ETV Bharat / international

অৰ্থনৈতিক সংকটৰ বিৰুদ্ধে ছাৰ্ক ৰাষ্ট্ৰসমূহে কিদৰে যুঁজ আগবঢ়াইছে ?

author img

By

Published : Apr 26, 2020, 8:54 PM IST

ছাৰ্ক ৰাষ্ট্ৰসমূহৰ অৰ্থনৈতিক পেকেজ ঘোষণা ৷ অৰ্থনৈতিক সংকটৰ বিৰুদ্ধে ছাৰ্ক ৰাষ্ট্ৰসমূহৰ যুঁজ ৷

অৰ্থনৈতিক সংকটৰ বিৰুদ্ধে ছাৰ্ক ৰাষ্ট্ৰসমূহৰ যুঁজ
ছাৰ্ক ৰাষ্ট্ৰসমূহৰ অৰ্থনৈতিক পেকেজ ঘোষণা

ইন্টাৰনেশ্যনেল ডেস্ক, 26 এপ্ৰিল : COVID-19 মহামাৰীৰ এই জটিল সময়ছোৱাত বিনিয়োগ বৃদ্ধি,ব্যক্তিগত ব্যৱসায়িক সংগঠনসমূহৰ উন্নয়ন আৰু অৰ্থনৈতিক পতন ৰোধ কৰিবৰ বাবে ছাৰ্ক ৰাষ্ট্ৰসমূহে ঘোষণা কৰিছে বিভিন্ন ধৰণৰ অৰ্থনৈতিক পেকেজ ৷ বিশ্ব বেংকেও শেহতীয়াকৈ সাৱধান কৰি দিছে যে, কৰ'ণা ভাইৰাছৰ ফলত বিশ্বজোৰা সংকটময় পৰিস্থিতিত 40 বছৰৰ অন্তত দক্ষিণ এছিয়াৰ দেশসমূহে নিকৃষ্টতম অৰ্থনৈতিক সংকটত ভুগিছে ৷

সেয়েহে এই সময়ছোৱাত চৰকাৰসমূহক স্বাস্থ্যখণ্ডত বিনিয়োগৰ জৰিয়তে দেশৰ জনতাক সুৰক্ষিত কৰা,বিশেষকৈ দুখীয়া আৰু অসুৰক্ষিত সকললৈ সেৱা প্ৰদান কৰাৰ লগতে খৰটকীয়া অৰ্থনৈতিক বিকাশৰ বাবে ব্য়ৱস্থা গ্ৰহণ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে বিশ্ব বেংকে ৷

ভাৰতৰ 1.7 লাখ কোটি টকাৰ অৰ্থনৈতিক সাহাৰ্য আঁচনি ঘোষণা

ছাৰ্ক ৰাষ্ট্ৰসমূহৰ ভিতৰত সৰ্বাধিক ধনী আৰু 2.9 ট্ৰিলিয়ন আমেৰিকান ডলাৰৰ দেশ ভাৰতে ঘোষণা কৰিছে 1.7 লাখ কোটি টকাৰ (22.6 বিলিয়ন আমেৰিকান ডলাৰ) অৰ্থনৈতিক আঁচনি ৷ এই আঁচনিৰ জৰিয়তে ভাৰতে বয়োজ্যেষ্ঠ দুখীয়া লোক আৰু মহিলালৈ একাউন্টত নগদ ধন প্ৰদান কৰাৰ লগতে মিলিয়ন লোকক খাদ্য শস্য আৰু ৰন্ধন গেছ প্ৰদান কৰিছে ৷ ইয়াৰোপৰি,কেন্দ্ৰীয় বেংকে ঋণৰ কৰ 75 শতাংশলৈ কৰ্তন কৰি ঋণ গ্ৰহণকাৰী সকলক সকাহ দিয়াৰ চেষ্টা কৰিছে ৷ ঋণৰ কিস্তি প্ৰদানৰ বাবে তিনি মাহ সময় বৃদ্ধি কৰাৰো ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে ৷

পাকিস্তানৰ 1.2 লাখ কোটি টকাৰ সাহাৰ্য পেকেজ ঘোষণা

যোৱা মাহত পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে 1.2 লাখ কোটি টকাৰ সাহাৰ্য পেকেজ ঘোষণা কৰিছে ৷ ব্যৱসায় খণ্ড আৰু অসুৰক্ষিত লোকসকলৰ সাহাৰ্যাৰ্থে ঘোষণা কৰা হৈছে এই পেকেজ ৷ ইয়াৰোপৰি, ক্ষুদ্ৰ আৰু মধ্য়মীয়া প্ৰতিষ্ঠানসমূহৰ বাবেও পাকিস্তান চৰকাৰে ঘোষণা কৰিছে অতিৰিক্ত 7,500 কোটি টকা ৷ বহু ব্যৱসায়ীক কৰ ৰিফাণ্ড হিচাপে 20,000 কোটি টকা প্ৰদান কৰিছে পাকিস্তান চৰকাৰে ৷ ব্যক্তিগত খণ্ডসমূহে দাবী উত্থাপন কৰাৰ পাচৰ পৰাই পাকিস্তানৰ কেন্দ্ৰীয় বেংকে কৰ কৰ্তনৰ হাৰ 13.25 শতাংশৰ পৰা 9 শতাংশলৈ হ্ৰাস কৰিছিল ৷

