নিউজ ডেস্ক, 26 এপ্ৰিল : বৌদ্ধিক সম্পত্তিৰ অধিকাৰৰ অৱদানৰ ভূমিকা পালন কৰিবৰ বাবে প্ৰতি বছৰে 26 এপ্ৰিলৰ দিনটোত পালন কৰা হয় বিশ্ব বৌদ্ধিক সম্পত্তি দিৱস ৷ বিশ্ব বৌদ্ধিক সম্পত্তি সংগঠনৰ (World Intellectual Property Organization) দ্বাৰা 2000 চনতো আয়োজন কৰা হৈছিল বিশ্ব বৌদ্ধিক সম্পত্তি দিৱস ৷
ইয়াৰ জৰিয়তে 'দৈনন্দিন জীৱনত পণ্যদ্ৰব্য উদ্ভাৱকৰ আইনগত স্বত্ব, স্বত্বাধিকাৰ, ট্ৰেডমাৰ্ক আৰু ডিজাইন' আৰু 'সৃষ্টিশীলতা, বিশ্বজুৰি সমাজৰ উন্নয়নৰ বাবে সৃষ্টিকৰ্তা আৰু উদ্ভাৱকসকলৰ অৱদান'ক উদযাপন কৰাৰ প্ৰচেষ্টা গ্ৰহণ কৰা হৈছিল ৷
Intellectual Property Rights (IPRs) হৈছে চৰকাৰৰ বৌদ্ধিক সম্পত্তিৰ উদ্ভাৱকসকলক মৰ্যাদা প্ৰদানৰ অধিকাৰ ৷ কোনো দেশত IP ৰ সুৰক্ষাৰ বাবে সংশ্লিষ্ট আইনৰ জৰিয়তে পৃথককৈ সুৰক্ষা আদায় কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৷
COVID-19 মহামাৰীৰ এই সময়চোৱাতে ICC য়ে বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO) সৈতে একত্ৰিত হৈ কৰ'ণা ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে উপায় উদ্ভাৱন কৰিবলৈ তথ্য সংগ্ৰহ কৰিছে ৷
WIPO ৰ মতে, বৌদ্ধিক সম্পত্তি দিৱসৰ উদ্দেশ্য হৈছে উদ্ভাৱন ক্ষেত্ৰত বৌদ্ধিক সম্পত্তিৰ অধিকাৰৰ অৱদানক প্ৰচাৰ কৰা ৷