নেশ্যনেল ডেক্স,22 মেঃ কেন্দ্ৰীয় চৰকাৰে 27 বিধ কীটনাশকৰ ব্যৱহাৰ বন্ধ কৰাৰ বাবে সোমবাৰে এক খচৰা জাৰি কৰে । এই কীটনাশক সমূহ ভাৰতৰ লগতে কেইবাখনো দেশত শষ্যৰ পৰা কীট-পতংগৰ লগতে ৰোগ নিয়ন্ত্ৰণৰ বাবে ইয়াৰ ব্যৱহাৰ অব্যাহত আছে । প্ৰায় 66 বিধ বিতৰ্কিত কীটনাশৰ মাজত এই 27 বিধ কীটনাশক চিনাক্ত কৰা হৈছে ।
ভাৰতীয় কৃষক সমাজৰ সভাপতি কৃষ্ণবীৰ চৌধুৰীয়ে ইটিভি ভাৰতক কয় যে, কীটনাশসমূহৰ প্ৰায় 80 শতাংশই ভৰতত প্ৰস্তুত কৰাৰ উপৰিও আমেৰিকা যুক্তৰাষ্ট্ৰ, জাপান, ব্ৰাজিল আদিল দেশত ৰপ্তানিৰ জৰিয়তে প্ৰায় 18,000 কোটি টকা উপাৰ্জন কৰা হয় । যি সময়ত প্ৰধানমন্ত্ৰীয়ে অধিক ৰপ্তানিত উৎসাহ প্ৰদান কৰিছে সেইক্ষেত্ৰত আইন প্ৰস্তুতকাৰী সকলে এইটো বিচৰা নাই ।
সাধাৰণতে ভাৰতীয়ে কৃষকসকলে আঙুৰ আৰু আলু খেতিৰ বাবে মেনক'জেব ব্যৱহাৰ কৰে, তেনেস্থলত অন্য ৰাষ্ট্ৰসমূহে শষ্যসমূহ সুৰক্ষিত ৰখাৰ বাবে ইয়াক ব্যৱহাৰ কৰে । গতিকে, এই সামগ্ৰীসমূহৰ ওপৰত আৰোপ কৰা বাধাৰ দ্বাৰা আমি আমাকে আঘাত প্ৰদান কৰিছো বুলি মন্তব্য কৰে কৃষ্ণবীৰ চৌধুৰীয়ে ।
তেখেতে লগতে কয় যে, বিগত 30 বছৰে কৃষকসকলে ব্যৱহাৰ কৰি আহিছে এছফেট । ইয়াৰ বজাৰ মূল্য প্ৰতিকেজিত 500 টকা । ইয়াক প্ৰধানতঃ ধান আৰু কপাহ উৎপানৰ বাবে ব্যৱহাৰ কৰা হয় । এক একৰ ভূমিৰ বাবে এছফেটৰ 300 গ্ৰামেই যথেষ্ট, কিন্তু ইয়াৰ সলনি ব্যৱহাৰ হোৱা সামগ্ৰীসমূহ চাৰি-পাঁচগুণ বেছি ব্যৱহাৰ কৰাটো জৰুৰী ।
উল্লেখ্য যে, এই কীটনাশকসমূহৰ ৰপ্তানিৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীয়ে সহাৰি জনোৱা সিদ্ধান্তৰ বিৰোধীতা কৰা কৰ্তৃপক্ষৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰধানমন্ত্ৰী গৰাকীক আহ্বান জনায় ভাৰতীয় কৃষক সমাজৰ সভাপতি গৰাকীয়ে ।
আনহাতে, কৃষি বিশেষজ্ঞ বিজয় সাৰদনাই ইটিভি ভাৰতক কয় যে, কীটনাশক সমূহৰ সীমিত ব্যৱহাৰে কৃষিখণ্ডত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । এই ক্ষেত্ৰত উদ্যোগসমূহে নিজৰ বিষয় আৰু সমাধানৰ ওপৰত চৰকাৰৰ সৈতে কথা পতা উচিত ।
বৃহৎ উদ্যোগগোষ্ঠীৰ চাপৰ বাবে পশ্চিমীয়া দেশসমূহে হাইড্ৰোক্সিক্ল'ৰোকুইণৰ উৎপাদন বন্ধ কৰিছিল । কিন্তু আমাৰ দেশত উৎপাদিত এই ঔষধসমূহে কৰ'ণা ভাইৰাছ মহামাৰীৰ সময়ত উদ্ধাৰকৰ্তা হিচাপে আগবাঢ়ি আহিছে । আনকি আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে উন্নত দেশসমূহো ইয়াৰ বাবে আমাৰ আগত সহায় বিচাৰিবলগীয়া হৈছে । চৰকাৰক এই ক্ষেত্ৰত বিশ্লেষণাত্মক সিদ্ধান্ত গ্ৰহণৰ প্ৰয়োজন বুলি মন্তব্য কৰে বিজয় সাৰদনাই ।
18 মে'ৰ জাননী অনুসৰি কোম্পানীসমূহক তেঁওলোকৰ সমস্যা আৰু পৰামৰ্শ প্ৰদানৰ বাবে 45 দিনৰ সময় প্ৰদান কৰা হৈছে । সূত্ৰই প্ৰকাশ কৰা অনুসৰি ইয়াৰ বিৰুদ্ধে আদালতৰ কাষ চপাৰ বাবে কীটনাশক দ্ৰব্য প্ৰস্তুতকাৰী কোম্পানীসমূহ একত্ৰিত হোৱাৰ সম্ভাৱনা আছে ।
লগতে পঢ়ক- 2020 বৰ্ষৰ অক্টোবৰত বজাৰলৈ আহিব কোভিড 19ৰ ভেকচিনঃ পুৰুষোত্থমন নাম্বিৰ