ETV Bharat / international

পৰিয়ালৰ সন্মুখতে মহিলা আৰক্ষীক গুলীয়াই হত্যা তালিবানীৰ

author img

By

Published : Sep 6, 2021, 11:46 AM IST

আফগানিস্তানত তালিবানৰ শাসনভাৰ গ্ৰহণৰ পিছতে সুৰক্ষাক লৈ শংকিত হৈ পৰিছে দেশখনৰ মহিলাসকল ৷ কিন্তু ইয়াৰ মাজতে আহিছে এক ঘটনা ৷ এগৰাকী মহিলা আৰক্ষী বিষয়াক পৰিয়ালৰ লোকৰ সন্মুখতে গুলীয়াই হত্যা কৰিলে তালিবানী যোদ্ধাই ৷

Taliban kill female police officer in front of her relatives
পৰিয়ালৰ সন্মুখতে মহিলা আৰক্ষীক গুলিয়াই হত্যা কৰিলে তালিবানী যোদ্ধাই

ইণ্টাৰনেশ্যনেল ডেস্ক, 6 ছেপ্তেম্বৰ : আফগানিস্তানত তালিবানী যোদ্ধাই গুলীয়াই হত্যা কৰিলে এগৰাকী মহিলা আৰক্ষীক ৷ BBC ৰ তথ্য অনুসৰি চেণ্ট্ৰেল ঘোৰ প্ৰদেশৰ ৰাজধানী ফিৰোজকোহত নিজ ঘৰতে তালিবানী যোদ্ধাই গুলীয়াই হত্যা কৰে মহিলা আৰক্ষী বিষয়াগৰাকীক ৷ নিহত আৰক্ষী বিষয়াগৰাকী বানু নিগাৰ বুলি জানিবলৈ দিছে স্থানীয় সংবাদ মাধ্যমে ৷ আফগানিস্তানত তালিবানৰ শাসনক লৈ মহিলাসকলৰ শংকিত হৈ থকাৰ সময়তেই এই ঘটনা পোহৰলৈ আহিছে ৷

ঘটনাৰ বিশদ বিৱৰণ দিবলৈ শংকিত হৈ আছে স্থানীয় লোকসকল ৷ কিয়নো তেওঁলোকে ভাবিছে তেওঁলোকে এই সন্দৰ্ভত কিবা ক’লে একে দশা হ’ব পাৰে ৷ কিন্তু সূত্ৰই BBC ক জনোৱা অনুসৰি শনিবাৰে স্বামী আৰু পুত্ৰৰ সন্মুখতে তালিবানী যোদ্ধাই গুলীয়াই হত্যা কৰে নিগাৰক ৷ সম্পৰ্কীয় লোকে মৃতদেহটোৰ কাষতে দেৱালত ছিটিকি পৰা তেজৰ দাগৰ লগতে মৃতদেহৰ ছবি সংবাদ মাধ্যমক দেখুৱাইছে ৷ মৃতদেহটোৰ মুখমণ্ডল সম্পূৰ্ণৰূপে ধ্বংস কৰা হৈছে ৷

পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি স্থানীয় এখন কাৰাগাৰত কাম কৰা নিগাৰ আছিল 8 মাহৰ গৰ্ভৱতী ৷ শনিবাৰে বন্ধুকধাৰী তিনিজন লোকে নিগাৰক বিচাৰি ঘৰলৈ আহে আৰু পৰিয়ালৰ লোকক অমানৱীয় ধৰণে ধৰি বান্ধি ৰাখে ৷

দুৰ্বৃত্তকেইজনে আৰৱী ভাষাত কথা পতা বুলি জানিবলৈ দিয়ে পৰিয়ালৰ লোকে ৷ আনহাতে, নিগাৰৰ হত্যাৰ সৈতে তালিবান জড়িত বুলি পৰিয়ালৰ লোকে অভিযোগ তুলিলেও তালিবানে এই কথা সম্পূৰ্ণৰূপে নাকচ কৰিছে ৷ তালিবানে এই ঘটনাৰ তদন্তও কৰিব বুলি প্ৰতিশ্ৰুতি দিছে ৷

তালিবানৰ মুখপাত্ৰ জাবিউল্লাহ মুজাহিদে কয়, "আমি ঘটনাটোৰ বিষয়ে জানিব পাৰিছো ৷ আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছো যে এই ঘটনাৰ সৈতে তালিবান জড়িত নহয় ৷ এই ঘটনাৰ তদন্ত চলাই থকা হৈছে" ৷ তেওঁ লগতে কয় যে, তালিবানে পূৰ্বৰ প্ৰশাসনৰ সৈতে কাম কৰা লোকসকলক ক্ষমা কৰি দিছে ৷ এই ঘটনা কোনো ব্যক্তগত শত্ৰুতাৰ ফল অথবা অন্য কিবা ৷

লগতে পঢ়ক : অপ্ৰত্যাশিতভাৱে আফগান সেনাৰ দ্ৰুত পতন ঘটিছিল : Top US General

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.