ETV Bharat / international

পাকিস্তানত সাংবাদিকক গুলীয়াই হত্যা - Executive Director Seemin Jamali

পাকিস্তানৰ জনপ্ৰিয় সংবাদ প্ৰতিষ্ঠান 'বোল নিউজ চেনেল' (Bol News channel)ৰ এগৰাকী ঘোষকক গুলীয়াই হত্যা ৷ মঙলবাৰে নিশাৰ ভাগত পাকিস্তানৰ কাৰাছী চহৰৰ খায়বান-ই-বুখাৰী অঞ্চলত সাংবাদিকজনক গুলীয়াই হত্যা কৰে অচিনাক্ত দুৰ্বৃত্তই ৷

পাকিস্তানী সাংবাদিক মুৰীদ আব্বাছ
author img

By

Published : Jul 10, 2019, 4:35 PM IST

নিউজ ডেস্ক, 10 জুলাইঃ পাকিস্তানৰ জনপ্ৰিয় সংবাদ প্ৰতিষ্ঠান 'বোল নিউজ চেনেল' (Bol News channel)ৰ ঘোষক তথা দেশখনৰ এগৰাকী আগশাৰীৰ সাংবাদিক মুৰীদ আব্বাছক গুলীয়াই হত্যা কৰে অচিনাক্ত দুৰ্বৃত্তই ৷ মঙলবাৰে নিশাৰ ভাগত পাকিস্তানৰ কাৰাছী চহৰৰ খায়বান-ই-বুখাৰী অঞ্চলত সংঘটিত ঘটনাত সাংবাদিকজন থিতাতে নিহত হোৱাৰ লগতে ঘোষকগৰাকীৰ বন্ধু খিজাৰ হায়াত নামৰ লোকজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷

ঘটনাৰ বিষয়ে প্ৰকাশ কৰিছে অতিৰিক্ত মহাপৰিদৰ্শক শ্বৰজিত খাৰালে ৷ আৰক্ষী বিষয়াগৰাকীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, কোনো ঘৰুৱা বিবাদৰ পৰিণতিতে এইদৰে সাংবাদিকগৰাকীক শূন্য দুৰত্বৰ পৰা গুলীয়াই হত্যা কৰা হয় ৷ ঘটনাৰ পিচতে সাংবাদিকগৰাকীক পাকিস্তানৰ জিন্না পষ্ট গ্ৰেজুৱেট মেডিকেল চেন্টাৰলৈ নিয়া হয় যদিও চিকিৎসালয়খনৰ কাৰ্যবাহী নিৰ্দেশক ডাঃ ছৈমিন জামালীয়ে তেওঁক মৃত ঘোষণা কৰে ৷ ঘটনাত তেওঁৰ বন্ধু খিজাৰ হায়াত নামৰ লোকজনৰ গাতো দুটাকৈ গুলী লাগে ৷ বৰ্তমান তেওঁ সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে ৷

ঘটনা সন্দৰ্ভত পাকিস্তান আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ৷

Intro:Body:

PAKISTHANI NEWS ANCHOR

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.