ETV Bharat / international

ডুবাই বিমানবন্দৰত আৱদ্ধ ভাৰতীয় যাত্ৰীক উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত - ডুবাইস্থিত ভাৰতীয় দূতাবাস

ডুবাইত আবদ্ধ ভাৰতীয়ক দেশলৈ প্ৰত্যাৱৰ্তনৰ প্ৰচেষ্টা অব্যাহত ৷ এই কথা প্ৰকাশ ডুবাই বিমানবন্দৰ কৰ্তৃপক্ষৰ ৷

উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত
ডুবাই বিমানবন্দৰত আৱদ্ধ ভাৰতীয়
author img

By

Published : Mar 27, 2020, 5:22 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 27 মাৰ্চ: ডুবাই বিমানবন্দৰত আবদ্ধ হৈ থকা যাত্ৰীসকলক উদ্ধাৰৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে ডুবাই বিমানবন্দৰ কৰ্তৃপক্ষই ৷ এই যাত্ৰীসকলৰ মাজত 22 জন ভাৰতীয় নাগৰিকো আছে বুলি জানিব পৰা গৈছে ৷ ভাৰতৰ দৰেই অন্য ৰাষ্ট্ৰসমূহেও আন্তৰাষ্ট্ৰীয় বিমানত প্ৰতিবন্ধকতা আৰোপ কৰাৰ ফলত এই যাত্ৰীসকল বিমানবন্দৰতে আবদ্ধ হৈ থাকিব লগা হৈছিল ৷

ডুবাই বিমানবন্দৰে এক প্ৰতিবেদন প্ৰকাশ কৰি কয় যে,এয়াৰলাইনছ আৰু কূটনৈতিক দূতাবাসে এই যাত্ৰীসকলক নিজ নিজ দেশলৈ প্ৰত্যাৱৰ্তন কৰিবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে ৷

উল্লেখ্য যে,এই 22 জন ভাৰতীয় 18 মাৰ্চৰ পৰা ডুবাই বিমানবন্দৰতে আবদ্ধ হৈ আছে ৷ আনহাতে,সোমবাৰৰ পৰা আৰৱ গণৰাজ্যইও বিমানৰ উৰণত প্ৰতিবন্ধকতা জাৰি কৰিছিল ৷ এই সম্পৰ্কত ডুবাইস্থিত ভাৰতীয় দূতাবাসে জানিবলৈ দিয়ে যে, তেওঁলোকে আৰৱ গণৰাজ্যৰ চৰকাৰৰ সৈতে এই যাত্ৰীসকলক নতুন দিল্লীলৈ ঘূৰাই নিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ কিন্তু, বৰ্তমানলৈকে নতুন দিল্লীয়ে এই সম্পৰ্কত অনুমতি প্ৰদান কৰা নাই বুলিও দূতাবাসে জানিবলৈ দিয়ে ৷ ডুবাইৰ ভাৰতীয় কূটনীতিবিদ বিপুলে জানিবলৈ দিয়া অনুসৰি,তেওঁলোকক প্ৰয়োজনীয় খাদ্য প্ৰদান কৰা হৈছে ৷ কিন্তু, তেওঁলোকৰ অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীসমূহ লগত নথকাৰ বাবে কষ্ট ভুগিবলগা হৈছে ৷

উল্লেখ্য যে,ইউৰোপৰ লিছবন,বুদাপেষ্ট,বাৰ্ছিলোনা আৰু ছিডনীৰ পৰা বহুসংখ্যক ভাৰতীয়ক দেশলৈ প্ৰত্যাৱৰ্তন কৰা হৈছে ৷

আৰু পঢ়ক : COVID-19 : গাওঁসমূহক ৰক্ষা কৰাৰ প্ৰয়োজনীয়তা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.