ETV Bharat / international

আফগানিস্তানৰ 'বৈধ তত্বাৱধায়ক ৰাষ্ট্ৰপতি' ঘোষণা আমৰুল্লাহ ছালেহৰ - ৰাষ্ট্ৰপতি আশ্ৰফ ঘানি

তালিবানে(Taliban) আফগানিস্তান(Afghanistan) দখল কৰাক লৈ সৃষ্টি হোৱা সংকটপূৰ্ণ পৰিস্থিতিৰ মাজতে দেশৰ দায়িত্ব ল'বলৈ আগবাঢ়ি আহিছে উপ-ৰাষ্ট্ৰপতি আমৰুল্লাহ ছালেহে(Amrullah Saleh) । মঙলবাৰে তেওঁ ঘোষণা কৰে যে, তেওঁ বৰ্তমানেও আফগানিস্তানতে আছে আৰু তেওঁ 'বৈধ তত্বাৱধায়ক ৰাষ্ট্ৰপতি' ।

Amrullah Saleh emerges to declare himself Afghan legitimate caretaker President
নিজকে আফগানিস্তানৰ 'বৈধ তত্বাৱধায়ক ৰাষ্ট্ৰপতি' ঘোষণা আমৰুল্লাহ ছালেহৰ
author img

By

Published : Aug 18, 2021, 1:06 PM IST

নেশ্যনেল ডেস্ক, ১৮ আগষ্ট : শেহতীয়াকৈ তালিবানে আফগানিস্তানত আধিপত্য বিস্তাৰ কৰাৰ পূৰ্বে দেশখনৰ উপ-ৰাষ্ট্ৰপতি দায়িত্ব পালন কৰা আমৰুল্লাহ ছালেহে(Amrullah Saleh) এতিয়া নিজকে দেশখনৰ 'বৈধ তত্বাৱধায়ক ৰাষ্ট্ৰপতি' বুলি ঘোষণা কৰিছে । মঙলবাৰে টুইটযোগে ছালেহে ঘোষণা যে, তেওঁ বৰ্তমানেও আফগানিস্তানতে আছে ।

উল্লেখ্য যে, তালিবানে কাবুলৰ দিশে আগবাঢ়ি অহাৰ সময়তে আফগানিস্তানৰ ৰাষ্ট্ৰপতি আশ্ৰফ ঘানিয়ে দেশ ত্যাগ কৰিছিল আৰু এতিয়াও তেওঁৰ অৱস্থান সম্পৰ্কে কোনো তথ্য জানিব পৰা হোৱা নাই । ঘানিৰ সৈতে ছালেহো পলায়ন কৰা বুলি চৰ্চা আৰম্ভ হৈছিল । মঙলবাৰে আমৰুল্লাহ ছালেহে এই বিষয়ে কেতবোৰ তথ্য ৰাজহুৱা কৰে ।

টুইটযোগে তেওঁ উল্লেখ কৰে যে, আফগানিস্তানৰ সংবিধান অনুসৰি, ৰাষ্ট্ৰপতিৰ অনুপস্থিতি, পলায়ন, মৃত্যু অথবা ৰাষ্ট্ৰপতিয়ে পদত্যাগ কৰিলে উপ-ৰাষ্ট্ৰপতিয়ে তত্বাৱধায়ক ৰাষ্ট্ৰপতিৰ দায়িত্ব পালন কৰিব লাগে । তেওঁ বৰ্তমানেও নিজ দেশতে আছে বুলিও টুইটটোত স্পষ্ট কৰি দিয়ে । সকলো নেতাৰ সমৰ্থন আৰু সহমতৰ বাবে তেওঁলোকক সাক্ষাৎ কৰিব বুলিও তেওঁ জানিবলৈ দিয়ে ।

  • Clarity: As per d constitution of Afg, in absence, escape, resignation or death of the President the FVP becomes the caretaker President. I am currently inside my country & am the legitimate care taker President. Am reaching out to all leaders to secure their support & consensus.

    — Amrullah Saleh (@AmrullahSaleh2) August 17, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

পাকিস্তানৰ আশীৰ্বাদপুষ্ট অপশক্তিৰ অত্যাচাৰ আৰু নিৰ্মম স্বৈৰাচাৰী শাসনৰ বিৰোধিতা কৰাটো দেশখনৰ সকলো নাগৰিকৰ অধিকাৰ বুলি তেওঁ উল্লেখ কৰে । তেওঁ কয় যে, আফগসকলে প্ৰমাণ কৰিব লাগিব যে আফগানিস্তান 'ভিয়েটনাম' নহয় আৰু তালিবান 'ভিয়েটকঙ'ৰ দৰে নহয় ।

আন এক টুইটত তেওঁ উল্লেখ কৰিছে যে, আফগানিস্তানৰ জনতাই আমেৰিকাৰ দৰে নিজৰ সাহস হেৰুওৱা নাই । তদুপৰি সকলোকে এই যুঁজত জড়িত হ'বলৈ আহ্বান জনায় । দেশখনৰ শাসন ব্যৱস্থা চলাই নিয়াৰ সন্দৰ্ভত কাটাৰৰ ডোহাত আলোচনা অব্যাহত ৰাখিছে তালিবানে । শেহতীয়াকৈ আফগানিস্তানৰ ৰাষ্ট্ৰপতি ভৱনো দখল কৰিছে তালিবানে । কাবুল সম্পূৰ্ণ ৰূপে তালিবানে নিজৰ নিয়ন্ত্ৰণলৈ আনিছে ।

  • It is futile to argue with @POTUS on Afg now. Let him digest it. We d Afgs must prove tht Afgh isn't Vietnam & the Talibs aren't even remotely like Vietcong. Unlike US/NATO we hvn't lost spirit & see enormous oprtnities ahead. Useless caveats are finished. JOIN THE RESISTANCE.

লগতে পঢ়ক: আফগানসকলৰ বাবে জৰুৰীকালীন ই-ভিছা ঘোষণা ভাৰতৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.