ETV Bharat / international

Earthquake hit Fiji island : ৫.৭ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ'ল ফিজি দ্বীপ

author img

By

Published : Dec 18, 2021, 12:20 PM IST

ফিজি দ্বীপত পুনৰ ভূমিকম্পৰ জোকাৰণি (Earthquake hit Fiji island) । ক্ষয়-ক্ষতিৰ তথ্য এতিয়ালৈ জানিব পৰা হোৱা নাই । চুনামিৰ সতৰ্কতা জাৰি কৰা নাই প্ৰশাসনে ।

Earthquake hit Fiji island
৫.৭ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ'ল ফিজি দ্বীপ

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৮ ডিচেম্বৰ : ফিজি দ্বীপত অনুভূত হৈছে ভূঁইকঁপৰ জোকাৰণি (Earthquake hit Fiji island) । শুকুৰবাৰে ৫.৭ প্ৰাবল্যৰ ভূমিকম্পই কঁপাই গ'ল ফিজি দ্বীপৰ বিভিন্ন অঞ্চল । আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূ-তাত্বিক বিভাগে (US Geological Survey) জনোৱা মতে ওভালৌ দ্বীপৰ লেভুকা চহৰৰ পৰা ২৩১ কিল’মিটাৰৰ পূৱত ইয়াৰ উৎপত্তিস্থল ।

অৱশ্যে ভূমিকম্পৰ ফলত হোৱা ক্ষতিৰ বিষয়ে এতিয়ালৈ কোনো তথ্য লাভ কৰা হোৱা নাই । আনহাতে চুনামিৰো সতৰ্কতা জাৰি কৰা হোৱা নাই ।

উল্লেখ্য যে ফিজি হৈছে ভূমিকম্প প্ৰৱণ অঞ্চল (Fiji is located in a seismically active zone)। যাৰ বাবে ইয়াক ৰিং অৱ ফায়াৰ বুলিও জনা যায় ৷ প্ৰায়ে এই দ্বীপত শক্তিশালী ভূমিকম্প হোৱা দেখা যায় ।

লগতে পঢ়ক : Earthquake hits Indonesia : ৭.৬ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ'ল ইণ্ডোনেছিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.