ETV Bharat / international

হিন্দু যুৱতীক অপহৰণ কৰা পাকিস্তানী বিষয়ালৈ ভাৰত চৰকাৰৰ চমন

author img

By

Published : Jan 18, 2020, 2:27 PM IST

পাকিস্তানৰ সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ দুগৰাকীকৈ নাবালিকাক অপহৰণ কৰা পাকিস্তানী বিষয়ালৈ চমন জাৰি কৰিছে ভাৰত চৰকাৰে ৷ বিগত 14 জানুৱাৰীত পাকিস্তানৰ সিন্ধ প্ৰদেশৰ থাৰপাৰকাৰ অঞ্চলৰ উমৰ গাঁৱৰ পৰা অপহৃত হৈছিল নাবালিকা দুগৰাকী ৷

India summons Pak official over abduction of Hindu girls
পাকিস্তানী বিষয়ালৈ ভাৰত চৰকাৰৰ চমন

ইন্টাৰনেশ্বনেল ডেস্ক, 18 জানুৱাৰীঃ পাকিস্তান উচ্চায়ুক্ত কাৰ্যালয়ৰ এগৰাকী জ্যেষ্ঠ বিষয়ালৈ নাবালিকাক অপহৰণ কৰাৰ অপৰাধত চমন জাৰি কৰিছে ভাৰত চৰকাৰে ৷ এক শীৰ্ষ চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, বিগত 14 জানুৱাৰীত পাকিস্তানৰ সিন্ধ প্ৰদেশৰ থাৰপাৰকাৰ অঞ্চলৰ উমৰ গাঁৱৰ পৰা অপহৃত হৈছিল হিন্দু সংখ্যালঘু সম্প্ৰদায়ৰ দুগৰাকীকৈ নাবালিকা ৷ তদুপৰি, 15 জানুৱাৰীৰ দিনাও সিন্ধ প্ৰদেশৰ জাকোবাবাদ জিলাৰ পৰা আন এগৰাকী নাবালিকাক অপহৃত হৈছিল ৷ তিনিওগৰাকী নাবালিকাৰ অপহৰণৰ সৈতে পাকিস্তানত উচ্চায়ুক্ত কাৰ্যালয়ৰ এগৰাকী জ্যেষ্ঠ বিষয়ালৈ ভাৰত চৰকাৰে পত্ৰ প্ৰেৰণ কৰি চমন জাৰি কৰে ৷ অপহৃত নাবালিকাকেইগৰাকীক অতি শীঘ্ৰেই নিজৰ বাসগৃহলৈ সুকলমে ঘুৰাই পঠাবলৈ নিৰ্দেশনা জাৰি কৰিছে ভাৰতে ৷

ঘটনাৰ গভীৰতালৈ লক্ষ্য কৰি ভাৰত চৰকাৰে এই কাণ্ডক গৰিহণা দিয়াৰ লগতে পাকিস্তানত সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ ওপৰত চলি অহা অত্যাচাৰ বন্ধ কৰিবলৈ কেবাবাৰো সকীয়নি প্ৰদান কৰিছে ৷ শেহতীয়াকৈ জানুৱাৰী মাহৰ 3 তাৰিখে পাকিস্তানৰ নানকানা চাহিব গুৰুদ্বাৰাত শিলাবৰ্ষণ কৰিছিল এদল উদণ্ড পাকিস্তানী যুৱকে ৷ ইমানতে ক্ষান্ত নাথাকি উন্মাদৰ দলটোৱে গুৰুদ্বাৰা চাহিবৰ পান্ঠীৰ একমাত্ৰ কন্য়াগৰাকীক বলপূৰ্বক উঠাই লৈ গৈছিল ৷ উল্লেখ্য যে, এই স্থানতে শিখ ধৰ্মগুৰু গুৰু নানক দেৱে জন্মগ্ৰহণ কৰিছিল ৷ ইয়াৰ উপৰিও পেচোৱাৰ চহৰৰ চামকানি আৰক্ষী চকীৰ অন্তৰ্গত এটা অঞ্চলত এগৰাকী যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছিল যিটো ইছলামাবাদস্থিত সাংবাদিক হৰমিত সিঙৰ ভাতৃৰ বুলি চিনাক্ত হৈছিল ৷ এইসমূহ ঘটনাৰ প্ৰতি লক্ষ্য ৰাখিয়ে অৱশেষত ভাৰত চৰকাৰে পাকিস্তানক এনেকুৱা কাণ্ডৰ পৰা বিৰত থাকিবলৈ নিৰ্দেশনা প্ৰদান কৰাৰ লগতে অপহৃত নাবালিকাকেইগৰাকীক শীঘ্ৰেই সুকলমে নিজৰ নিজৰ গৃহলৈ ওভোটাই পঠাবলৈ চমন জাৰি কৰিছে ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.