ইন্টাৰনেশ্য়নেল ডেস্ক , ২৭ ডিচেম্বৰ : আফগানিস্তানৰ হেলমণ্ড চহৰত এক বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হয় । শনিবাৰে দক্ষিণ হেলমণ্ডৰ নৱা জিলাত পুৱা সংঘটিত এই বোমা বিস্ফোৰণত এজন ৰাষ্ট্ৰীয় সুৰক্ষা কৰ্মীৰ মৃত্য়ু হয় । জিলাখনত থকা ৰাষ্ট্ৰীয় সুৰক্ষা বলৰ নিৰ্দেশকজনৰ লগতে আন এজন জোৱানৰো মৃত্য়ু হয় এই বিস্ফোৰণত ।
সমান্তৰালকৈ সন্ত্ৰাসবাদীৰ বিৰুদ্ধেও সেনাৰ অভিযান অব্য়াহত আছে । আফগানিস্তানৰ ৰক্ষা মন্ত্ৰালয়ে জনোৱা মতে দেশখনৰ হেলমণ্ড আৰু কান্ধাৰত আফগানিস্তান বায়ু সেনাই কৰা এক আক্ৰমণত ৬৬ জন সন্ত্ৰাসবাদীৰ মৃত্য়ু হোৱাৰ লগতে আন ১৮ জন আহত হয় । সেনাৰ মতে তাৰ ভিতৰত ৪ জন অল কায়দা আৰু ২৬ জন তালিবানী সন্ত্ৰাসবাদী আছিল ।
যোৱা দুটা দিনত হেলমণ্ডৰ নৱা জিলাত আন ৬ জন সন্ত্ৰাসবাদী সেনাৰ আক্ৰমণত আহত হয় । সেনাৰ এক তথ্য় অনুসৰি আফগানিস্তানৰ সুৰক্ষা কৰ্মীৰ ওপৰত আক্ৰমণৰ বাবে ব্লু প্ৰিন্ট ৰচনা কৰি থকা আন ৭ জন সন্ত্ৰাসবাদীও শুকুৰবাৰে নাদ-এ-আলী জিলাত সেনাৰ হাতত নিহত হয় ।
লগতে পঢ়ক : ইথিয়োপিয়াত সশস্ত্ৰ বাহিনীৰ আক্ৰমণত মৃত্যু হোৱা লোকৰ সংখ্যা ২০৭ লৈ বৃদ্ধি