ETV Bharat / international

প্লাষ্টিক বেগ বিহীন এখন পৃথিৱীও সম্ভৱ

আজি 3 জুলাই, আন্তঃৰাষ্ট্ৰীয় প্লাষ্টিক বেগ মুক্ত দিৱস ৷ আমাৰ চৌপাশ প্লাষ্টিক বেগ মুক্ত কৰাৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈ 2017 চনৰ 3জুলাইত প্ৰথমবাৰলৈ পালন কৰা হয় International Plastic Bag Free Day তথা আন্তঃৰাষ্ট্ৰীয় প্লাষ্টিক বেগ মুক্ত দিৱস৷

author img

By

Published : Jul 3, 2019, 6:01 PM IST

Updated : Jul 3, 2019, 6:22 PM IST

আজি 3 জুলাই, আন্তঃৰাষ্ট্ৰীয় প্লাষ্টিক বেগ মুক্ত দিৱস

নিউজ ডেস্ক, 3 জুলাইঃ আজি 3 জুলাই, আন্তঃৰাষ্ট্ৰীয় প্লাষ্টিক বেগ মুক্ত দিৱস ৷ আমাৰ চৌপাশ প্লাষ্টিক মুক্ত কৰাৰ উদ্দেশ্যে 2017 চনৰ 3 জুলাইত প্লাষ্টিক বেগ বৰ্জনৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত হাতত লোৱা হয় ৷ "প্লাষ্টিক বিহীন এখন পৃথিৱীও সম্ভৱ আৰু প্লাষ্টিক বেগৰ বিকল্প আন বেগৰ জৰিয়তেও পূৰণ কৰিব পাৰি"এই দিনটোৰ জৰিয়তেই সমগ্ৰ বিশ্বতেই এই বাৰ্তা প্ৰচাৰৰ চেষ্টা কৰা হয় ৷ আন্তঃৰাষ্ট্ৰীয় প্লাষ্টিক বেগ মুক্ত দিনৰ জৰিয়তে সমগ্ৰ বিশ্বত প্লাষ্টিক ব্যৱহাৰৰ ফলত হ'বলগীয়া বিভিন্ন অনিষ্টক লৈ সচেতনতাৰ এক প্ৰয়াস চলোৱা হয়৷

উল্লেখ্য যে, প্ৰতি মিনিটত সমগ্ৰ বিশ্বত দহৰ পৰা বিশ লাখ প্লাষ্টিক বেগ ব্যৱহাৰ হয় আৰু ই সমগ্ৰ বিশ্বক প্ৰদূষিত কৰে৷ তথ্যমতে, 130 লাখ টন প্লাষ্টিক প্ৰতি বছৰে সমূদ্ৰ তলিক প্ৰদূষিত কৰে ৷ কিছুমান প্লাষ্টিকে ৰাষায়নিক বিক্ৰিয়া ঘটাই জীৱকূলৰ স্বাস্থ্যৰ প্ৰতি ভয়াৱহতা কঢ়িয়াইছে ৷ আটাইতকৈ ভয়ানক কথা হৈছে জীৱকূলে এই পেলনীয়া পল্াষ্টিক ভক্ষণ কৰাৰ ফলত পাৰিপাৰ্শ্বিক পৰিৱেশৰ ভাৰসাম্যতাৰ প্ৰতি ভাবুকি কঢ়িয়াইছে ৷ প্ৰায় 100 মিলিয়ন সামুদ্ৰিক জীৱ জন্তু প্লাষ্টিক ভক্ষণৰ ফলত প্ৰতি বছৰে নিহত হয় ৷

প্লাষ্টিক বেগে ভূ-পৃষ্ঠৰ এক বৃহৎ ক্ষতি সাধন কৰি আহিছে ৷ ব্যৱহাৰ কৰা প্লাষ্টিক বেগ সমূহ পেলাই দিয়াৰ পিচত এক আৱৰ্জনাৰ সৃষ্টি কৰি প্ৰায়েই নদীপৃষ্ঠত জমা হয় আৰু নদীপৃষ্ঠ বাম কৰি পেলায় ৷ ইয়াৰ ফলশ্ৰুতিত বৰষুণৰ ফলত অতি সহজেই বানপানীৰ সৃষ্টি হয়৷ ব্যৱহাৰ কৰা প্লাষ্টিক বেগসমূহ য'তে ত'তে পেলোৱাৰ ফলত তাত পানী জমা হয় আৰু সেই পানীত বিভিন্ন পোক পতংগ জমা হৈ তথা ম'হ জমা হৈ বেমাৰৰ বিজাণু সৃষ্টি কৰে ৷

কেনেকৈ প্লাষ্টিক বেগৰ ব্যৱহাৰ লাঘৱ সম্ভৱ?

