নিউজ ডেস্ক, 29 এপ্ৰিল : শ্ৰীলংকাৰ বিস্ফোৰণৰ পাচতে দেশখনত নিষিদ্ধি হ'ল বোৰ্খাৰ প্ৰচলন৷ দেশখনৰ নিৰাপত্তাৰ বাবেই দেওবাৰে সকলো ধৰণৰ বোৰ্খা,হিজাব বা মুখ ঢকা যিকোনো পৰিধান নিষিদ্ধ কৰে শ্ৰীলংকাৰ চৰকাৰে৷ সোমবাৰৰ পৰা প্ৰযোজ্য হ'ব এই সিদ্ধান্ত৷
হিজাব বা বোৰ্খাৰ আঁৰত যাতে কোনো সন্ত্ৰাসবাদীয়ে দেশখনত কূটাঘাত সংঘটিত কৰিব নোৱাৰে তাৰ বাবেই বোৰ্খা নিষিদ্ধকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি মাইথ্ৰিপালা চিৰিসেনাই৷
ইষ্টাৰ চানডেৰ ধাৰাবাহিক বিস্ফোৰণৰ পাচতে শ্ৰীলংকাৰ নিৰাপত্তাৰ খাতিৰত এই সিদ্ধান্ত গ্ৰহণ কৰিছে শ্ৰীলংকাই৷ ইষ্টাৰ চানডেৰ বিস্ফোৰত দেশখনত নিহত হয় 250 জনৰো অধিক লোকে৷ ইছলামিক সন্ত্ৰাসবাদী সংগঠন আইচিচে ইতিমধ্যে স্বীকাৰ কৰিছে বিস্ফোৰণৰ দায়িত্ব৷