ETV Bharat / international

কৰ'ণা ভাইৰাছৰ প্ৰতিষেধক উদ্ভাৱন সম্পৰ্কত নিশ্চিতি দিব নোৱাৰি : WHOৰ প্ৰতিনিধি - কৰ'ণা ভাইৰাছৰ প্ৰতিষেধক উদ্ভাৱন সম্পৰ্কত গেৰান্টি দিব নোৱাৰি

COVID-19 ৰ প্ৰতিষেধক উদ্ভাৱন সম্পৰ্কত অনিশ্চয়তা প্ৰকাশ কৰে WHO ৰ বিশেষ প্ৰতিনিধি ডেভিদ নবাৰোয়ে ৷ বৰ্তমান এই সম্পৰ্কত কোনো নিশ্চিতি দিব পৰা নাযায় বুলি জনায় নবাৰোয়ে ৷

বিশ্ব স্বাস্থ্য সংস্থা
কৰ'ণা ভাইৰাছৰ প্ৰতিষেধক উদ্ভাৱন সম্পৰ্কত গেৰান্টি দিব নোৱাৰি
author img

By

Published : Apr 19, 2020, 6:00 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 19 এপ্ৰিল : বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO) বিশেষ প্ৰতিনিধি ডেভিদ নবাৰোয়ে সকিয়াই দিছে যে,অহা কিছু মাহত কৰ'ণা ভাইৰাছৰ প্ৰতিষেধক সফলতাৰে উদ্ভাৱন কৰিব পৰা যাব নে তাক লৈ কোনো নিশ্চিতি দিব নোৱাৰি ৷

বিশ্বৰ আগশাৰীৰ বিশেষজ্ঞ নবাৰোয়ে লগতে কয় যে,কৰ'ণা ভাইৰাছ আতংকৰ মাজতে মানুহে জীয়াই থাকিব লাগিব আৰু যিহেতু প্ৰতিষেধক কেতিয়া উদ্ভাৱন হ'ব সেই সম্পৰ্কত নিশ্চিতি দিব পৰা নাযায় সেয়েহে সকলোৱে সংগ্ৰাম কৰিব লাগিব ৷

The Observer ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ডেভিদ নবাৰোয়ে কয় যে,সকলোৱে এতিয়াই ভাবি লোৱা অনুচিত যে,প্ৰতিষেধক উদ্ভাৱন হ'ব ৷ সকলোৱে বৰ্তমানৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ শিকিব লাগিব ৷

"প্ৰতিটো ভাইৰাছৰ বিৰুদ্ধে সুৰক্ষিত আৰু প্ৰভাৱী হ'ব পৰা কোনো এটা নিৰ্দিষ্ট প্ৰতিষেধক নাথাকে ৷ প্ৰতিষেধক উদ্ভাৱনৰ ক্ষেত্ৰত কিছুমান ভাইৰাছ বহু ভয়ংকৰ" - তেওঁ কয় ৷

"সেয়েহে কৰ'ণা ভাইৰাছৰ লক্ষণ দেখুৱাসকল আৰু তেওঁলোকৰ সংস্পৰ্শলৈ অহাসকলক আইচ'লেশ্যনত ৰখা উচিত ৷ বয়ষষ্ঠ লোকসকলক সুৰক্ষিত কৰি ৰাখক ৷ এই ৰোগৰ বিৰুদ্ধে যুঁজিবৰ বাবে হাস্পতালৰ সক্ষমতা সম্পৰ্কতো ধ্যান দিয়ক ৷ এনে কৰিলেহে পৰিস্থিতি সাধাৰণ অৱস্থালৈ ঘূৰি আহিব" - নবাৰোয়ে কয় ৷

COVID-19ৰ প্ৰায় 44 টা প্ৰতিষেধকৰ প্ৰস্তুতিৰ কাম বৰ্তমান চলি আছে আৰু ইয়াৰ বাবে 12-18 মাহ সময়ৰ প্ৰয়োজন হ'ব বুলি মন্তব্য কৰিছে গৱেষক তথা বৈজ্ঞানিকসকলে ৷ WHOৰ মতে,42 টা প্ৰতিষেধক Pre-clinical stage ত থকাৰ পৰিৱৰ্তে 2 টা প্ৰথম পৰ্যায়ত প্ৰৱেশ কৰিছে ৷ প্ৰথম পৰ্যায়ত প্ৰৱেশ কৰা এই প্ৰতিষেধক দুটা Biological Inc. and Beijing Institute of Biotechnology আৰু আমেৰিকাৰ Moderna/the National Institute of Allergy and Infectious Disease (NIAID) য়ে প্ৰস্তুত কৰি আছে ৷

Sanofi and GlaxoSmithKline(GSK)য়েও COVID-19 ৰ প্ৰতিষেধক উদ্ভাৱন আৰু কামৰ গতি খৰটকীয়া কৰিবৰ বাবে সহায়ৰ হাত আগবঢ়াইছে ৷

এই প্ৰতিষেধকসমূহৰ ক্লিনিকেল পৰীক্ষণ 2020ৰ দ্বিতীয় ভাগত আৰম্ভ হোৱাৰ লগতে সফলতা লাভ কৰিলে 2021ৰ দ্বিতীয় ভাগৰ পৰা ব্যৱহাৰ কৰিব পৰা যাব বুলি জানিবলৈ দিয়া হৈছে ৷

উল্লেখ্য যে,দেওবাৰৰ পুৱাৰ ভাগলৈকে বিশ্বজুৰি কৰ'ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা 23,29,651 হোৱাৰ লগতে মৃত্যু হৈছে 1,60,721 জনৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.