ETV Bharat / international

ইউৰোপীয় ইউনিয়ন ত্যাগ ব্ৰিটেইনৰ - বৃটিছ চৰকাৰ

ইইউ(EU) গঠনত ব্ৰিটেইনৰ সদস্যতাৰ 47 টা বৰ্ষৰ সমাপ্তিৰ প্ৰতীক যি 2016 বৰ্ষৰ ব্ৰেক্সিট জনমত সংগ্ৰহৰ পিছতো চাৰে তিনি বছৰ পিছতহে কাৰ্যকৰী হয় ৷ নিশা 11 বজাৰ লগে লগে প্ৰধানমন্ত্ৰী বোৰিচ জনচনে সেই সময়টোক "দেশৰ জন জীৱনৰ বাবে এক অসাধাৰণ সন্ধিক্ষণ " হিচাপে অভিহিত কৰে

Finally, Britain departs from EU
ইউৰোপীয় ইউনিয়ন ত্যাগ ব্ৰিটেইনৰ
author img

By

Published : Feb 1, 2020, 11:29 AM IST

ইন্টাৰনেশ্বনেল ডেক্স,1 ফেব্ৰুৱাৰীঃ শুকুৰবাৰে ইউৰোপীয় ইউনিয়ন ত্যাগ কৰা প্ৰথম দেশৰূপে পৰিগণিত হয় ব্ৰিটেইন ৷ ই এক ঐতিহাসিক দিন ৷ ইইউ(EU) গঠনত ব্ৰিটেইনৰ সদস্যতাৰ 47 টা বৰ্ষৰ সমাপ্তিৰ প্ৰতীক, যি 2016 বৰ্ষৰ ব্ৰেক্সিট জনমত সংগ্ৰহৰ পাছতো চাৰে তিনি বছৰ পিছতহে কাৰ্যকৰী হয় ৷ নিশা 11 বজাৰ লগে লগে প্ৰধানমন্ত্ৰী বোৰিচ জনচনে সেই সময়টোক "দেশৰ জন জীৱনৰ বাবে এক অসাধাৰণ সন্ধিক্ষণ " হিচাপে অভিহিত কৰে ৷ তেখেতে টুইটাৰযোগে কয় যে, "আজি নিশা আমি ইউৰোপীয় ইউনিয়ন ত্যাগ কৰিলো, যি দেশৰ জন জীৱনৰ বাবে এক অসাধাৰণ সন্ধিক্ষণ ৷ আহক আমি সকলোৱে মিলি সেই সকলো সুবিধা গ্ৰহণ কৰো যি ব্ৰেক্সিটে লৈ আহিব লগতে সমগ্ৰ ব্ৰিটেইনকে সম্ভাৱনামুক্ত কৰি তুলিব ৷"

গণমতৰ পাছৰ পৰাই ব্ৰেক্সিটে বৃটিছ ৰাজনীতিত আধিপত্য বিস্তাৰ কৰে, যাৰ ভিতৰত প্ৰাক্তন প্ৰধানমন্ত্ৰী থেৰেচা মেৰ পদত্যাগো অন্তৰ্ভূক্ত আছিল ৷ উল্লেখ্য যে, ইউৰোপীয় সংসদে 621-49 ভোটত ইউৰোপীয় ইউনিয়নৰ পৰা ব্ৰিটেইনৰ প্ৰস্থানৰ চৰ্তসমূহত সন্মতি প্ৰকাশ কৰে ৷ ব্ৰিটেইনে ইতিমধ্যে 11 মাহৰ বাবে স্থানান্তৰৰ সময়ত প্ৰৱেশ কৰিছে ৷ এই সময়সীমা ব্ৰিটিছ চৰকাৰ আৰু EUৰ সন্মতিক্ৰমে গ্ৰহণ কৰা হয় ৷ এই সময়ছোৱাত ব্ৰিটেইন EUৰ সদস্য ৰাজ্য হিচাপে থকাৰ লগতে ই EUৰ আইন আৰু ইউৰোপিয়ান আদালতক মানি চলিব ৷ আহিবলগীয়া মাহ সমূহত EUৰ বাজেটত ধন প্ৰদানৰ উপৰিও EUৰ আইনক মানি চলিব লাগিব ৷

এই সময়ৰ মাজতেই ব্ৰিটেইনে EUৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন কৰিব ৷ 3 মাৰ্চৰ পৰা আনুষ্ঠানিক আলোচনা আৰম্ভ হ’ব ৷ ইয়াৰ মাজতেই উভয় পক্ষই তেঁওলোকৰ অগ্ৰাধিকাৰসমূহৰ বহিঃৰেখা অংকন কৰাৰ লগতে তেঁওলোকৰ ৰঙা ৰেখাও অংকন কৰিব ৷

লগতে পঢ়ক-ভাৰতীয় শিক্ষাৰ্থীসকলক সুকলমে ওভতাই অনাৰ বাবে উহানলৈ ৰাওনা এয়াৰ ইণ্ডিয়াৰ বিমান

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.