নেশ্যনেল ডেস্ক, 28 অক্টোবৰ: বুধবাৰে মাৰ্কিন হাউচ পেনেলৰ শুনানিৰ পূৰ্বে টুইটাৰ আৰু ফেচবুকৰ চিইঅ'ই প্ৰস্তুত মন্তব্য জাৰি কৰে ৷ মাৰ্ক জুকাৰবাৰ্গে এক মৈত্ৰীসূচক মন্তব্য প্ৰদান কৰাৰ পৰিৱৰ্তে জাক ডৰ্চে কমিউনিকেচনচ ডিচেন্সি আইনৰ ধাৰা 230 ৰ পুনৰাবৃত্তিৰ বিৰুদ্ধে এক কঠোৰ স্থিতি গ্ৰহন কৰা পৰিলক্ষিত হয় ৷ চিনেট বাণিজ্য সমিতিৰ সন্মুখত উপস্থিত হৈ ডৰ্চে কয় যে ধাৰা 230 ক্ষেত্ৰত হোৱা সালসলনিয়ে ইন্টাৰনেটৰ যোগসূত্ৰ নিঃশেষ কৰিব পাৰে ৷
তেওঁ কয় যে, "ধাৰা 230 ৰ ভিত্তি খহি পৰিলে আমি ইন্টাৰনেটত যোগসূত্ৰ স্থাপন কৰা সম্পূৰ্ণ প্ৰক্ৰিয়াটোৱে নিঃশেষ হৈ পৰিব আৰু শক্তিশালী ভাৱে প্ৰতিষ্ঠিত খুউব কম সংখ্যক প্ৰতিষ্ঠানহে ৰৈ যাব ৷" ডৰ্চিয়ে লগতে কয় যে, "সকলোৱে যাতে ৰাজহুৱা বাৰ্তালাপত সুৰক্ষিত অনুভৱ কৰিব পাৰে তাৰ বাবে আমি আমাৰ সেৱা উন্নত কৰিব লাগিব ৷ আমি এই কথা সুনিশ্চিত কৰিব লাগিব যাতে আমি প্ৰত্যেকৰেই মাত শুনিব পাৰো ৷ ধাৰা 230 এ প্ৰদান কৰা সুৰক্ষাৰ জড়িয়তে এই উদ্দেশ্য সমূহত উপনীত হোৱাত সহায়ক হৈছে ৷"
এই শুনানিয়ে মিডিয়াৰ প্ৰভুত্ব আৰু গোপনীয়তাৰ বিষয়সমূহো সামৰি ল'ব ৷
নিজৰ প্ৰস্তুত মন্তব্যত মাৰ্ক জুকাৰবাৰ্গে কয় যে ধাৰা 230 এ সকলো মুখ্য ইন্টাৰনেট সেৱা নিৰ্মাণ সম্ভৱপৰ কৰি তোলাৰ লগতে স্বতন্ত্ৰ অভিব্যক্তিৰ দৰে মূল্যবোধ সমূহো সুনিশ্চিত কৰিছে ৷ তেওঁ লগতে কয় যে, "ইয়াক সলনি কৰাটো এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ তথাপি মই ভাবো যে আইনখনে উদ্দেশ্য অনুসৰি কাম কৰি আছে নে নাই সেই কথা নিশ্চিত কৰাৰ বাবে কংগ্ৰেছে আইনখন আপডেট কৰা উচিত ৷"
জুকাৰবাৰ্গে কয় যে "এই অঞ্চলসমূহত কেনেধৰণৰ নিয়ম নীতি প্ৰযোজ্য হ'ব পাৰে সেই ক্ষেত্ৰত কংগ্ৰেছৰ সৈতে কাম কৰিবলৈ আমি সাজু আছো ৷ ইন্টাৰনেটৰ বাবে নিয়ম সমূহ আপডেট কৰাৰ জড়িয়তে আমি সৰ্বশ্ৰেষ্ঠ সকলোখিনি সংৰক্ষণ কৰিব পাৰিম ৷"
উল্লেখ্য যে মুখ্য শুনানিৰ পূৰ্বে পিচাইয়ে কোনোধৰমৰ প্ৰস্তুত মন্তব্য জাৰি কৰিব পৰা নাছিল ৷
লগতে পঢ়ক:ৰাষ্ট্ৰপতি নিৰ্বাচনক কেন্দ্ৰ কৰি বিশ্ববাসীৰ দৃষ্টি নিবদ্ধ আমেৰিকাৰ ওপৰত