ETV Bharat / international

শান্তিৰ নবেল, 2021 ৰ বাবে মনোনীত ইজৰাইলৰ প্ৰধানমন্ত্ৰী আৰু আবুধাবিৰ প্ৰিন্স - আবু ধাবিৰ প্ৰিন্স মহম্মদ বিন জায়েদ অল নাহয়ান

শান্তিৰ নবেল, 2021 ৰ বাবে মনোনয়ন লাভ কৰিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী আৰু আবুধাবিৰ প্ৰিন্সে ৷ দুয়ো দেশৰ কূটনৈতিক সম্পৰ্ক স্থাপনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা বাবে দুয়োয়ে লাভ কৰিছে মনোনয়ন ৷

2021 Nobel Peace Prize
ইজৰাইলৰ প্ৰধানমন্ত্ৰী, আবুধাবিৰ প্ৰিন্স
author img

By

Published : Nov 25, 2020, 8:58 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 25 নৱেম্বৰ : ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানয়াহু আৰু আবু ধাবিৰ প্ৰিন্স মহম্মদ বিন জায়েদ অল নাহয়ানক অহা বছৰৰ শান্তিৰ নবেল পুৰস্কাৰৰ বাবে মনোনীত কৰা হৈছে ৷ ইজৰাইলৰ চৰকাৰী কাৰ্যালয়ৰ পৰা জানিবলৈ দিয়া অনুসৰি, দুয়ো দেশৰ কূটনৈতিক সম্পৰ্ক স্থাপনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা বাবে তেওঁলোকক এই পুৰস্কাৰৰ বাবে মনোনীত কৰা হৈছে ৷

স্পুটনিকৰ মতে, উত্তৰ আয়াৰলেণ্ডৰ সংঘৰ্ষৰ শান্তিপূৰ্ণ সমাধানত বিশেষ ভূমিকা গ্ৰহণ কৰি 1998 চনত শান্তিৰ নবেল লাভ কৰিছিল উত্তৰ আয়াৰলেণ্ডৰ প্ৰাক্তন মন্ত্ৰী ত্ৰিম্বলেই ৷ নেতানয়াহু আৰু অল নাহয়ানৰ প্ৰাৰ্থীত্বৰ পৰ্যালোচনা কৰিব নবেল পুৰস্কাৰ সমিতিয়ে ৷

15 ছেপ্তেম্বৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে ইজৰাইল, বাহৰেইন আৰু আৰৱ গণৰাজ্যৰ মাজত শান্তি চুক্তিৰ ভেঁটি গঢ়িবৰ বাবে হোৱাইট হাউছত এক অনুষ্ঠানৰ সভাপতিত্ব কৰিছিল ৷ দুই উপসাগৰীয় দেশ, বাহৰেইন আৰু আৰৱ গণৰাজ্যই স্বাক্ষৰিত কৰা আব্ৰাহাম চুক্তি অনুসৰি, একমাত্ৰ আৰৱ ৰাষ্ট্ৰ হিচাপে ইজিপ্ত আৰু জৰ্ডানে ইজৰাইলৰ সৈতে সম্পৰ্ক স্থাপন কৰিছে ৷

ইজৰাইলী প্ৰধানমন্ত্ৰী নেতানয়াহু, বাহৰেইনৰ বৈদেশিক মন্ত্ৰী আব্দুল্লা বিন ৰছিদ অল জায়ানী আৰু প্ৰিন্স নাহয়ানে আব্ৰাহাম চুক্তি স্বাক্ষৰ কৰাৰ পাচত ট্ৰাম্পে অন্যান্য আৰৱ আৰু মুছলিম ৰাষ্ট্ৰসমূহক আৰৱ গণৰাজ্যৰ পদাংক অনুসৰণ কৰিবলৈ আহ্বান জনাইছিল ৷

এই দুই ৰাষ্ট্ৰৰ মুৰব্বীসকলৰ সৈতে 2021 চনৰ শান্তিৰ নবেলৰ বাবে ছেপ্তেম্বৰত ট্ৰাম্পক মনোনয়ন দিয়াৰ কথাও ঘোষণা কৰা হৈছিল ৷ ইজৰাইল আৰু আৰৱ গণৰাজ্যৰ মাজত শান্তিৰ সৃষ্টি কৰাৰ প্ৰয়াসৰ বাবে তেওঁ লাভ কৰিছিল এই মনোনয়ন ৷ নৰৱে' সংসদৰ সদস্য ক্ৰিষ্টিয়ান তাইব্ৰিং জেডেই এই মনোনয়ন দিছিল আৰু ভাৰত-পাকিস্তান সীমান্তৰ বিবাদ নিষ্পত্তি কৰাৰ ক্ষেত্ৰতো তেওঁৰ অৱদানৰ কথা উল্লেখ কৰিছিল ৷

লগতে পঢ়ক : দৈনিক সংবাদমেল সম্বোধন কৰিবলৈ অনুমতি পালে ৰাষ্ট্ৰপতি জ’ বিডেনে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.