ETV Bharat / international

Earthquake hits Indonesia : ৭.৬ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ'ল ইণ্ডোনেছিয়া

author img

By

Published : Dec 14, 2021, 1:44 PM IST

ইণ্ডোনেছিয়াত ভূমিকম্পৰ জোকাৰণি অনুভূত । ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল ৭.৬ (7.6 magnitude earthquake hits Indonesia) । শনিবাৰেও ৫.৬ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গৈছিল ইণ্ডোনেছিয়া ।

Earthquake hits Indonesia
৭.৬ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ'ল ইণ্ডোনেছিয়া

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৪ ডিচেম্বৰ : মঙলবাৰে পুনৰ ভূঁইকপে জোকাৰি গ'ল ইণ্ডোনেছিয়া(An Earthquake has occured in Indonesia) । তথ্য অনুসৰি, ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল ইণ্ডোনেছিয়াৰ মাউমেৰেৰ পৰা ৯৫ কিল’মিটাৰ উত্তৰ দিশত । ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৭.৬ আৰু গভীৰতা ৭৫.৯ কিল’মিটাৰ(Earthquake struck off Indonesia's eastern coast) ।

আনহাতে, দেশখনৰ ফ্লোৰেছ সাগৰৰ পূৱ উপকূলীয় অঞ্চলত ছুনামি হোৱাৰ আশংকাত সতৰ্কবাণী জাৰি কৰা হৈছে । ভূমিকম্পৰ কেন্দ্ৰস্থলৰ ১ হাজাৰ কিল’মিটাৰৰ ভিতৰৰ উপকূলীয় অঞ্চল চুনামিয়ে প্ৰভাৱিত কৰাৰ আশংকা কৰা হৈছে ।

উল্লেখ্য যে, শনিবাৰে নিশাও ইণ্ডোনেছিয়াত ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছিল(Earthquake hits Indonesia) । এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল দেশখনৰ পূৱ মালুকু প্ৰদেশৰ দায়া জিলাৰ পৰা ১৬৩ কিল’মিটাৰ উত্তৰ-পূৱত থকা এক অঞ্চল । ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.৬ আৰু গভীৰতা আছিল ১০ কিল’মিটাৰ । দেশখনত সঘনাই সংঘটিত হোৱা প্ৰাকৃতিক দুৰ্যোগে শংকিত কৰি তুলিছে উপকূলীয় অঞ্চলৰ লোকসকলক ।

আগ্নেয়গিৰি, ভূমিকম্প, ছুনামি আদিয়ে প্ৰায়েই ইণ্ডোনেছিয়াত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰে । প্ৰাকৃতিক দুৰ্যোগে বিধ্বস্ত কৰা অঞ্চলৰ লোকে প্ৰাণৰ মমতাত আপোন ঘৰ এৰি নিৰাপদ স্থানলৈ স্থানান্তৰিত হ'বলগীয়া হয় । ইতিমধ্যে প্ৰকৃতিৰ ৰোষত পৰি বহুলোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে ।

লগতে পঢ়ক: First death in Omicron: অ’মিক্ৰণত প্ৰথমগৰাকী ৰোগীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.