নিউজ ডেস্ক,২জুলাই: সীমান্তৰ গালৱান ঘাটিত সৃষ্টি হোৱা ভাৰত চীন বিবাদৰ পাছতো এতিয়াও চীনে ভাৰতৰ বিৰুদ্ধে নতুন নতুন কৌশলেৰে ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হোৱা দেখিবলৈ পোৱা গৈছে । ভাৰতত অশান্তি বিয়পোৱাৰ বাবে চীনে এতিয়া সহায় লৈছে সন্ত্ৰাসবাদী সংগঠণৰ ।
ম্যানমাৰৰ এটা স্থানীয় সংবাদ প্ৰতিস্থানত প্ৰকাশিত তথ্য মতে, বেইজিঙে ম্যানমাৰৰ সন্ত্ৰাসবাদী সংগঠণ সমূহক ধন আৰু অত্যাধুনিক অস্ত্ৰ শস্ত্ৰৰ যোগানেৰে সন্ত্ৰাস বিয়পোৱাৰ বাবে উৎসাহ দিবলৈ আৰম্ভ কৰিছে । ইয়াৰ ওপৰিও জম্মু কাশ্মীৰত সন্ত্ৰাস বিয়পাবৰ বাবে সন্ত্ৰাসবাদী সংগঠণ 'অল বদ্ৰ'কো সক্ৰিয় কৰিবৰ বাবে প্ৰয়োগ কৰিছে কৌশল ।
ইফালে ম্যানমাৰৰ সন্ত্ৰাসবাদী সংগঠণ আৰাকান সেনাক ধন আৰু অত্যাধুনিক অস্ত্ৰ যোগানেৰে আন এটা কূটনৈতিক কৌশলেৰে ম্যানমাৰ আৰু উত্তৰ পূব ভাৰতৰ কৰিডৰত থকা চিন আৰু ৰাখাইন ৰাজ্য দুখনক বস কৰাৰ আন এক অভিসন্ধি ৰচিছে বুলি প্ৰকাশ কৰিলে লিকাচ নিউজৰ বাতৰিটোত ।