ETV Bharat / international

আমেৰিকান সেনাৰ হাতত নিধন আইছিছৰ প্ৰধান বাগদাদি - আমেৰিকাই নিধন কৰিলে আইছিছ নিউজ

ছিৰিয়া আৰু তুৰ্কীৰ মাজৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰাৰ সময়তে আমেৰিকাৰ হাতত নিধন আইছিছৰ নেতা আবু বাকৰ অল-বাগদাদি ৷ আমেৰিকান সেনাৰ বিশেষ বাহিনীয়ে উত্তৰ-পশ্চিম ছিৰিয়াত নিধন কৰিবলৈ সক্ষম হৈছে আইছিছৰ মুৰব্বীগৰাকীক ৷

নিধন আইছিছৰ প্ৰধান বাঘদাদি
author img

By

Published : Oct 27, 2019, 2:51 PM IST

Updated : Oct 27, 2019, 5:58 PM IST

নিউজ ডেস্ক, 27 অক্টোবৰঃ বিশ্বত্ৰাস আইছিছৰ মুৰব্বী আবু বাকৰ অল-বাগদাদিক নিধন কৰিবলৈ সক্ষম হৈছে আমেৰিকান সেনাবাহিনীয়ে ৷ আমেৰিকান সেনাৰ বিশেষ বাহিনীয়ে উত্তৰ-পশ্চিম ছিৰিয়াত শনিবাৰে নিধন কৰে বাগদাদিক ৷

লগতে পঢ়কঃ NAM সন্মিলন : পাকিস্তানক সন্ত্ৰাসবাদৰ 'মূল কেন্দ্ৰ' আখ্যা ভাৰতৰ

সংবাদ প্ৰতিষ্ঠান CNNত প্ৰকাশ পাইছে এই বাতৰি ৷ সংবাদ প্ৰতিষ্ঠানটোৱে আমেৰিকান সেনাবাহিনীৰ বিশেষ বাহিনীৰ এগৰাকী শীৰ্ষ বিষয়াৰ উদ্ধৃতিৰে বাতৰিটো প্ৰকাশ কৰিছে ৷ সংবাদ প্ৰতিষ্ঠানটোৱে আমেৰিকান সেনাবাহিনীৰ অভিযানৰ সময়তে এটা আত্মঘাতী পোচাক (suicide vest) বিস্ফোৰণ ঘটায় বুলি বাতৰি প্ৰকাশ কৰিছে ৷ ঘটনাৰ সম্পূৰ্ণ বিৱৰণ দিবলৈ বাকী আছে যদিও জৈৱিক আৰু ডিএনএ' পৰীক্ষা সম্পন্ন ইতিমধ্যে সম্পন্ন কৰিছে আমেৰিকান সেনাবাহিনীয়ে ৷ সমান্তৰালভাৱে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে "Something very big has just happened!" বুলি ঘটনা সন্দৰ্ভত পৰোক্ষভাৱে এটা টুইট কৰিছে ৷

  • Something very big has just happened!

    — Donald J. Trump (@realDonaldTrump) October 27, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

লগতে পঢ়কঃ কেতিয়ালৈ সলনি হ'ব পাকিস্তানৰ চৰিত্ৰ ?

হোৱাইট হাউচৰ উপ-প্ৰেছ ছেক্ৰেটাৰী হ'গান গিডলিয়ে ঘটনা সন্দৰ্ভত ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে দেওবাৰে ঘোষণা কৰিব বুলি প্ৰকাশ কৰিছে ৷ আমেৰিকান সেনাবাহিনীৰ সমগ্ৰ অভিযানটো চোৰাংচোৱা সংস্থা চিআইএ (CIA)ৰ সহযোগত সম্পন্ন হয় ৷ উল্লেখ্য যে, আইছিছৰ স্বয়ম্ভু কালিফ (Caliph) গৰাকীয়ে 2014 চনৰ জুলাইত মচুলৰ অল-নুৰি মছজিদত মাত্ৰ এবাৰেই ৰাজহুৱাভাৱে আত্মপ্ৰকাশ কৰিছিল ৷ তেতিয়াই ইৰাক আৰু ছিৰিয়াত আইছিছৰ জন্ম হোৱা কথাটো ভিডিঅ' টেপযোগে প্ৰকাশ কৰিছিল বাগদাদিয়ে ৷ 2017 চনৰ জুনত ইৰাকী সেনাবাহিনীয়ে উক্ত মছজিদটো নিজৰ দখললৈ আনিবলৈ সক্ষম হৈছিল ৷

