ETV Bharat / international

শ্ৰীলংকাত ছ'চিয়েল মিডিয়াৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ - ETV BHARAT

দেশখনৰ বৰ্তমানৰ পৰিস্থিতিলৈ লক্ষ্য ৰাখি দায়িত্বশীলভাৱে ছ'চিয়েল মিডিয়াৰ ব্যৱহাৰ কৰিবলৈ দেশখনৰ জনসাধাৰণলৈ আহ্বান জনাইছে চৰকাৰে ৷

শ্ৰীলংকাত ছচিয়েল মিডিয়াৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ
author img

By

Published : May 1, 2019, 9:25 AM IST

কলম্বো , 1 মে' : শ্ৰীলংকাত মঙলবাৰে প্ৰত্যাহাৰ কৰা হয় ছ'চিয়েল মিডিয়া নেটৱৰ্কৰ ওপৰত থকা নিষেধাজ্ঞা ৷ ইষ্টাৰ চানডেত ধাৰাবাহিক বোমা বিস্ফোৰণত কঁপি উঠাৰ পাচতে নিৰাপত্তাজনিত কাৰণত দেশখনত ছ'চিয়েল মিডিয়াৰ ব্যৱহাৰত আৰোপ কৰা হৈছিল নিষেধাজ্ঞা ৷

চৰকাৰে নিষেধাজ্ঞা প্ৰত্যাহাৰৰ লগতে দেশখনৰ বৰ্তমানৰ পৰিস্থিতিলৈ লক্ষ্য ৰাখি দায়িত্বশীল ভাৱে ছ'চিয়েল মিডিয়াৰ ব্যৱহাৰ কৰিবলৈ দেশখনৰ জনসাধাৰণলৈ আহ্বান জনায় ৷

আনহাতে দেশখনত নিশাৰ সান্ধ্য আইন অব্যাহত থকাৰ লগতে অন্যান্য দিশতো চোকা দৃষ্টি ৰাখিছে নিৰাপত্তাবাহিনীয়ে ৷ শ্ৰীলংকাৰ আৰক্ষী মূখপাত্ৰ ৰুৱান গুণাশেকাৰাই প্ৰকাশ কৰা অনুসৰি ধাৰাবাহিক বিস্ফোৰণৰ পাচত সন্ত্ৰাসবাদী সম্পৰ্ক থকাৰ সন্দেহত ইতিধ্যে 59 জন লোকক আটক কৰি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

Sri Lanka lifts ban on social media
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.