ETV Bharat / international

কিম জঙৰ মৃত্যু হোৱাটো 99% নিশ্চিত !! - কিম জঙৰ ভগ্নী কিম য়ু জং

কিম জং ওনৰ মৃত্যু 99% নিশ্চিত বুলি মন্তব্য কৰিছে উত্তৰ কোৰিয়াৰ দলত্যাগী নেতা জি ছিয়ং হুয়ে ৷ কিমৰ স্থানত ভগ্নী কিম য়ু জং নতুন নেতা হিচাপে অধিষ্ঠিত হ'ব বুলিও হুয়ে মন্তব্য় কৰে ৷

উত্তৰ কোৰিয়াৰ নেতা
কিম জং ওন
author img

By

Published : May 1, 2020, 7:56 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 1 মে' : উত্তৰ কোৰিয়াৰ দলত্যাগী নেতা তথা বৰ্তমান দক্ষিণ কোৰিয়াৰ এগৰাকী ৰাজনৈতিক নেতাই শুকুৰবাৰে দাবী কৰিছে যে, উত্তৰ কোৰিয়াৰ নেতা কিম জং ওনৰ মৃত্যু হোৱাটো 99% নিশ্চিত ৷ উল্লেখ্য যে, উত্তৰ কোৰিয়াৰ নেতা কিম জং ওনৰ স্বাস্থ্যৰ অৱনতিৰ পাচতে অস্ত্ৰোপচাৰ কৰাৰ ফলত তেওঁৰ মৃত্যু হোৱা বুলি বাতৰি প্ৰকাশ পাই আহিছে ৷ প্ৰায় 3 সপ্তাহ ধৰি কিম জঙে কোনো ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ নকৰা বাবে তেওঁৰ মৃত্যু হোৱা বুলি চৰ্চা লাভ কৰি আহিছে ৷

"15 এপ্ৰিলত এটা ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ দায়িত্ব লাভ কৰা জি ছিয়ং হুয়ে মন্তব্য কৰে, কাৰ্ডিঅ'ভেস্কুলাৰ অস্ত্ৰোপচাৰ সম্পন্ন হোৱাৰ পাচত তেওঁ ইমান দিন কিদৰে জীৱিত আছে সেয়া চিন্তাৰ বিষয় ৷ মই লাভ কৰা তথ্য় অনুসৰি, কিমৰ যোৱা সপ্তাহত মৃত্যু হৈছে ৷" য়োনহাপ নিউজ এজেন্সীক প্ৰদান কৰা এই তথ্যত জি ছিয়ং হুৱে লগতে কয় যে, উত্তৰ কোৰিয়াই কিমৰ মৃত্যুৰ ঘোষণা এই সপ্তাহৰ অন্তত কৰিব ৷

"এয়া 100 শতাংশ খাটাং নহ'লেও 99 শতাংশ সম্ভাৱনীয়তা আছে ৷ এজন যোগ্য উত্তৰাধিকাৰীৰ সন্ধানত উত্তৰ কোৰিয়া ব্যস্ত আছে" - তেওঁ কয় ৷ এই তথ্য় তেওঁ কোন সূত্ৰৰ পৰা লাভ কৰিছে এই সম্পৰ্কত হুয়ে কোনো মন্তব্য কৰাৰ পৰা বিৰত থাকে ৷

হুয়ে লগতে সম্ভাৱনা ব্যক্ত কৰে যে, কিম জঙৰ ভগ্নী কিম য়ু জঙে উত্তৰ কোৰিয়াৰ নতুন নেতা হিচাপে গাদী দখল কৰিব পাৰে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.