ETV Bharat / international

চৌদি ৰাজকুমাৰ মহম্মদ বীন ছলমানৰ কৰ'ণা প্ৰতিষেধক গ্ৰহণ

author img

By

Published : Dec 26, 2020, 3:31 PM IST

চৌদি আৰৱৰ ৰাজকুমাৰ মহম্মদ বীন ছলমানৰ কৰ'ণা প্ৰতিষেধক গ্ৰহণ । স্বাস্থ্যমন্ত্ৰী ড: তফিক অল-ৰবিয়াৰ প্ৰশংসা । চলিত মাহৰ আৰম্ভণিতে পিজফাৰ (Pzifer) আৰু বায়'এনটেক ( BioNTech)ৰ তৰফৰ পৰা চৌদি আৰৱলৈ প্ৰেৰণ কৰিছিল কৰ'ণা প্ৰতিষেধক ।

চৌদি ক্ৰাউন ৰাজকুমাৰ মহম্মদ বীন ছলমানৰ কৰ'ণা প্ৰতিষেধক গ্ৰহণ

ইন্টাৰনেশ্যনেল ডেস্ক, ২৬ ডিচেম্বৰ: বৰ্তমানো সমগ্ৰ বিশ্বত কমা নাই কৰ'ণাৰ প্ৰকোপ । এনে পৰিস্থিতিৰ মাজতে কৰ'ণা প্ৰতিষেধক প্ৰস্তুতকৰণৰ প্ৰক্ৰিয়া অব্যাহত আছে যদিও ইতিমধ্যে কোনো কোনো দেশত দিয়া হৈছে কৰ'ণা প্ৰতিষেধক । শুকুৰবাৰে চৌদি আৰৱৰ ৰাজকুমাৰ মহম্মদ বীন ছলমানে গ্ৰহণ কৰে কৰ'ণা প্ৰতিষেধক । ইয়াৰ পাচতে দেশখনৰ স্বাস্থ্যমন্ত্ৰী ড: তফিক অল-ৰবিয়াই ৰাজকুমাৰ মহম্মদ বীন ছলমানক প্ৰশংসা কৰি কয় যে মহম্মদ বীন ছলমানৰ এই কাৰ্যই সাধাৰণ নাগৰিককো উৎসাহ যোগাইছে ।

জানিব পৰা মতে, চলিত মাহৰ আৰম্ভণিতে পিজফাৰ (Pzifer) আৰু বায়'এনটেক ( BioNTech)ৰ তৰফৰ পৰা চৌদি আৰৱলৈ প্ৰেৰণ কৰিছিল কৰ'ণা প্ৰতিষেধক ।

দেশখনৰ স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি বৰ্তমানলৈ কৰ'ণাত আক্ৰান্তৰ সংখ্যা ৩,৬১,৯০৩ গৰাকীৰ বিপৰীতে সুস্থ হোৱা লোকৰ সংখ্যা ৩৫২,৮১৫ গৰাকী । ইফালে মৃত্যু হৈছে ৬,১৬৮ গৰাকী আক্ৰান্ত ।

উল্লেখযোগ্য যে আমেৰিকাৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি জ' বাইডেনেও চলিত সপ্তাহৰ পহিলা দিনটোতে গ্ৰহণ কৰিছিল কৰ'ণা প্ৰতিষেধক ।

লগতে পঢ়ক: ইউৰোপৰ 9 খন দেশত পুনৰ ক'ৰণাৰ আতংক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.