নিউজ ডেস্ক, 22 এপ্ৰিলঃ দক্ষিণ কোৰিয়াই আনুষ্ঠানিক ভাৱে মঙলবাৰে ঘোষণা কৰিছে যে, উত্তৰ কোৰিয়াত কোনো ধৰণৰ অস্বাভাৱিক কাৰ্যকলাপ দেখিবলৈ পোৱা নাই । এক সংবাদ মাধ্যমত উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতি কিম জং উন সম্পৰ্কে এক অনিশ্চিত তথ্য প্ৰকাশ পাইছিল ।
দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি কাৰ্যালয়ৰ পৰা কয় যে,কিমে পূৰ্বৰ দৰেই দেশ চলোৱা কামত নিয়োজিত হৈ আছে। কিমৰ স্বাস্থ্য সম্পৰ্কে ওলোৱা উৰা বাতৰিৰ কোনো নিশ্চিত তথ্য দক্ষিণ কোৰিয়াৰ হাতত নাই । অৱশ্যে বহুতেই উত্তৰ কোৰিয়া বিপদত থকাৰ কথা লক্ষ্য কৰা বুলি উল্লেখ কৰে দেশখনে ।
ইপিনে উত্তৰ কোৰিয়াৰ বহু ৰাষ্ট্ৰীয় অনুষ্ঠানত উপস্থিত নাই কিম জং । তাৰে ভিতৰত উল্লেখযোগ্যকৈ 15 এপ্ৰিলত মৃত ককাকৰ 108 সংখ্যক জন্মদিন পালন অনুষ্ঠানটোত উপস্থিত নাছিল কিম ।
উল্লেখ্য যে,মঙলবাৰে এটা সংবাদ মাধ্যমৰ প্ৰতিবেদনত প্ৰকাশ পাইছিল যে হৃদযন্ত্ৰৰ অস্ত্ৰোপ্ৰচাৰৰ পাচত উত্তৰ কোৰিয়াক ৰাষ্ট্ৰপ্ৰধান কিম জং উনৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক হৈছিল । কিম জঙক অন্তিমবাৰৰ বাবে 11 এপ্ৰিলত এক ৰাজনৈতিক বৈঠকত দেখিবলৈ পোৱা গৈছিল ।
লগতে পঢ়কঃ অললাইন সংগীতানুষ্ঠান : 40 সংগীতজ্ঞ আৰু 6 খন দেশৰ উপস্থিতি