নিউজ ডেস্ক, 21 এপ্ৰিলঃ কৰ'ণা ভাইৰাছ মহামাৰীৰ সময়ত ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ নেপালত বৃদ্ধি হৈ অহা চীনৰ প্ৰভাৱে চিন্তিত কৰি তুলিছে ভাৰতীয় সুৰক্ষা ব্যৱস্থাক ।
শেহতীয়াকৈ নেপাল চৰকাৰে আয়োজন কৰা এটা কেম্পত চীনা ভাষাত লিখা কিছু তথ্য পোৱা গৈছে । এই কেম্প উত্তৰ প্ৰদেশৰ ভাৰ-নেপাল সীমান্তত অনুষ্ঠিত হৈছিল । এই ঘটনাই সীমান্তত বাস কৰা লোক সকলকো চিন্তিত কৰি তুলিছে ।এক সূত্ৰ অনুসৰি,নেপাল চৰকাৰে কৰ'ণা ভাইৰাছৰ কাৰণে সীমান্তৱৰ্তী স্থানত কেম্প অনুষ্ঠিত কৰিছিল । ভাৰতে এই তথ্য লাভ কৰাৰ পাচতেই সাম্ভাৱ্য সকলো বিপদৰ সৈতে মোকাবিলা হ'বলৈ প্ৰস্তুত হৈছে ।
লগতে পঢ়কঃ অসম পালেহি ৯৬০০ ৰেপিড টেষ্ট কিটঃ আধা ঘণ্টাতে হ'ব পৰীক্ষা