নিউজ ডেস্ক, 28 আগষ্টঃ জুন মাহৰ পৰা হংকঙত অব্যাহত থকা প্ৰতিবাদত 800ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰিছে চীন আৰক্ষীয়ে ৷ চীন দেশৰ আশ্ৰয় প্ৰত্যাৰ্পণ বিধেয়কৰ বিৰুদ্ধে বিগত জুন মাহৰ পৰাই এইদৰে প্ৰতিবাদ অব্যাহত ৰাখিছে হংকঙবাসীয়ে ৷
আনহাতে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে অব্যাহত ৰখা এই প্ৰতিবাদ ৰোধ কৰিবলৈ চীন দেশৰ আৰক্ষীয়ে বলপূৰ্বক শক্তি প্ৰয়োগ কৰি আহিছে ৷ বিগত সময়ছোৱাত প্ৰতিবাদকাৰীৰ ওপৰত গুলীচালনাকে ধৰি অন্যান্য সকলোধৰণৰ শক্তি প্ৰয়োগ কৰিছে চীনৰ আৰক্ষীয়ে ৷ শেহতীয়াকৈ মঙলবাৰেও আৰক্ষীয়ে বহুসংখ্যক প্ৰতিবাদকাৰীৰ ওপৰত জপিয়াই পৰাৰ লগতে ব্যাপক হাৰে লাঠীচালনা সংঘটিত কৰে ৷
বৰ্তমান সময়লৈকে প্ৰতিবাদ ৰোধ কৰিবলৈ আৰক্ষীয়ে 800ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰিছে ৷ চীনে জাপি দিব বিছৰা প্ৰত্যাৰ্পণ বিধেয়কৰ বিৰুদ্ধে এইদৰে গণতান্ত্ৰিক প্ৰতিবাদ অব্যাহত ৰাখিচে হংকঙবাসী ৰাইজে ৷