ETV Bharat / international

অব্যাহত আছে ইণ্ডোনেছিয়াৰ সন্ধানহীন চাবমেৰিনৰ উদ্ধাৰ অভিযান - KRI Nanggala 402 submarine missing

ইণ্ডোনেছিয়াত সন্ধানহীন চাবমেৰিনৰ সন্ধানত বিভিন্ন ধৰণৰ অভিযান অব্যাহত ৰাখিছে নৌসেনাই । শনিবাৰে নৌসেনাই সদৰি কৰা মতে চাবমেৰিনৰ কিছু অংশ উদ্ধাৰ হৈছে । আশংকা কৰা হৈছে যে ৫৩ গৰাকী ক্ৰুৰ সৈতে জাহাজখন ডুবি গৈছে । জাৰ্মান নিৰ্মিত ডিজেল চালিত কেআৰআই নাংগালা ৪০২, ১৯৮১ চনৰ পৰা ইণ্ডোনেছিয়াত সেৱাত নিয়োজিত আছিল ।

অব্যাহত আছে ইণ্ডোনেছিয়াৰ সন্ধানহীন চাবমেৰিনৰ উদ্ধাৰ অভিযান

author img

By

Published : Apr 24, 2021, 7:13 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,২৪ এপ্ৰিল: ইণ্ডোনেছিয়াত সন্ধানহীন কেআৰআই নাংগালা ৪০২ চাবমেৰিন । ইতিমধ্যে চাবমেৰিনৰ সন্ধানত বিভিন্ন ধৰণৰ অভিযান অব্যাহত ৰাখিছে নৌসেনাই । শনিবাৰে নৌসেনাই সদৰি কৰা মতে চাবমেৰিনৰ কিছু অংশ উদ্ধাৰ হৈছে । আশংকা কৰা হৈছে যে ৫৩ গৰাকী ক্ৰুৰ সৈতে জাহাজখন ডুবি গৈছে ।

নৌসেনা প্ৰধান য়ুডো মাৰ্গোনোৱে কোৱা মতে উদ্ধাৰকাৰীসকলে কেআৰআই নাংগালা ৪০২-ৰ পৰা কিছুমান সামগ্ৰী যেনে টৰ্পেডো ষ্ট্ৰেটনাৰৰ কিছু অংশ, পেৰিস্কোপৰ অংশ উদ্ধাৰ কৰিছে । সংবাদমেলযোগে সামগ্ৰীবোৰ প্ৰদৰ্শন কৰে নৌসেনা প্ৰধানগৰাকীয়ে । নৌসেনাই ধাৰণা কৰিছে যে চাবমেৰিনখন ৬০০-৭০০ মিটাৰ গভীৰতাত ডুব গৈছে । অৱশ্যে সন্ধানহীনৰ ৰহস্য এতিয়া ফাদিল হোৱা নাই ।

অব্যাহত আছে ইণ্ডোনেছিয়াৰ সন্ধানহীন চাবমেৰিনৰ উদ্ধাৰ অভিযান
অব্যাহত আছে ইণ্ডোনেছিয়াৰ সন্ধানহীন চাবমেৰিনৰ উদ্ধাৰ অভিযান

বিষয়াসকলে আগতে কৈছিল যে চাবমেৰিনৰ অক্সিজেন যোগান শনিবাৰে সোনকালে শেষ হ'লহেঁতেন। ইণ্ডোনেছিয়াই চাবমেৰিনটো কেৱল হেৰাই যোৱা বুলি বিবেচনা কৰিছিল। ইফালে শনিবাৰে পুৱাৰে পৰা এখন আমেৰিকান পুনৰীক্ষণ বিমান, এখন পি-৮ পচাইডন অৱতৰণ কৰে আৰু ২০ খন ইণ্ডোনেচিয়ান জাহাজ, এখন সোণাৰ সজ্জিত অষ্ট্ৰেলিয়ান যুদ্ধজাহাজ আৰু চাৰিখন ইণ্ডোনেচিয়ান বিমানৰ সৈতে অনুসন্ধান আৰম্ভ কৰিছিল ।

ইণ্ডোনেছিয়াৰ সামৰিক মুখপাত্ৰ ডিজাৱাৰা ৱিম্বোৱে শনিবাৰৰ ঘোষণা কৰিছিল যে ছিংগাপুৰৰ উদ্ধাৰকাৰী জাহাজসমূহো আহি পোৱাৰ সম্ভাৱনা আছে, আনহাতে মালয়েছিয়াৰ উদ্ধাৰকাৰী জাহাজবোৰ দেওবাৰে আহি পোৱাৰ কথা আছে । চাবমেৰিনত থকা লোকসকল উদ্ধাৰ হোৱাৰ আশা নাই যদিও এতিয়াও পৰিয়ালৰ লোকসকল আশাবাদী ।

ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি জোকো উইডোডোৱে এই ঘটনাৰ দুখ প্ৰকাশ কৰাৰ লগতে চাবমেৰিন উদ্ধাৰৰ বাবে সৰ্বাধিক প্ৰচেষ্টা অব্যাহত ৰখাৰ নিৰ্দেশ দিছে ।

নৌসেনাৰ মুৰব্বী মাৰ্গোনোৱে কয় যে চাবমেৰিনৰ ইন্ধন টেংকৰ ফাটৰ পৰা তেল উলিয়াই দিব পাৰিলেহেতেন বা জাহাজখনৰ ওজন হ্ৰাস কৰিবলৈ কৰ্মচাৰীসকলে ইন্ধন মুকলি কৰিব পাৰিলেহেঁতেন যাতে ই ওপৰলৈ আহিব পাৰে । অনুসন্ধানকাৰীয়ে এটা তেলৰ স্লিক পাইছিল কিন্তু এতিয়ালৈকে কোনো প্ৰমাণ পোৱা নাছিল যে তেলৰ স্লিক টো সেই চাবমেৰিনৰে আছিল ।

ইণ্ডোনেছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে কয় যে জাৰ্মান নিৰ্মিত ডিজেল চালিত কেআৰআই নাংগালা ৪০২, ১৯৮১ চনৰ পৰা ইণ্ডোনেছিয়াত সেৱাত নিয়োজিত আছিল আৰু সন্ধানহীন হোৱাৰ সময়ত ই ৪৯ জন ক্ৰু সদস্য আৰু তিনিজন গানাৰৰ লগতে ইয়াৰ কমাণ্ডাৰক লৈ গৈছিল ।

লগতে পঢ়ক:উইন্দচৰ পেলেচত প্ৰিন্স ফিলিপৰ অন্ত্যেষ্টিক্ৰিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.