ETV Bharat / international

চীনত নতুনকৈ পুনৰ পোহৰলৈ আহিছে ক’ভিড 19 সংক্ৰমণৰ ঘটনা - China COVID 19 outbreak

চীনত নতুনকৈ পুনৰ পোহৰলৈ আহিছে ক’ভিড 19 সংক্ৰণৰ ঘটনা ৷ দেশখনৰ চৰকাৰে ততাতৈয়াকৈ বন্ধ কৰিছে প্ৰায় 100 খনতকৈ অধিক বিমানৰ চলাচল, লগতে বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে শিক্ষানুষ্ঠানসমূহ আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্ত ৷

Fresh COVID-19 outbreak in parts of China
চীনত নতুনকৈ পোহৰলৈ আহিছে ক’ভিড 19 সংক্ৰমণৰ ঘটনা
author img

By

Published : Oct 22, 2021, 12:45 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 22 অক্টোবৰ : চীনত পুনৰ নতুনকৈ ধৰা পৰিছে ক’ভিড 19ত আক্ৰান্ত ৰোগী ৷ এই তথ্য পোহৰলৈ অহাৰ পিছতেই কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে দেশখনে ৷ ইতিমধ্যে 100 খনকৈ অধিক বিমান বাতিল কৰাৰ লগতে শিক্ষানুষ্ঠানসমূহ বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ৷ দেশখনে SARS-CoV-2 ভাইৰাছৰ পৰীক্ষা বৃদ্ধি কৰিছে ৷

বিশ্বৰ বিভিন্ন দেশত ক’ভিড নীতি-নিৰ্দেশনাসমূহ কিছু শিথিল কৰি দিয়াৰ সময়তেই চীনত পুনৰ ক’ভিড ভাইৰাছৰ সংক্ৰমণে দেখশনক লকডাউন ঘোষণা কৰাৰ লগতে চুবুৰীয়া দেশসমূহৰ সৈতে ইয়াৰ সীমা বন্ধ কৰি দিবলৈ বাধ্য কৰাইছে ৷ ক্ৰছ প্ৰভিঞ্চিয়েল ট্যুৰিঙত পৰ্যটকৰ এটি দলৰ ভিতৰত সাতগৰাকী বয়োজ্যেষ্ঠ লোকৰ দেহত ক’ভিডৰ উপস্থিতি ধৰা পৰাৰ পিছতে পুনৰ সতৰ্ক হৈ পৰিছে চীন ৷

জানিব পৰা অনুসৰি, পৰ্যটকৰ দলটোৱে ঝি-আন, গানছু আৰু মংগোলিয়ালৈ উৰা মৰাৰ পূৰ্বে চাংঘাই ভ্ৰমণ কৰিছিল ৷ পৰৱৰ্তী সময়ত, বেইজিংকে ধৰি কমেও পাঁচখন প্ৰদেশত প্ৰায় 1 ডজন ক’ভিডৰ ঘটনা পোহৰলৈ আহিছে যি তেওঁলোকৰ ভ্ৰমণৰ সৈতে সম্পৰ্কিত । চীনৰ উত্তৰ আৰু উত্তৰ-পশ্চিম অঞ্চলত ধাৰাবাহিকভাৱে পঞ্চমটো দিনটো ক’ভিডত আক্ৰান্ত লোকৰ তথ্য পোহৰলৈ আহিছে ৷

ভাইৰাছ জিন অনুক্ৰমৰ ফলাফলে দেখুৱাইছে যে বেইজিংত কোভিড 19 সংক্ৰমণ ডেল্টা প্ৰকাৰৰ ফলত হৈছিল । উত্তৰ-পশ্চিম চীনৰ শ্যানক্সি আৰু গানচু প্ৰদেশত একে ধৰণৰ কোভিড-19 ট্ৰেন্সমিচন শৃংখলা দেখা গৈছিল ।

বৰ্তমানলৈকে চীনৰ দুখনকৈ মুখ্য বিমানবন্দৰ ক্ৰমে ঝি-আন আৰু লানঝোউত প্ৰায় 60 শতাংশ বিমানৰ চলাচলৰ সাময়িকভাৱে বাতিল কৰা হৈছে ৷ আনহাতে, মংগোলিয়াতো প্ৰদেশৰ ভিতৰত বা বাহিৰলৈ বিমন ভ্ৰমণ নকৰিবলৈ তথা কঠোৰ ক’ভিড 19 বিধি মানি ঘৰৰ ভিতৰতে থাকিবলৈ চৰকাৰীভাৱে নিৰ্দেশনা জাৰি কৰা হৈছে ৷ চীনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য কমিশনে জানিবলৈ দিয়া অনুসৰি বৃহস্পতিবাৰলৈকে দেশখনত 13 টা সক্ৰিয় ক’ভিড 19 সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে ৷

লগতে পঢ়ক : ছিৰিয়াৰ ডামাছকাছত বোমা বিস্ফোৰণত প্ৰাণ গ'ল ১৪ জন জোৱানৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.