ETV Bharat / international

ভাৰতৰ সপক্ষে ৰায়দানঃ স্থগিত কুলভূষণ যাদৱৰ মৃত্যুদণ্ড - ICJ

2016 চনৰ মাৰ্চ মাহত ৰ'ৰ এজেন্ট হিচাপে কাম কৰা অভিযোগত বালুচিস্তানৰ পৰা কুলভূষণ যাদৱক  গ্ৰেপ্তাৰ কৰিছিল পাকিস্তানে ৷  চোৰাংচোৱাত জড়িত থকাৰ অভিযোগত যাদৱক গ্ৰেপ্তাৰ কৰা হৈছিল বুলি পাকিস্তানে জনাইছিল যদিও ভাৰতে অস্বীকাৰ কৰি আহিছে  এই অভিযোগ ৷  কুলভূষণ যাদৱ ব্যৱসায়ৰ কামতহে বালুচিস্তানলৈ গৈছিল বুলি জনাইছিল ভাৰতে ৷ কিন্তু পাকিস্তানে অভিযোগ উত্থাপন কৰা অনুসৰি ভাৰতীয় নৌ সেনাৰ প্ৰাক্তন জোৱান জন  চোৰাংচোৱা হিচাপেহে পাকিস্তানত প্ৰৱেশ কৰিছিল  ৷

ICJ
author img

By

Published : Jul 17, 2019, 7:28 PM IST

Updated : Jul 18, 2019, 1:17 AM IST

নিউজ ডেস্ক , 17 জুলাই : আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ে ভাৰতৰ সপক্ষে প্ৰদান কৰিলে ভাৰতীয় নাগৰিক কুলভুষণ যাদৱৰ গোচৰৰ ৰায়দান ৷ পাকিস্তানক গোচৰৰ পুনৰীক্ষণৰ নিৰ্দেশ আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ ৷ কুলভূষণ যাদৱক পাকিস্তানে প্ৰদান কৰা মৃত্যুদণ্ডৰ শাস্তিৰ প্ৰত্যাহাৰৰ দাবীত হেগ আন্তঃৰাষ্ট্ৰীয় আদালতক অভিযোগ দাখিল কৰিছিল ভাৰতে ৷ পাকিস্তানে সম্পূৰ্ণ তথ্য প্ৰদান নকৰা পৰ্যন্ত স্থগিত থাকিব মৃত্যুদণ্ডৰ ৰায়দান ৷ ন্যায়ালয়ৰ ৰায়দান অনুসৰি কুলভূষণ যাদৱৰ বিচাৰ প্ৰক্ৰিয়াত যোগাযোগৰ অধিকাৰ প্ৰদান নকৰাৰ লগতে কোনো ধৰণৰ আইনী সাহাৰ্য লাভৰ সুবিধা প্ৰদান কৰা নাছিল পাকিস্তানে ৷ এই কাৰ্যৰ জৰিয়তে পাকিস্তানে ভিয়েনা চুক্তিৰ অধীনত নিয়ম ভংগ কৰিছিল ৷

ভাৰতৰ সপক্ষে ৰায়দানঃ স্থগিত কুলভূষণ যাদৱৰ মৃত্যুদণ্ড

2016 চনৰ মাৰ্চ মাহত ৰ'ৰ এজেন্ট হিচাপে কাম কৰা অভিযোগত বালুচিস্তানৰ পৰা কুলভূষণ যাদৱক গ্ৰেপ্তাৰ কৰিছিল পাকিস্তানে ৷ চোৰাংচোৱাত জড়িত থকাৰ অভিযোগত যাদৱক গ্ৰেপ্তাৰ কৰা হৈছিল বুলি পাকিস্তানে জনাইছিল যদিও ভাৰতে অস্বীকাৰ কৰি আহিছে এই অভিযোগ ৷ কুলভূষণ যাদৱ ব্যৱসায়ৰ কামতহে বালুচিস্তানলৈ গৈছিল বুলি জনাইছিল ভাৰতে ৷ কিন্তু পাকিস্তানে অভিযোগ উত্থাপন কৰা অনুসৰি ভাৰতীয় নৌ সেনাৰ প্ৰাক্তন জোৱান জন চোৰাংচোৱা হিচাপেহে পাকিস্তানত প্ৰৱেশ কৰিছিল ৷

