নিউজ ডেস্ক, 26 এপ্ৰিল :শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণৰ পাচত দেশখনৰ নিৰাপত্তা সন্দৰ্ভত শুকুৰবাৰে মুখ খোলে ৰাষ্ট্ৰপতি চিৰিসেনাই ৷ এক সংবাদমেলত শ্ৰীলংকাৰ নিৰাপত্তা দায়িত্বত থকা প্ৰশাসন ব্যৰ্থ হোৱা বুলি পোনপটীয়াকৈ উল্লেখ কৰি এই বিফলতাৰ বাবেই শুকুৰবাৰে দেশখনৰ আৰক্ষীৰ মহাপৰিদৰ্শক পুজিৎ জয়সুন্দৰাই পদত্যাগ কৰিব বুলি প্ৰকাশ কৰে ৰাষ্ট্ৰপতি চিৰিসেনাই ৷
শ্ৰীলংকাৰ ব্যৰ্থতাৰ বাবেই বুধবাৰে প্ৰতিৰক্ষা মন্ত্ৰী হেমাচিৰি ফাৰ্ণাণ্ডোক পদত্যাগ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ৰাষ্ট্ৰপতি চিৰিসেনাই ৷ ৰাষ্ট্ৰপতিৰ নিৰ্দেশৰ পাচতেই বৃহস্পতিবাৰে নিজ পদৰ পৰা পদত্যাগ কৰে শ্ৰীলংকাৰ প্ৰতিৰক্ষা মন্ত্ৰী পুজিৎ জয়সুন্দৰাই ৷