Intro:Body:

আমেৰিকান সেনাৰ হাতত নিধন আইছিছৰ প্ৰধান বাঘদাদি 

ছিৰিয়া আৰু তুৰ্কীৰ মাজৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰাৰ সময়তে আমেৰিকাৰ হাতত নিধন আইছিছৰ নেতা আবু বাকৰ অল-বাঘদাদি ৷ আমেৰিকান সেনাৰ বিশেষ বাহিনীয়ে উত্তৰ-পশ্চিম ছিৰিয়াত নিধন কৰিবলৈ সক্ষম হৈছে আইছিছৰ মুৰব্বীগৰাকীক ৷ 

নিউজ ডেস্ক, 27 অক্টোবৰঃ বিশ্বত্ৰাস আইছিছৰ মুৰব্বী আবু বাকৰ অল-বাঘদাদিক নিধন কৰিবলৈ সক্ষম হৈছে আমেৰিকান সেনাবাহিনীয়ে ৷ আমেৰিকান সেনাৰ বিশেষ বাহিনীয়ে উত্তৰ-পশ্চিম ছিৰিয়াত শনিবাৰে নিধন কৰে বাঘদাদিক ৷ 

সংবাদ প্ৰতিষ্ঠান CNNত প্ৰকাশ পাইছে এই বাতৰি ৷ সংবাদ প্ৰতিষ্ঠানটোৱে আমেৰিকান সেনাবাহিনীৰ বিশেষ বাহিনীৰ এগৰাকী শীৰ্ষ বিষয়াৰ উদ্ধৃতিৰে বাতৰিটো প্ৰকাশ কৰিছে ৷ সংবাদ প্ৰতিষ্ঠানটোৱে আমেৰিকান সেনাবাহিনীৰ অভিযানৰ সময়তে এটা আত্মঘাতী পোচাক (suicide vest) বিস্ফোৰণ ঘটায় বুলি বাতৰি প্ৰকাশ কৰিছে ৷ ঘটনাৰ সম্পূৰ্ণ বিৱৰণ দিবলৈ বাকী আছে যদিও জৈৱিক আৰু ডিএনএ' পৰীক্ষা সম্পন্ন ইতিমধ্যে সম্পন্ন কৰিছে আমেৰিকান সেনাবাহিনীয়ে ৷ সমান্তৰালভাৱে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে "Something very big has just happened!" বুলি ঘটনা সন্দৰ্ভত পৰোক্ষভাৱে এটা টুইট কৰিছে ৷

হোৱাইট হাউচৰ উপ-প্ৰেছ ছেক্ৰেটাৰী হ'গান গিডলিয়ে ঘটনা সন্দৰ্ভত ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে দেওবাৰে ঘোষণা কৰিব বুলি প্ৰকাশ কৰিছে ৷ আমেৰিকান সেনাবাহিনীৰ সমগ্ৰ অভিযানটো চোৰাংচোৱা সংস্থা চিআইএ (CIA)ৰ সহযোগত সম্পন্ন হয় ৷ উল্লেখ্য যে, আইছিছৰ স্বয়ম্ভু কালিফ (Caliph) গৰাকীয়ে 2014 চনৰ জুলাইত মচুলৰ অল-নুৰি মছজিদত মাত্ৰ এবাৰেই ৰাজহুৱাভাৱে আত্মপ্ৰকাশ কৰিছিল ৷ তেতিয়াই ইৰাক আৰু ছিৰিয়াত আইছিছৰ জন্ম হোৱা কথাটো ভিডিঅ' টেপযোগে প্ৰকাশ কৰিছিল বাঘদাদিয়ে ৷ 2017 চনৰ জুনত ইৰাকী সেনাবাহিনীয়ে উক্ত মছজিদটো নিজৰ দখললৈ আনিবলৈ সক্ষম হৈছিল ৷

Conclusion:
Last Updated : Oct 27, 2019, 5:58 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.