ETV Bharat / international

110 দিনৰ অন্তত মুকলি ডুবাইস্থিত গুৰুদ্বাৰা - ডুবাইত থকা গুৰু নানক গুৰুদ্বাৰা

ডুবাইত থকা গুৰু নানক গুৰুদ্বাৰাটো সুদীৰ্ঘ 110 দিনৰ অন্তত মুকলি কৰা হয় ৷ স্থানীয় জনগোষ্ঠী উন্নয়ন আয়োগে গুৰুদ্বাৰাটো মুকলি কৰিবলৈ অনুমতি দিয়াৰ পিচতেই ইয়াক মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

110 দিনৰ অন্তত মুকলি ডুবাইস্থিত গুৰুদ্বাৰা

author img

By

Published : Jul 5, 2020, 10:27 PM IST

নিউজ ডেস্ক, 5 জুলাই : প্ৰায় 110দিনৰ অন্তত মুকলি কৰা হয় ডুবাইত থকা গুৰু নানক গুৰুদ্বাৰা ৷ কোভিড-19 মহামাৰীৰ বাবে বিগত সময়ত বন্ধ হৈ আছিল গুৰুদ্বাৰাটোৰ মুল দ্বাৰ ৷ ডুবাইত থকা এইটোৱে হৈছে একমাত্ৰ গুৰুদ্বাৰা য'ত শিখসকলে প্ৰাৰ্থনা আৰু সেৱা আগবঢ়ায় আৰু বিগত মাৰ্চৰ পৰাই ইয়াক বন্ধ কৰি ৰখা হৈছিল ৷

অৱশেষত ডুবাইৰ স্থানীয় জনগোষ্ঠী উন্নয়ন আয়োগে ইয়াক মুকলি কৰিবলৈ দিয়া অনুমতিৰ পিচতেই গুৰুদ্বাৰাটো মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে পৰিচালনা কমিটীয়ে ৷ এই কথা সংবাদমাধ্য়মৰ আগত প্ৰকাশ কৰে গুৰুদ্বাৰা পৰিচালনা কমিটীৰ অধ্যক্ষ সুৰেন্দৰ সিং কান্ধাৰীয়ে ৷

ইতিমধ্যে এই পৱিত্ৰ স্থানত দিনৰ ভাগত 9 বজাৰ পৰা আধাঘন্টা সময় আৰু আবেলিৰ ভাগত 6 বজাৰ পৰা আধাঘন্টা সময় প্ৰাৰ্থনা কৰা হ'ব ৷ সামাজিক দুৰত্বকে ধৰি কোভিড-19ৰ সকলো সুৰক্ষাজনিত দিশ আগত ৰাখি ইয়াক মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷

লগতে পঢ়কঃ কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীয়ে দান কৰিব প্লাজমা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.