ETV Bharat / international

শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন : অভিলেখ সংখ্যক প্ৰাৰ্থীৰ প্ৰতিদ্বন্দিতা - 16 নৱেম্বৰত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰপতীয় নিৰ্বাচন

চলিত বৰ্ষৰ 16 নৱেম্বৰত অনুষ্ঠিত হ'বলগা শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে 35 গৰাকীকৈ প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে ৷ মনোনয়ন দাখিল কৰা সকলৰ ভিতৰত প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী গোটাবায়া ৰাজাপাকছাক ৰাষ্ট্ৰপতি পদৰ 'ফেভাৰেট' হিচাপে গণ্য কৰা হৈছে ৷

শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি মৈথৰিপালা ছিৰিসেনা
author img

By

Published : Oct 8, 2019, 3:18 PM IST

ইন্টাৰনেশ্বনেল ডেস্ক, 8 অক্টোবৰ : চলিত বৰ্ষৰ 16 নৱেম্বৰত অনুষ্ঠিত হ'বলগা শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে 35 গৰাকীকৈ প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে ৷ মনোনয়ন দাখিল কৰা সকলৰ ভিতৰত প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী গোটাবায়া ৰাজাপাকছাক ৰাষ্ট্ৰপতি পদৰ 'ফেভাৰেট' হিচাপে গণ্য কৰা হৈছে ৷

শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন
মৈথৰিপালা ছিৰিসেনা আৰু নৰেন্দ্ৰ মোডী

আনহাতে, শ্ৰীলংকাৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি মৈথৰিপালা ছিৰিসেনাই পুনৰবাৰ এই নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰাৰ পৰা বিৰত থাকে ৷ পূৰ্বৰ কাৰ্যকালতে প্ৰদান কৰা প্ৰতিজ্ঞাসমূহ ৰক্ষা কৰিবলৈ অসমৰ্থ হোৱাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰে মৈথৰিপালা ছিৰিসেনাই ৷

শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন
মৈথৰিপালা ছিৰিসেনা

উল্লেখ্য যে, বিভিন্ন ৰাজনৈতিক আৰু নিৰ্দলীয় দলৰ সৰ্বমুঠ 41 জন প্ৰাৰ্থীয়ে দেওবাৰে এই নিৰ্বাচনৰ বাবে নগদ ধনৰাশি জমা দিছিল ৷ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে নগদ ধনৰাশি জমা দিয়া এয়া ইতিহাসৰ সৰ্বাধিক সংখ্যক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাৰ্থী ৷ এই 41 জনৰ ভিতৰত 6 জনকৈ প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰাৰ পৰা বিৰত থাকে ৷ মনোনয়ন দাখিল কৰাৰ পৰা বিৰত থকাসকলৰ ভিতৰত অন্যতম আছিল শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি মৈথৰিপালা ছিৰিসেনা ৷

শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন
মৈথৰিপালা ছিৰিসেনা

আনহাতে, 1982 চনৰ পাছত এয়া প্ৰথমবাৰৰ বাবে কোনো দায়িত্ববাহী ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু বিৰোধী নেতাই প্ৰাৰ্থীত্ব প্ৰদানৰ পৰা বিৰত আছে ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.