ETV Bharat / international

ভাৰতৰ পৰা গাহৰি আমদানিত নিষেধাজ্ঞা চীনৰ - অসমত আফ্ৰিকান ছোৱাইন ফিভাৰ

চীনৰ সীমা শুল্ক প্ৰশাসন তথা কৃষি আৰু গ্ৰামোন্নয়ন মন্ত্ৰণালয়ৰ এক যৌথ জানানিৰ উদ্ধৃতি দি চীনৰ সংবাদ মাধ্যম 'গ্ল'বেল টাইমছে' কয় যে, চীনে ভাৰতৰ পৰা ঘৰচীয়া আৰু বনৰীয়া গাহৰিৰ উপৰিও গাহৰি জাতীয় সামগ্ৰীৰ আমদানি বন্ধ কৰিব ।

China ban pork imports from India to prevent swine fever: Report
ভাৰতৰ পৰা গাহৰি আমদানিত নিষেধাজ্ঞা চীনৰ
author img

By

Published : May 29, 2020, 2:47 PM IST

ইন্টাৰনেশ্যনেল,29 মেঃ ভাৰতৰ পৰা গাহৰিৰ আমদানিত নিষেধাজ্ঞা ঘোষণা চীনৰ । আফ্ৰিকান ছোৱাইন ফিভাৰ সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰিয়েই এই সিদ্ধান্ত গ্ৰহণ কৰে চীনে । চীনৰ সীমা শুল্ক প্ৰশাসন তথা কৃষি আৰু গ্ৰামোন্নয়ন মন্ত্ৰণালয়ৰ এক যৌথ জানানিৰ উদ্ধৃতি দি চীনৰ সংবাদ মাধ্যম 'গ্ল'বেল টাইমছে' কয় যে, চীনে ভাৰতৰ পৰা ঘৰচীয়া আৰু বনৰীয়া গাহৰিৰ উপৰিও গাহৰি জাতীয় সামগ্ৰীৰ আমদানি বন্ধ কৰিব ।

বেইজিং আৰু দিল্লীৰ মাজত চলি থকা সীমা সংঘাতৰ পিছতেই এই নিষেধাজ্ঞা জাৰি চীনৰ । উল্লেখ্য যে, গ্ল'বেল টাইমছে জনোৱা অনুসৰি গেলৱান উপত্যকা অঞ্চলত দুয়োখন দেশৰে মাজত সৃষ্টি হোৱা উত্তেজনাৰ পিছতেই গাহৰিৰ আমদানি বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাষ্ট্ৰখনে । ইয়াৰ বাবে চীনে সীমান্তত ভাৰতৰ সাম্প্ৰতিক অবৈধ প্ৰতিৰক্ষা ব্যৱস্থাক দোষাৰোপ কৰে ।

সংবাদপ্ৰত্ৰ খনত উল্লেখ কৰা অনুসৰি ভাৰতে চলিত মাহৰ আৰম্ভনিতে অসমত ঘৰচীয়া আৰু বনৰীয়া গাহৰিৰ দেহত আফ্ৰিকান ছোৱাইন ফিভাৰৰ প্ৰথমটো ঘটনাৰ তথ্য লাভ । এইপৰ্যন্ত এই ৰোগত অসমৰ 14,000তকৈ ও অধিক গাহৰিৰ মৃত্যু হৈছে ।

আনহাতে, সীমা বিবাদ সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ মুখপাত্ৰ অনুৰাগ শ্ৰীবাস্তৱে বৃহস্পতিবাৰে কয় যে, ভাৰতে শন্তিপূৰ্ণভাৱে সীমা বিবাদসমহ মিমাংসা কৰাৰ বাবে চীনৰ সৈতে আলোচনা চলাই আছে ।

ভৰাতত চীনৰ ৰাষ্ট্ৰদূত ছান ৱেইডঙে দুয়োখন দেশে দ্বি-পাক্ষিক সম্বন্ধসমূহ ভংগ নকৰি আলোচনাৰ মাধ্যমেৰে বিবাদসমূহ মিমাংসা কৰাৰ বাবে আলোচনা অব্যাহত ৰাখা উচিত বুলি মন্তব্য কৰাৰ পিছতেই ভাৰতে এই সন্দৰ্ভত নিজৰ মতামত ব্যক্ত কৰে ।

লগতে পঢ়ক- Covid-19 : বিশ্বৰ সামগ্ৰিক তথ্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.