ETV Bharat / international

আফগানিস্তানত শান্তি প্ৰক্ৰিয়া: এছ জয়শংকৰ-আশ্ৰৰফ ঘানিৰ আলোচনা - তালিবান আৰু আফগানিস্তান চৰকাৰে

আফগানিস্তানত শান্তি স্থাপন সন্দৰ্ভত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে আফগানিস্তানৰ ৰাষ্ট্ৰপতি আশ্ৰৰফ ঘানিৰে ফোনযোগে বাৰ্তালাপ কৰে । ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কয় যে, ভাৰতে আফগানিস্তানক স্পষ্টভাৱে সাৰ্বভৌম, গণতান্ত্ৰিক ৰূপত চাব বিচাৰে, যিয়ে সংখ্যালঘুসকলৰ স্বাৰ্থৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

আশ্ৰৰফ ঘানিৰ আলোচনা
আশ্ৰৰফ ঘানিৰ আলোচনা
author img

By

Published : Mar 30, 2021, 4:16 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,৩০ মাৰ্চ: সোমবাৰে আফগানিস্তানৰ শান্তি প্ৰক্ৰিয়া সন্দৰ্ভত ভাৰতৰ তৰফৰ পৰা মতামত আগবঢ়ালে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে । ফোনযোগে আফগানিস্তানৰ ৰাষ্ট্ৰপতি আশ্ৰৰফ ঘানিৰে বাৰ্তালাপ কৰে । মঙলবাৰে নৱম হাৰ্ট অৱ এছিয়া-ইস্তানবুল প্ৰক্ৰিয়া মন্ত্ৰী সন্মিলনত অংশগ্ৰহণ কৰাৰ বাবে মন্ত্ৰী এছ জয়শংকৰ তাজিকিস্তানৰ ৰাজধানীত আছে ।

মন্ত্ৰী এছ জয়শংকৰে কয় যে, ৰাষ্ট্ৰপতি আশ্ৰৰফ ঘানিৰে কথা পাতিবলৈ পাই তেওঁ কৃতজ্ঞ । শান্তি প্ৰক্ৰিয়া সন্দৰ্ভত ভাৰতৰ দৃষ্টিভংগী ৰাষ্ট্ৰপতিগৰাকীক জনোৱা হৈছে বুলিও জয়শংকৰে টুইটযোগে জানিবলৈ দিয়ে । বিগত সপ্তাহত জয়শংকৰে কৈছিল যে, ভাৰতে আফগানিস্তানক স্পষ্টভাৱে সাৰ্বভৌম, গণতান্ত্ৰিক ৰূপত চাব বিচাৰে, যিয়ে সংখ্যালঘুসকলৰ স্বাৰ্থৰ ওপৰত গুৰুত্ব আৰোপ কৰে । তালিবান আৰু আফগানিস্তান চৰকাৰে ১৯ বছৰীয়া যুদ্ধ সমাপ্ত কৰিবলৈ পোনপটীয়াভাৱে আলোচনা কৰি আছে ।

এই ১৯ বছৰীয়া যুদ্ধত দহ হাজাৰ লোকে প্ৰাণ হেৰুৱালে আৰু দেশৰ বিভিন্ন প্ৰান্তত ক্ষতিসাধন হৈছে । আফগানিস্তানৰ শান্তি আৰু সুস্থিৰতা স্থাপনৰ ক্ষেত্ৰত ভাৰতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে । ভাৰতে ইতিমধ্যে সাহায্য আৰু পুনৰ নিৰ্মাণ কাৰ্যৰ বাবে আফাগানিস্তানত দুই বিলিয়ন মাৰ্কিন ডলাৰ বিনিয়োগ কৰিছে ।

হাৰ্ট অৱ এছিয়া-ইস্তানবুল প্ৰক্ৰিয়া হৈছে ইস্তানবুল প্ৰক্ৰিয়াৰ এক অংশ । ইস্তানবুল প্ৰক্ৰিয়াই সুস্থিৰ আৰু শান্তিপূৰ্ণ আফগানিস্তানৰ বাবে নিৰাপত্তা আৰু সহযোগিতাৰ দিশত এক আঞ্চলিক পদক্ষেপ গ্ৰহণৰ কথা সূচায় । এই প্ৰক্ৰিয়া ২০১১ চনৰ ২ নৱেম্বৰত তুৰ্কীত আৰম্ভ কৰা হৈছিল ।

লগতে পঢ়ক: ইন্দোৰত বিমানযাত্ৰীৰ পৰা উদ্ধাৰ হৰিণাৰ শিং

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.