ইন্টাৰনেশ্যনেল ডেস্ক, ৩১ ডিচেম্বৰ: সংযুক্ত ৰাষ্ট্ৰ বল কোষ চমুকৈ ইউনিচেফে জনোৱা অনুসৰি ২০২১ চনত গণতান্ত্ৰিক দেশ কংগ, পূৰ্বোত্তৰ নাইজেৰিয়া, মধ্য় চাহেল, দক্ষিণ ছুডান আৰু য়েমেনৰ প্ৰায় ১০ মিলিয়নতকৈও অধিক শিশু পুষ্টিহীনতাত ভুগিব । ইউনিচেফৰ কাৰ্যবাহী পৰিচালক হেনৰিয়েটা ফৰে বুধবাৰে জনায় যে গভীৰ মানৱ সংকট, বিপদ, সংঘৰ্ষ, জলবায়ু পৰিৱৰ্তন, বিশ্বজুৰি কৰ'ণা মহামাৰী আৰু খাদ্যৰ সংকটত ভোগাৰ ফলত ২০২১ চনত এই সমূহ শিশুৱে পুষ্টিহীনতাত ভোগাৰ কথা বুধবাৰে প্ৰকাশ কৰে ইউনিচেফে । ইয়াৰ বাবে পৰিয়ালৰ লোকসকলে পূৰ্বৰে পৰা খোৱা-বোৱাৰ ক্ষেত্ৰত বিশেষ ধ্যান দিব লাগিব বুলি কয় ।
পুষ্টিহীনতা সাধাৰণতে জন্মৰ পূৰ্বেই আৰম্ভ হয় । এই প্ৰক্ৰিয়া বয়সন্ধি কালছোৱা প্ৰাপ্তবয়স্ক অৱস্থালৈ অব্যাহত থাকে আৰু ই প্ৰজন্মে প্ৰজন্মে অব্যাহত থাকে । ই সততে অপৰিৱৰ্তনীয় হয় ।
বিশ্বজুৰি কৰ'ণা মহামাৰীৰ সংকটৰ সময়ত ইউনিচেফে দুৰ্বল, পুষ্টিহীনতাত ভুগা শিশুৰ পৰিয়ালৰ জীৱন-যাপনত সহায় আগবঢ়াই আহিছে । আগন্তুক বৰ্ষত মানৱ সংকটৰ গৰাহৰ প্ৰভাৱত পৰা দেশৰ শিশুক পুষ্টিহীনতাৰ পৰা বচাবলৈ ইউনিচেফে ১ বিলিয়নতকৈ অধিক আবেদন কৰে ।
লগতে পঢ়ক: COVID-১৯ প্ৰতিষেধকৰ বাবে ১ জানুৱাৰীত বৈঠক চি ডি এচ চি অৰ