  • প্লাষ্টিক বেগৰ ব্যৱহাৰে কেনেদৰে এক সমস্যাৰ সৃষ্টি কৰি আহিছে তাৰ ওপৰত অধ্যয়ন কৰা ৷ লগতে সম্ভৱ অনুসৰি সকলোকে এই সম্পৰ্কে জ্ঞাত কৰাও প্ৰয়োজন৷
  • প্লাষ্টিক বেগৰ বিপৰীতে নিজেই ঘৰৰ পৰা ব্যৱহাৰ কৰিব পৰাকৈ বেগ লৈ যোৱা প্ৰয়োজন৷ যাতে এই বেগে কোনো কাৰণতেই আমাৰ পৰিৱেশ প্ৰদূষিত নকৰে তথা বাৰে বাৰে ব্যৱহাৰ কৰিব পাৰি ৷
  • এটা প্লাষ্টিক বেগ কেৱল এবাৰ ব্যৱহাৰ কৰাৰ বিপৰীতে সম্ভৱ অনুযায়ী বহুবাৰ ব্যৱহাৰ কৰা প্ৰয়োজন৷
  • কিমান সংখ্যক প্লাষ্টিক বেগ প্ৰত্যেক সপ্তাহত ব্যৱহাৰ কৰা হয় তাৰ এক তথ্য ৰখা উচিত৷ এনে তথ্যই বেগৰ ব্যৱহাৰ সম্পৰ্কে সচেতনতা বৃদ্ধিৰ লগতে ব্যৱহাৰ লাঘৱটো সহায়ক হ'ব ৷
  • বিভিন্ন শ্বপিং মলত এই বেগসমূহ ব্যৱহাৰ কৰাৰ ফলত হৈ থকা অনিষ্ট সম্পৰ্কে শ্বপিং মল কৰ্তৃপক্ষক সজাগ কৰা উচিত ৷ যাতে ব্যৱহাৰৰ পূৰ্বে এবাৰ হ'লেও সকলোৱে এই সন্দৰ্ভত ভাবিবলৈ বাধ্য হয় আৰু প্লাষ্টিক বেগৰ বিকল্প হিচাপে আন বেগৰ ব্যৱহাৰ কৰে ৷

প্লাষ্টিক বেগৰ বিকল্পঃ

• কেনভাচ বেগ (Canvas Bags)
• পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে প্ৰাকৃতিক সামগ্ৰীৰে নিৰ্মিত বেগ (Eco-Friendly Bags)
• মেটেকা বেগ, বেতৰ বেগ ইত্যাদি (Plain And Simple – Jute Bags
• পুনৰব্যৱহাৰযোগ্য সামগ্ৰীৰে নিৰ্মিত বেগ (Reusable Produce Bags)

Assign to nitish,

---------- Forwarded message ---------
From: RKC RFC <rkc@etvbharat.com>
Date: Tue, Jul 2, 2019 at 11:07 PM
Subject: International plastic bag free day
To: Bilal Ahmad Bhat <bilalbhat@etvbharat.com>, Brajmohan Singh <brajmohansingh@etvbharat.com>, Brihathi CH <brihathi@etvbharat.com>, Nishant Sharma <nishant.sharma@etvbharat.com>, Srawankumar Shukla <srawankumar.shukla@etvbharat.com>, Sunita Koya <sunita.koya@etvbharat.com>, <prasenjit.singh@etv.co.in>, Chary <chary.gsm@etv.co.in>, Etv Bharat UP <updesk@etvbharat.com>, Madhya Pradesh Desk <mpdesk@etvbharat.com>, Uttarakhand Desk <ukddesk@etvbharat.com>, Bihar Desk <bihardesk@etvbharat.com>, Rajasthan Desk <rjdesk@etvbharat.com>, Chattisgarh Desk <cgdesk@etvbharat.com>, ETV Bharat Jharkhand <jhdesk@etvbharat.com>, Punjab Desk <punjabdesk@etvbharat.com>, ETV HARYANA <haryanadesk@etvbharat.com>, ETV Himachal <hpdesk@etvbharat.com>, national desk <nationaldesk@etvbharat.com>, Mrinal Das <mrinal.das@etvbharat.com>

Respected Sir /Madam

Here we are attaching files

RKC
Last Updated : Jul 3, 2019, 6:22 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.