ETV Bharat / international

ভাৰতৰ সৈতে আনুষ্ঠানিকভাৱে বাণিজ্যিক সম্পৰ্ক ছেদ পাকিস্তানৰ

author img

By

Published : Aug 10, 2019, 3:08 PM IST

ভাৰতৰ সৈতে আনুষ্ঠানিকভাৱে বাণিজ্যিক সম্পৰ্ক ছেদ কৰিছে পাকিস্তানে ৷ জম্মু - কাশ্মীৰৰ পৰা অনুচ্ছেদ 370 বাতিলকৰণৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰে চুবুৰীয়া দেশখনে ৷

ভাৰতৰ সৈতে আনুষ্ঠানিকভাৱে বাণিজ্যিক সম্পৰ্ক ছেদ পাকিস্তানৰ

ইন্টাৰনেশ্বনেল ডেস্ক, 10 আগষ্ট : পাকিস্তানে আনুষ্ঠানিকভাৱে ভাৰতৰ সৈতে বাণিজ্যিক সম্পৰ্ক ছেদ কৰিছে ৷ অনুচ্ছেদ 370 বাতিলকৰণৰ জৰিয়তে জম্মু - কাশ্মীৰৰ পৰা বিশেষ ৰাজ্যৰ মৰ্যাদা কাঢ়ি লোৱাৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰে চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানে ৷ ড'ন নামৰ বাতৰিকাকত খনে প্ৰকাশ কৰা তথ্য অনুসৰি, ৰাষ্ট্ৰীয় নিৰাপত্তা কমিটি আৰু সংসদৰ যুটীয়া সদনে গ্ৰহণ কৰা এই সিদ্ধান্তক পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ নেতৃত্বত ফেডাৰেল কেবিনেটে মঞ্জুৰ কৰে ৷

উল্লেখ্য যে, পুলৱামা আক্ৰমণৰ পাছতে দুই প্ৰতিবেশী ৰাষ্ট্ৰৰ বাণিজ্যিক সম্পৰ্কত প্ৰভাৱ পৰা আৰম্ভ হৈছিল আৰু ভাৰতে চুবুৰীয়া দেশখনক প্ৰতিবিধ সামগ্ৰীতে 200 শতাংশ সীমা শুল্ক বান্ধি দিছিল ৷ ইয়াৰ পাছতে পাকিস্তানৰ পৰা ভাৰতলৈ আমদানিকৃত সামগ্ৰীৰ ক্ষেত্ৰত এই বছৰৰ মাৰ্চ মাহ পৰ্যন্ত 2.84 মিলিয়ন আমেৰিকান ডলাৰলৈ হ্ৰাস পাইছিল ৷ কিন্তু যোৱা বছৰৰ মাৰ্চ মাহত এই মূল্য আছিল 34.61 মিলিয়ন আমেৰিকান ডলাৰ ৷ আনহাতে, 2018-19 ৰ জানুৱাৰী - মাৰ্চ মাহলৈ পাকিস্তানৰ পৰা আমদানীৰ পৰিমাণ 47 শতাংশলৈ হ্ৰাস পাইছিল ৷

ETV BHARAT ASSAM
ইমৰান খান

ICRIER(Indian Council for Research on International Economic Relations) য়ে প্ৰদান কৰা তথ্য অনুসৰি, বিত্তীয় বৰ্ষ 2018-19 ত ভাৰতৰ পৰা পাকিস্তানলৈ মুঠ 2 বিলিয়ন আমেৰিকান ডলাৰ মূল্যৰ ৰপ্তানি কৰা হৈছিল ৷ ৰপ্তানিকৃত সামগ্ৰীসমূহৰ ভিতৰত আছিল ৰাসায়নিক দ্ৰব্য আৰু বস্ত্ৰ সামগ্ৰী ৷ আনহাতে, আমদানীকৃত সামগ্ৰীৰ ভিতৰত আছিল খনিজাত সামগ্ৰী আৰু শাক - পাচলি ৷

উল্লেখ্য যে, সোমবাৰে অনুচ্ছেদ 370 বাতিলকৰণৰ জৰিয়তে জম্মু - কাশ্মীৰৰ পৰা বিশেষ ৰাজ্যৰ অধিকাৰ কাঢ়ি লোৱাৰ লগতে ৰাজ্যখনক দুখনকৈ কেন্দ্ৰীয় শাসিত অঞ্চলত বিভক্ত কৰা হ'ল ৷ ইয়াৰ পাছতে ক্ষুণ্ণ হৈ পৰা পাকিস্তানে ভাৰতৰ সৈতে সকলো সম্পৰ্ক ছেদ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু দুখনকৈ ৰেল সেৱা বাতিল কৰাৰ লগতে লাহোৰ - দিল্লী বাছ সেৱা বন্ধ ঘোষণা কৰিছিল ৷ ইয়াৰোপৰি, ভাৰতৰ সৈতে কূটনৈতিক সম্পৰ্ক ছেদ কৰি পাকিস্তানস্থিত ভাৰতৰ উচ্চায়ুক্ত অজয় বিচাৰীয়াক দেশখনৰ পৰা বিতাৰিত কৰিছিল ৷ ইমৰান খানৰ বিশেষ সহযোগী ফিৰদোছ আছিক আৱানে শুকুৰবাৰে সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি, পাক - আফগান চুক্তিৰ অধীনত ভাৰতীয় সামগ্ৰীৰ আমদানিও বাতিল কৰে দেশখনে ৷

উল্লেখ্য যে, বৰ্তমানলৈকে শক্তিশালী স্থিতিত থকা ভাৰতে জম্মু - কাশ্মীৰক ভাৰতৰ অভিন্ন অংগ হিচাপে ঘোষণা কৰাৰ লগতে এইয়া দেশৰ আভ্যন্তৰীণ বিষয় বুলি মন্তব্য কৰে ৷

Intro:Body:

body:

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.