বাংলাদেশৰ 11.6 বিলিয়ন আমেৰিকান ডলাৰৰ অৰ্থনৈতিক সাহাৰ্য ঘোষণা

অৰ্থনীতিৰ বিকাশৰ বাবে বাংলাদেশে ঘোষণা কৰিছে 11.6 বিলিয়ন আমেৰিকান ডলাৰৰ পেকেজ ৷ ইয়াৰ জৰিয়তে নিৰ্মাণকাৰ্য আৰু সেৱা খণ্ড,কৃষিখণ্ড সমূহক সাহাৰ্য প্ৰদান কৰিবলৈ গ্ৰহণ কৰিছে এই ব্য়ৱস্থা ৷ শুকুৰবাৰে শ্বেইখ হাছিনাই কয়,"এই সাহাৰ্য পেকেজ আমাৰ GDP ৰ 3.5 শতাংশ হ'ব ৷"

শ্ৰীলংকাই বেংকসমূহৰ বাবে ঘোষণা কৰিলে 250 মিলিয়ন আমেৰিকান ডলাৰ

31 মাৰ্চত শ্ৰীলংকাৰ কেন্দ্ৰীয় বেংকে অন্যান্য বেংকসমূহৰ বিত্ত ব্যৱস্থা টনকিয়াল কৰি তুলিবৰ বাবে 250 মিলিয়ন আমেৰিকান ডলাৰ ঘোষণা কৰিছে ৷ ইয়াৰোপৰি,ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সৈতে প্ৰায় 400 মিলিয়ন মুদ্ৰা সাল-সলনি কৰাৰো ব্যৱস্থা গ্ৰহণ কৰিছে শ্ৰীলংকাই ৷

নেপালৰ সাহাৰ্য পেকেজ আৰু বিদ্যুতত 25 শতাংশ ৰেহাই

লক ডাউনৰ ফলত নেপালৰ ব্যৱসায়িক খণ্ডই প্ৰায় 1.25 বিলিয়ন আমেৰিকান ডলাৰৰ ক্ষতি বহন কৰিব লগা হৈছে ৷ নেপালৰ পৰ্যটন ক্ষেত্ৰ আটাইতকৈ বেছিকৈ ক্ষতিগ্ৰস্ত হৈছে ৷ নেপাল হোটেল এছ'চিয়েছনে উল্লেখ কৰা অনুসৰি, 2020 চনত হোটেল খণ্ডৰ আয় 90 শতাংশলৈ হ্ৰাস পালে ৷ সেয়েহে চৰকাৰক সহায়ৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনায় হোটেল এছ'চিয়েছনে ৷ কৰ'ণা ভাইৰাছৰ ফলত 'Visit Nepal Year 2020' নামৰ আঁচনিও বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ ইয়াৰোপৰি,বিদ্যুতৰ মাছুল 25 শতাংশলৈ হ্ৰাস কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে নেপালে ৷

মালদ্বীপ চৰকাৰে ঘোষণা কৰিলে 2.5 বিলিয়ন আমেৰিকান ডলাৰৰ সাহাৰ্য

দেশখনৰ অৰ্থনৈতিক ব্য়ৱস্থা সুস্থিৰ কৰি তুলিবৰ বাবে মালদ্বীপে 2.5 বিলিয়ন আমেৰিকান ডলাৰৰ সাহাৰ্য ঘোষণা কৰিছে ৷ বেংক অৱ মালদ্বীপে পৰ্যটন মন্ত্ৰণালয়ৰ বাবে ঘোষণা কৰিছে 2 মিলিয়ন আমেৰিকান ডলাৰৰ সাহাৰ্য ৷

হাইড্ৰ'পাৱাৰ আঁচনি নিৰ্মাণৰ বাবে ভূটান চৰকাৰৰ সিদ্ধান্ত

শেহতীয়াকৈ ভূটানৰ অৰ্থনীতি বেয়াকৈ প্ৰভাৱিত হৈছে ৷ COVID-19 ৰ প্ৰভাৱ হ্ৰাস কৰিবৰ বাবে চৰকাৰে হাইড্ৰ'পাৱাৰ আঁচনিৰ নিৰ্মাণ অব্যাহত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰ ৷

আফগান চৰকাৰৰ 25 মিলিয়ন আমেৰিকান ডলাৰৰ ঘোষণা

আফগানিস্তানৰ অৰ্থনীতি সাহাৰ্য আৰু আমদানীৰ ওপৰত নিৰ্ভৰশীল ৷ পূৰ্বেই অচল হৈ থকা আফগানিস্তানৰ অৰ্থনীতিক কৰ'ণা ভাইৰাছে আৰু বেয়াকৈ কোবাই যায় ৷ সেয়েহে এই সংকটৰ পৰা মুক্ত হ'বৰ বাবে আফগানিস্তান চৰকাৰে 25 মিলিয়ন আমেৰিকান ডলাৰৰ সাহাৰ্য ঘোষণা কৰিছে ৷ যুদ্ধবিধস্ত দেশখনলৈ বিশ্ব বেংকে 100.4 মিলিয়ন অৰ্থ সাহাৰ্যৰ কথা ঘোষণা কৰিছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.