ETV Bharat / international

ফ্ল'ৰিডা আৰু পেনচিলভেনিয়াত ট্ৰাম্পতকৈ আগত বিডেন - বিডেন

সমাগত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচন ৷ জৰীপত ট্ৰাম্পতকৈ আগত বিডেন ৷ ফ্লৰিডা আৰু পেনচিলভেনিয়াত ৰাষ্ট্ৰপতি ট্ৰাম্পৰ 42 % প্ৰত্যাশিত ভোটৰ পৰিৱৰ্তে 49 % ভোটেৰে বিডেন ট্ৰাম্পতকৈ আগুৱাই আছে ৷ দুয়োৰে মাজত হোৱা 29 তাৰিখৰ তৰ্কযুদ্ধৰ পাছতে ভোটাৰৰ মন্তব্য ট্ৰাম্পৰ প্ৰতি তেওঁলোকৰ পূৰ্বতকৈও কম সমৰ্থন আছে ৷

দুই গুৰুত্বপূৰ্ণ ৰাজ্যত ট্ৰাম্পতকৈ আগত বিডেন

author img

By

Published : Oct 4, 2020, 8:56 PM IST

নেশ্যনেল ডেস্ক, 4 অক্টোবৰ: তুংগত উঠিছে বিডেন আৰু ট্ৰাম্পৰ মাজৰ যুদ্ধ ৷ এক নতুন জৰীপত এই কথা প্ৰকাশ পাইছে যে দুখনকৈ গুৰুত্বপূৰ্ণ ৰাজ্যত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি পদৰ আসন্ন নিৰ্বাচনৰ বাবে দাবীদাৰ দুই প্ৰাৰ্থীৰ জ' বিডেন ড'নাল্ড ট্ৰাম্পতকৈ আগুৱাই আছে ৷ চেপ্তেম্বৰ 29 তাৰিখে দুই প্ৰতিদ্বন্দীৰ মাজত হোৱা তুমুল বাক যুদ্ধৰ পাছতে এই কথা গম পোৱা গৈছে যে ফ্ল'ৰিডা আৰু পেনচিলভেনিয়াৰ দুখন মুখ্য ৰাজ্যত ট্ৰাম্প বিডেনতকৈ পাছ পৰি ৰৈছে ৷

শনিবাৰে দ্য নিউ ইয়ৰ্ক টাইমছে প্ৰকাশ কৰা অনুসৰি ডেম’ক্ৰেট প্ৰাৰ্থী জ' বিডেন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পতকৈ আগুৱাই আছে ৷ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ 42 % প্ৰত্যাশিত ভোটৰ পৰিৱৰ্তে 49 % ভোটেৰে বিডেন ট্ৰাম্পতকৈ আগুৱাই আছে ৷

ফ্ল'ৰিডাত প্ৰাক্তন উপ ৰাষ্ট্ৰপতি গৰাকী কিছু কম ব্যৱধানত আগুৱাই আছে ৷ দুয়োখন ৰাজ্যৰে নিৰ্বাচনী দৌৰত 2016 বৰ্ষত ট্ৰাম্পে জয়লাভ কৰিছিল ৷ যোৱা সপ্তাহত ৰিয়েল ক্লিয়াৰ পলিটিক্সে প্ৰকাশ কৰিছে যে জুলাই মাহত 8.4 শতাংশ পইন্টত পিছুৱাই থকা বিডেন বৰ্তমান ফ্ল'ৰিডাত 1.3 পইন্টত আগুৱাই আছে ৷

টাইমছ- চিয়েনা কলেজৰ জৰীপ অনুসৰি ফ্লৰিডা আৰু পেনচিলভেনিয়াৰ ৰ প্ৰায় 21 শতাংশ ভোটাৰে ট্ৰাম্প তৰ্কযুদ্ধত জিকিছে বুলি মত প্ৰকাশ কৰাৰ বিপৰীতে প্ৰায় 65 শতাংশ লোকে ৰাষ্ট্ৰপতি গৰাকীৰ ব্যৱহাৰ নিৰাশাজনক আখ্যা দিয়ে ৷

অন্য 48 শতাংশই কয় যে বাকযুদ্ধৰ পাছত এতিয়া তেওঁলোকে ট্ৰাম্পক পূৰ্বতকৈও কম সমৰ্থন কৰে ৷ ইফালে তৰ্কযুদ্ধৰ পাছতে ট্ৰাম্পে নিজক ক'ভিড-19 পজিটিভ বুলি ঘোষণা কৰাৰ পূৰ্বেই অনুষ্ঠিত হিল হেৰিছ এক্স জৰীপ অনুসৰি ৰাষ্ট্ৰীয়ভাৱে বিডেন 7 শতাংশ পইন্টত আগুৱাই আছে , এই সংখ্যা চেপ্তেম্বৰ 19-21 ত অনুষ্ঠিত হোৱা জৰীপতকৈ 2 পইন্ট অধিক ৷

লগতে পঢ়ক: ট্ৰাম্প-বিডেনৰ তৰ্কযুদ্ধৰ অৰাজকতাৰ বাবে সলনি কৰা হ'ব আৰ্হি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.