2017 চনৰ এপ্ৰিল মাহত পাকিস্তানৰ এক সামৰিক আদালতে কুলভূষণ যাদৱক প্ৰদান কৰিছিল মৃত্যুদণ্ডৰ শাস্তি ৷ পাকিস্তানে দাবী কৰা অনুসৰি কুলভূষণ যাদৱে চোৰাংচোৱা হিচাপে নিয়োজিত থকাৰ বিষয়ে স্বীকাৰ কৰিছে ৷ এই বিচাৰ প্ৰক্ৰিয়াৰ সময়চোৱাত ভাৰতীয় উচ্চায়ুক্তই বাৰে বাৰে তেওঁক সাক্ষাৎ কৰিব বিচাৰিছিল যদিও কুটনৈতিক কাৰণত ভাৰতক প্ৰদান কৰা হোৱা নাছিল অনুমতি ৷
ইয়াৰ পাচতে 2017 চনৰ মে মাহত কুলভূষণ যাদৱক সাক্ষাতৰ অনুমতি প্ৰদান নকৰাৰ বাবে ভিয়েনা চুক্তি ভংগৰ অভিযোগত কুলভূষণ যাদৱৰ মুক্তিৰ দাবীত আন্তঃৰাষ্ট্ৰীয় আদালতৰ দাৰস্থ হয় ভাৰত ৷ পাকিস্তানৰ এক সেনা আদালতে যাদৱক "চাপ প্ৰদান কৰি" গ্ৰহণ কৰা শপতনামাৰ আধাৰত মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা বুলি অভিযোগ উত্থাপন কৰে ভাৰতে ৷ ইয়াৰ উপৰিও শাস্তি প্ৰত্যাহাৰৰ লগতে কুলভূষণ যাদৱক দেশলৈ উভতাই পঠাবলৈ পাকিস্তানকো বাৰম্বাৰ অনুৰোধ জনাই আহিছে ৷

ভাৰতৰ অভিযোগৰ ভিত্তিত আন্তঃৰাষ্ট্ৰীয় আদালতৰ দহজনীয়া বিচাৰপীঠে 18 মে 2017 ত যাদৱ পাকিস্তানৰ মৃত্যুদণ্ডৰ ৰায়দানত স্থগিতাদেশ জাৰী কৰে ৷আন্তঃৰাষ্ট্ৰীয় আদালতে শুনানিৰ সময়ত ভাৰত আৰু পাকিস্তানৰ দুয়ো পক্ষৰ শুনানি গ্ৰহণ কৰে ৷এই গোচৰত ভাৰতৰ পক্ষ ৰখা হৰিশ সাল্বেয়ে পাকিস্তানৰ কুখ্যাত সেনা আদালতৰ কাম কাজৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰে ৷ লগতে চাপ প্ৰদান কৰি গ্ৰহণ কৰা শপতনামাৰ আধাৰত প্ৰদান কৰা মৃত্যুদণ্ডৰ শাস্তিক প্ৰত্যাহাৰ কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় আদালতক অনুৰোধ জনায় ৷ পাকিস্তানৰ সেনা আদালতে 2017ৰ এপিলৰ বন্ধ কোঠাত হোৱা ৰায়দানত চোৰাংচোৱা আৰু সন্ত্ৰাসবাদৰ অভিযোগত কুলভূষণ যাদৱক মৃত্যুদণ্ডৰ ৰায়দান প্ৰদান কৰে বুলি আন্তঃৰাষ্ট্ৰীয় আদালতক যুক্তি প্ৰদৰ্শন কৰে ভাৰতে ৷
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গোচৰৰ ৰায়দান প্ৰদানৰ পাঁচ মাহৰ পূৰ্বে ন্যায়াধীশ য়ুচুফৰ অধ্যক্ষতাত আন্তঃৰাষ্ট্ৰীয় আদালতে 15 জনীয়া বিচাৰপীঠে পাকিস্তান আৰু ভাৰতৰ মৌখিক শুনানি গ্ৰহণ কৰে ৷ ইয়াৰ পাচত 21 ফেব্ৰুৱাৰীত ৰায়দান স্থগিত ৰাখিছিল ৷ দুবছৰ দুমাহৰ পাচত 17 জুলাই সন্ধিয়া এই গোচৰৰ ৰায়দান প্ৰদান কৰে আন্তঃৰাষ্ট্ৰীয় আদালতে ৷

উল্লেখযোগ্য যে , পাকিস্তানে মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰাৰ আঠমাহ পাচত "মানৱতাৰ খাতিৰত " কুলভূষণ যাদৱৰ মাতৃ-পত্নী আৰু ভাৰতীয় উপ উচ্চায়ুক্তক সাক্ষাতৰ অনুমতি প্ৰদান কৰা হৈছিল ৷ কিন্তু এই সাক্ষাতৰ পূৰ্বে পত্নীৰ মংগলসূত্ৰ আদি খুলি ৰখা বিষয়ে যথেষ্টৰ বিতৰ্কৰ সৃষ্টি কৰিছিল ৷ আনহাতে পাকিস্তানে প্ৰচাৰৰ কৰা এই সাক্ষাতৰ ভিডিঅ'ত কুলভূষণ যাদৱৰ শিৰ আৰু কাণত আঘাতৰ চিন ষ্পষ্ট বুলিও বহুতো সংবাদ মাধ্যমে দাবী কৰে ৷

ICJ announced verdict in Kulbhushan Jadhav's case 
Last Updated : Jul 18, 2019, 1:17 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.