ETV Bharat / international

শাৰীৰিক অসুস্থতাৰ বাবে পদত্যাগ কৰিব বিচাৰিছে জাপানৰ প্ৰধানমন্ত্ৰীয়ে

জাপানৰ প্ৰধানমন্ত্ৰী ছিঞ্জ' আবেয়ে শাৰীৰিক অসুস্থতাৰ বাবে প্ৰধানমন্ত্ৰী পদৰ পৰা অব্যাহতি লোবাৰ সিদ্ধান্ত লৈছে। ২০১২চনৰ শেষৰ ফালে দ্বিতীয়টো কাৰ্যকালৰ আৰম্ভণি কৰা ছিঞ্জ'য়ে তেওঁৰ কাৰ্যকালত ২,৭৯৯ দিন কাৰ্যালয়ত উপস্থিত থাকি সেৱা আগবঢ়ায়।

author img

By

Published : Aug 28, 2020, 3:08 PM IST

শাৰীৰিক অসুস্থতাৰ বাবে পদত্যাগ কৰিব বিচাৰিছে জাপানৰ প্ৰধানমন্ত্ৰীয়ে
শাৰীৰিক অসুস্থতাৰ বাবে পদত্যাগ কৰিব বিচাৰিছে জাপানৰ প্ৰধানমন্ত্ৰীয়ে

ইণ্টাৰনেশ্যনেল ডেস্ক,২৮ আগষ্ট: শাৰীৰিক অসুস্থতাৰ বাবে পদত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰিছে জাপানৰ প্ৰধানমন্ত্ৰী ছিঞ্জ' আবেয়ে। পাব্লিক ব্ৰডকাষ্টাৰ এন এইচ কেয়ে প্ৰকাশ কৰা তথ্য অনুসৰি শুক্ৰবাৰে পদত্যাগৰ কথা মুকলিকৈ ঘোষণা কৰাৰ কথা চিন্তা কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। ২০১২ চনৰ শেষৰ ফালে দ্বিতীয়টো কাৰ্যকালৰ আৰম্ভণি কৰা ছিঞ্জ'য়ে তেওঁৰ কাৰ্যকালত ২,৭৯৯ দিন কাৰ্যালয়ত উপস্থিত থাকি সেৱা আগবঢ়ায়।

প্ৰধানমন্ত্ৰী ছিঞ্জ' আবেৰ খুড়াক ইশ্বাকু সাত'য়ে ১৯৬৪ চনৰ পৰা ১৯৭২ চনলৈকে তেওঁৰ কাৰ্যকালত ২,৭৯৮ দিন কাৰ্যালয়ত উপস্থিত থাকি অভিলেখ ৰচিছিল। প্ৰধানমন্ত্ৰী ছিঞ্জ' আবেয়ে খুড়াকতকৈও অধিক দিন কাৰ্যালয়ত উপস্থিত থাকি নতন অভিলেখ ৰচিছে। এসপ্তাহৰ ব্যৱধানত প্ৰধানমন্ত্ৰীগৰাকী দুবাৰকৈ চিকিৎসাধীন হোৱাৰ পিছতে প্ৰধানমন্ত্ৰী পদৰ পৰা অব্যাহতি ল'ব বিচাৰিছে। কাৰ্যালয়ত আটাইতকৈ বেছি দিন সেৱা আগবঢ়োৱা নেতা হিচাপে সোমবাৰে স্বীকৃতি পাইছিল প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু একেটা দিনতে শাৰীৰিক অসুস্থতাৰ বাবে চিকিৎসালয়তো চিকিৎসাধীন হ'বলগীয়া হৈছিল। অহা মাহত ৬৬ বছৰ সম্পূৰ্ণ হ'ব বৰ্ষীয়ান নেতাগৰাকী। ১৩বছৰ পূৰ্বে স্বাস্থ্যজনিত কাৰণত অকস্মাৎ তেওঁৰ প্ৰথম কাৰ্যকালৰ অন্ত পৰিছিল।

লগতে পঢ়ক: চীনে বিবাদিত সামুদ্ৰিক অঞ্চলত নিক্ষেপ কৰিলে 'কেৰিয়াৰ মিছাইল' !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.