ETV Bharat / international

ভাৰতীয়-চীনা মূলৰ দম্পতীক বৰ্ণবাদী মন্তব্য কৰি বৰ্খাস্ত ছিংগাপুৰৰ প্ৰবক্তা - ভাৰতীয় চীনা মূলৰ দম্পতীক বৰ্ণবাদী মন্তব্য কৰি বৰ্খাস্ত ছিংগাপুৰৰ প্ৰবক্তা

ছিংগাপুৰৰ এখন পলিটেকনিকৰ বৰ্ণবাদী মন্তব্য কৰি বৰ্খাস্ত হ'ল এগৰাকী প্ৰবক্তা । ভাৰতীয়-চীনামূলৰ দম্পতীক অপমানসূচক মন্তব্য কৰিছিল প্ৰবক্তাগৰাকীয়ে ।

Singapore polytechnic
বৰ্ণবাদী মন্তব্য কৰি বৰ্খাস্ত ছিংগাপুৰৰ প্ৰবক্তা
author img

By

Published : Jun 17, 2021, 7:04 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,১৭ জুন: ভাৰতীয়-চীনা মূলৰ দম্পতীৰ বিৰুদ্ধে বৰ্ণবাদী মন্তব্য কৰি বৰ্খাস্ত ছিংগাপুৰৰ এখন পলিটেকনিকৰ এগৰাকী প্ৰবক্তা । এনজি এন পলিটেকনিক(NP) কতৃপক্ষৰ মতে গুৰুতৰ অসদাচৰণৰ বাবে জ্যেষ্ঠ প্ৰবক্তা টেন বুন লীক বৰ্খাস্ত কৰাৰ প্ৰক্ৰিয়া চলি আছে ।

বেলেগ বেলেগ বৰ্ণৰ এটা দম্পতীক বৰ্ণবাদী মন্তব্য কৰা প্ৰবক্তাগৰাকীৰ এটা ভিডিঅ' ৬ জুনত সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল । ভিডিঅ'টোত প্ৰবক্তা টেনক ডেভ পাৰ্কাশ নামৰ এজন লোকৰ সৈতে তৰ্ক কৰা দেখা গৈছিল । ভাৰতীয় ছোৱালীক বিয়া নকৰাৰ বাবে পাৰ্কাশক বৰ্ণবাদী বুলি অভিযোগ কৰিছিল টেনে ।

ইয়াৰ পিছতে ৯ জুনত পলিটেকনিকখনৰ প্ৰাক্তন ছাত্ৰ নুৰুল ফাতিমা ইস্কান্দৰে এটা ইনষ্টাগ্ৰাম পোষ্ট দিছিল য'ত অভিযোগ কৰা মতে টেনে ২০১৭ চনত এটা শ্ৰেণীত ইছলামোফোবিক মন্তব্য কৰিছিল । পলিটেকনিক কতৃপক্ষৰ মতে দুয়োটা ঘটনাৰ আভ্যন্তৰীণ অনুসন্ধান সম্পূৰ্ণ কৰাৰ পিছত টেনক বৰ্খাস্ত কৰাৰ সিদ্ধান্ত লোৱা হৈছে ।

স্কুল অফ ইঞ্জিনিয়াৰিঙৰ প্ৰবক্তা টেনৰ ওপৰত ইয়াৰ কৰ্মচাৰীৰ ক্ষেত্ৰত আচৰণ বিধি গুৰুতৰভাৱে উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে । ইফালে পলিটেকনিক কতৃপক্ষই এক বিবৃতিত উল্লেখ কৰা মতে তাৰ কৰ্মচাৰীসকলে সমাজৰ সাংস্কৃতিক, জাতিগত আৰু ধৰ্মীয় পাৰ্থক্যক সন্মান কৰিব বুলি আশা কৰা হৈছে । তেওঁলোকে সকলো সময়তে ধৰ্মনিৰপেক্ষতা আৰু নিৰপেক্ষতা বজাই ৰাখিব লাগিব ।

লগতে পঢ়ক:আমেৰিকাৰ বাল্টিম’ৰত গুলীচালনাত নিহত 1

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.