৱান তালিবানৰ সৈতে হোৱা সংঘৰ্ষত নিহত হৈছিল ।

তালিবানৰ মুখপাত্ৰ চোহেইল চাহিনে কয় যে,যুদ্ধবিৰতিৰ প্ৰস্তাৱ যুক্তিসংগত আৰু পতিয়ন নিয়াব পৰা বিধৰ নহয়,যাৰ ফলত এই প্ৰস্তাৱ মানি ল'লে কাৰাগাৰত থকা হাজাৰ হাজাৰ সতীৰ্থক নিষ্ঠাহীন কৰি তুলিব ।

ইফালে তালিবান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ শান্তি চুক্তিত প্ৰভাৱ পেলাইছে কৰ'ণা ভাইৰাছে । এই শান্তি চুক্তিত তালিবানে আফগান চৰকাৰে 5000 জন কয়দীক মুকলিৰ বাবে দাবী কৰিছে । আনহাতে চৰকাৰে চৰ্তৰ বিনিময়ত 1500 কয়দীক মুকলি কৰাৰ বাবে মান্তি হৈছিল ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.