ইন্টাৰনেশ্যনেল ডেস্ক, 14 জুন : চীনত কৰ'ণা ভাইৰাছৰ সংক্ৰমণ সম্পৰ্কত সকলোকে সজাগ কৰি দিয়া মৃত চিকিৎসক লি ৱেনলিয়াঙৰ বিধৱা পত্নীয়ে এটি পুত্ৰ সন্তান জন্ম দিছে ৷ BBC য়ে প্ৰদান কৰা এক ৰিপোৰ্ট অনুসৰি, ফু ছুৱেজিয়ে WeChat এপৰ জৰিয়তে নৱজাত শিশুটিৰ এখন ফ'টো প্ৰকাশ কৰিছে ৷ লগতে ছুৱেজিয়ে কয় যে, মৃত চিকিৎসক গৰাকীৰ পৰা এয়া তেওঁলৈ অন্তিম উপহাৰ ৷
![Final gift: Wife of late Chinese COVID-19 whistleblower gives birth to son](https://etvbharatimages.akamaized.net/etvbharat/prod-images/7608445_pic.jpg)
উল্লেখ্য যে, প্ৰশাসনে ৱেনলিয়াঙক উৰা বাতৰি বিয়পোৱাৰ অভিযোগত আটক কৰিছিল আৰু পাছত ৱেনলিয়াঙৰ কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈয়ে মৃত্যু হৈছিল ৷
তেওঁৰ মৃত্যুৰ পাচতে এই সম্পৰ্কত জনসাধাৰণে বিৰোধিতা কৰাত চৰকাৰে তেওঁক মুকলি কৰি দিয়াৰ লগতে নায়ক হিচাপে সন্মান প্ৰদান কৰিছিল ৷ বৰ্তমান বিধবা ছুৱেজি ৱেনলিয়াঙৰ দুই সন্তানৰ মাতৃ ৷
ছুৱেজিয়ে লিখে, "স্বামী, আপুনি স্বৰ্গৰ পৰা আমাক চাই আছেনে ? আপুনি আজি মোক অন্তিমটো উপহাৰ প্ৰদান কৰিলে ৷ মই দুয়োটি শিশুকে বহুত মৰম কৰিম আৰু সুৰক্ষা প্ৰদান কৰিম ৷"
ছুৱেজিয়ে Litchi News নামৰ এক স্থানীয় সংবাদ মাধ্যমক কয় যে, স্বামীৰ মৃত্যুৰ পাচত তেওঁ স্বাস্থ্যজনিত সমস্যাত ভুগিছিল আৰু সেই পৰ্যন্ত জন্ম লাভ নকৰা সন্তানটিক সুৰক্ষিত কৰি ৰাখিবৰ বাবে কিছু সময়ৰ বাবে চিকিৎসাধীন হৈ আছিল ৷
তেওঁ নিজ স্বামী ৱেনলিয়াঙক এজন দায়িত্বশীল চিকিৎসক আৰু মৰমিয়াল স্বামী বুলি উল্লেখ কৰে ৷ লগতে কয় যে, প্ৰাৰম্ভিক অৱস্থাত জ্যেষ্ঠ সন্তানৰ পৰা পিতৃৰ মৃত্যুৰ খবৰ ছুৱেজিয়ে লুকুৱাই ৰাখিছিল ৷
চীনৰ ছ'চিয়েল নেটৱৰ্কিং ছাইট Weibo ত সন্তানৰ ফ'টো প্ৰকাশ কৰাৰ পাচতে হাজাৰ হাজাৰ লোকে কমেন্টৰ জৰিয়তে তেওঁলৈ শুভেচ্ছাবাণী প্ৰেৰণ কৰে ৷ বহুলোকে সংবাদ মাধ্যমক অনুৰোধ জনাই যে, পৰিয়ালটোক এই সময়ছোৱাত অশান্তি কৰা উচিত নহয় ৷
লগতে পঢ়ক : আমেৰিকাৰ প্ৰতিবাদক বিশ্বজুৰি সমৰ্থন কাৰ ?