ইন্টাৰনেশ্যনেল ডেস্ক, 23 অক্টোবৰ : ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ভাবুকি প্ৰদান কৰিবলৈ আত্মঘাতী পোছাক পৰিধান কৰি টুইটাৰ ব্যৱহাৰকাৰীৰ হাঁহিয়াতৰ পাত্ৰ হ'ল পাকিস্তানী গায়িকা ৰাবি পিৰজাদা ৷ গায়িকাগৰাকীৰ এই অদ্ভুত পদক্ষেপৰ পাচতে টুইটাৰ ব্যৱহাৰকাৰীয়ে বিভিন্ন মন্তব্যৰে গায়িকাগৰাকীক উপহাস কৰা দেখা গ'ল ৷ এটা আত্মঘাতী পোছাকত বিস্ফোৰক সামগ্ৰী ওলমাই পৰিধান কৰি টুইটাৰৰত পোষ্ট কৰা এখন ফ'টো প্ৰকাশ কৰিছিল ৰাবি পিৰজাদাই ৷
ইয়াৰ পাচতে ভাৰতীয় নাগৰিকে বিভিন্ন টুইট কৰাৰ লগতে উপহাস কৰা পৰিলক্ষিত হয় ৷ বহুলোকে আত্মঘাতী পোছাকযোৰক পাকিস্তানৰ ৰাষ্ট্ৰীয় পোছাক বুলি ইতিকিং কৰে ৷ এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে কয়,"পাকিস্তানৰ পৰম্পৰাগত পোছাকত আপোনাক বহুত ধুনীয়া লাগিছে ৷" আন এজনে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানক এই পোছাকযোৰক 'পাকিস্তানৰ ৰাষ্ট্ৰীয় পোছাক' হিচাপে স্বীকৃতি প্ৰদান কৰিবলৈ আহ্বান জনায় ৷
-
#ModiHitler i just wish huh 👀 #kashmirkibeti pic.twitter.com/tAtpMH6t1U
— Rabi Pirzada (@Rabipirzada) October 22, 2019 " class="align-text-top noRightClick twitterSection" data="
">#ModiHitler i just wish huh 👀 #kashmirkibeti pic.twitter.com/tAtpMH6t1U
— Rabi Pirzada (@Rabipirzada) October 22, 2019#ModiHitler i just wish huh 👀 #kashmirkibeti pic.twitter.com/tAtpMH6t1U
— Rabi Pirzada (@Rabipirzada) October 22, 2019
উল্লেখ্য যে,ভাৰত চৰকাৰে কাশ্মীৰৰ পৰা 370 অনুচ্ছেদ বাতিল কৰাৰ পাচতে এইগৰাকী গায়িকাই সাপ আৰু ঘঁৰিয়াল লৈ মোডীৰ ওপৰত আক্ৰমণ কৰাৰ এক ভিডিঅ' পোষ্ট কৰিছিল ৷ ইয়াৰ পাচতে ভাৰতীয়ই তেওঁক অনৰ্থক বুলি অভিহিত কৰাৰ লগতে বহুতে মানসিক বিকৃতি হোৱা বুলিও মন্তব্য কৰিছিল ৷
যোৱা মাহত পাঞ্জাৱ জীৱ-জন্তু সংৰক্ষণ বিভাগে অজগৰৰ লগতে সাপ আৰু ঘঁৰিয়াল ৰখাৰ বাবে তেওঁৰ বিৰুদ্ধে গোচৰ তৰিছিল ৷ লাহোৰৰ এখন আদালতেও এই সম্পৰ্কত ৰাবি পিৰজাদাৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰী কৰিছিল ৷