নিউজ ডেস্ক, 13 আগষ্ট : কৰ‘ণা মহামাৰীৰ ফলত দেখা দিয়া আৰ্থিক সংকটৰ পাছতো নেপালত 2020-21 বিত্তীয় বৰ্ষত নেপালত দুইলাখ বিদেশী পৰ্যটকৰ আগমনৰ আশা কৰিছে নেপাল পৰ্যটন ব'ৰ্ডে ৷
এন টি বিৰ বৰ্তমান বিত্তীয় বৰ্ষ জুলাই 2021 ৰ মধ্য ভাগত সমাপ্ত হ‘ব ৷ ভাৰত আৰু নেপালৰ মাজৰ সংঘাতৰ পাছতো হিমালয়ান ৰাষ্ট্ৰৰ বিতৰ্কিত মানচিত্ৰত ভাৰতৰ লিপুলেখ, কালাপানী আৰু লিম্পাধুৰাৰ ভাৰতীয় অঞ্চলকো সামৰি লৈছে ৷
নেপাল পৰ্যটন ব'ৰ্ডৰ এজন সদস্য দীপক মহতে কয় যে, "চলিত বছৰৰ বিত্তীয় বৰ্ষত আমাৰ হাতত এতিয়াও 10 মাহ আছে আৰু বিমান সেৱা হয়তো চেপ্টেম্বৰৰ আগত আৰম্ভ নহয় ৷ এই সময়ছোৱাত 2 লাখতকৈ বেছি বিদেশী পৰ্যটকৰ নেপাললৈ আগমনৰ আশা কৰিছো ৷ আমি আমাৰ নিৰ্ধাৰিত লক্ষ্য সম্পূৰ্ণ কৰিবলৈ পৰিকল্পনা সাজু কৰিছো ৷"
উল্লেখ্য যে, 2019 ত নেপালত মুঠ 1.17 মিলিয়ন বিদেশী পৰ্যটকৰ আগমন হৈছিল ৷ যিটো নেকি 2018 ত কিছু কম 1.52 আছিল ৷ 209,611 ভাৰতীয়ই হিমালয়ান ৰাষ্ট্ৰখন ভ্ৰমণ কৰে ৷ তদুপৰি মুঠ 169,543 গৰাকী চীনা পৰ্যটকে নেপাল ভ্ৰমণ কৰে ৷
নেপাল ভ্ৰমণত যোৱা ভাৰতীয় সকলৰ ভিতৰত অধিকাংশই লুম্বনী, পোখৰা আৰু অন্য ধৰ্মীয় তীৰ্থস্থান সমূহ যাত্ৰা কৰে ৷
লগতে পঢ়ক :"বয়কট ছড়ক-2" ট্ৰেণ্ড, ডিচলাইকৰ জৰিয়তে ঘৃণাৰ ৰেকৰ্ড !