ETV Bharat / international

চীনে বাতিল কৰিলে মাউণ্ট এভাৰেষ্ট আৰোহণৰ কাৰ্যসূচী

চুবুৰীয়া দেশ নেপালৰ পৰ্বতাৰোহীৰ পৰা ক'ভিড-১৯ ৰ সংক্ৰমণ হোৱাৰ আশংকাত চলিত বৰ্ষতো চীনৰ ফালৰ পৰা মাউণ্ট এভাৰেষ্ট আৰোহণৰ কাৰ্যসূচী বাতিল কৰা হৈছে । শুকুৰবাৰে এক জাননীযোগে এই কথা নিশ্চিত কৰে চীনৰ চৰকাৰে । চলিত বৰ্ষৰ বাবে ৩৮ জন পৰ্বতাৰোহীক মাউণ্ট এভাৰেষ্ট আৰোহণৰ অনুমতি দিছিল চীনে ।

author img

By

Published : May 15, 2021, 1:34 PM IST

China has cancelled attempts to climb Mount Everest from its side
চলিত বৰ্ষতো চীনে বাতিল কৰিলে মাউণ্ট এভাৰেষ্ট আৰোহণৰ কাৰ্যসূচী

ইণ্টাৰনেশ্যনেল ডেস্ক,১৫ মে': সমগ্ৰ বিশ্বত অব্যাহত আছে ক'ভিড-১৯ ৰ সংহাৰ । মহামাৰীৰ সংক্ৰমণে যাতে ভয়াৱহ ৰূপ ল'ব নোৱাৰে, তাৰ বাবে সাম্ভাব্য সকলো পদক্ষেপ গ্ৰহণ কৰিছে । চীনে চলিত বৰ্ষত মাউণ্ট এভাৰেষ্ট আৰোহণৰ কাৰ্যসূচী বাতিল কৰিছে ৷

চুবুৰীয়া দেশ নেপালৰ পৰ্বতাৰোহীৰ পৰা চীনৰ পৰ্বতাৰোহীলৈ মহামাৰীৰ সংক্ৰমণ হোৱাৰ আশংকাত মাউণ্ট এভাৰেষ্ট আৰোহণৰ প্ৰচেষ্টা চলাব দিয়া নহ'ব বুলি ঘোষণা কৰিছে চীনে । চীনৰ ক্ৰীড়া বিভাগৰ সাধাৰণ প্ৰশাসনে নিশ্চিত এক জাননীযোগে নিশ্চিত কৰিছে এই তথ্য । ছিনহুয়া সংবাদ গোষ্ঠীয়ে এই কথা প্ৰকাশ কৰিছে ।

চীনত বৰ্তমান মহামাৰীৰ সংক্ৰমণ নিয়ন্ত্ৰিত অৱস্থাত আছে যদিও নেপালত ভয়াৱহভাৱে বৃদ্ধি পাইছে নতুনকৈ আক্ৰান্ত হোৱা লোকৰ সংখ্যা । চীনে চলিত বৰ্ষত ৮,৮৪৯ মিটাৰ উচ্চতাৰ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিবলৈ ৩৮ জন চীনা নাগৰিকক অনুমতি দিছিল । ইফালে, নেপালে ৪০৮ জন লোকক অনুমতি দিছিল । মহামাৰীৰ বাবে যোৱা বছৰ দুয়োখন দেশৰ ফালৰ পৰা আৰোহণৰ অনুমতি দিয়া হোৱা নাছিল ।

শেহতীয়াকৈ এভাৰেষ্ট আৰোহণ কৰিবলগীয়া নেপালৰ কেইবাজনো পৰ্বতাৰোহী কৰ'ণাত আক্ৰান্ত হৈছে । মে' মাহ সাধাৰণতে এভাৰেষ্ট আৰোহণৰ বাবে আটাইতকৈ ভাল বতৰ । বতৰ ভাল হোৱাৰ পিছত চলিত মাহৰ শেষৰ ফালে আৰোহণৰ প্ৰচেষ্টা কৰিব পৰা যাব বুলি আশা কৰা হৈছে । নেপালৰ ফালৰ পৰা মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিবলৈ প্ৰয়াস কৰা দুজন পৰ্বতাৰোহীৰ মৃত্যু হৈছে ।

ইয়াৰে এজন ছুইজাৰলেণ্ডৰ আৰু এজন আমেৰিকাৰ । চীনে পূৰ্বে কৈছিল যে, তেওঁলোকে মাউণ্ট এভাৰেষ্টত এডাল পৃথকীকৰণ ৰেখা স্থাপন কৰিব আৰু চীনৰ ফালৰ পৰা যোৱা লোকসকলক নেপালৰ ফালৰ পৰা অহা পৰ্বতাৰোহীৰ সংস্পৰ্শলৈ অহাত বাধা দিব । কিন্তু সেয়া হৈ নুঠিল ।

লগতে পঢ়ক: কাবুলৰ বিদ্যালয়ত বিস্ফোৰণ: মৃতকৰ সংখ্যা 53 লৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.