ETV Bharat / international

কাবুলত উচ্চতম ন্যায়ালয়ৰ বিচাৰকক গুলিয়াই হত্যা - কাবুলত উচ্চতম ন্যায়ালয়ৰ বিচাৰকক গুলিয়াই হত্যা

আফগানিস্তান উচ্চতম ন্যায়ালয়ৰ এগৰাকী বিচাৰকক গুলিয়াই হত্যা ৷ শুকুৰবাৰৰ প্ৰাৰ্থনাৰ পাছতে ৰহমান মিনাৰ এটা মছজিদৰ বাহিৰত আব্দুল জামিল নামৰ বিচাৰক গৰাকীক গুলিয়াই হত্যা কৰা হয় ৷

Afghan SC Judge assassinated in Kabul
কাবুলত উচ্চতম ন্যায়ালয়ৰ বিচাৰকক হত্যা
author img

By

Published : Dec 5, 2020, 7:02 PM IST

নেচনেল ডেস্ক, 5 নৱেম্বৰ: আফগান উচ্চতম ন্যায়ালয়ৰ এগৰাকী বিচাৰকক ৰাষ্ট্ৰখনৰ ৰাজধানীতেই গুলিয়াই হত্যা ৷ আফগানৰ স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা বাতৰি অনুসৰি, শুকুৰবাৰে ৰহমান মিনা অঞ্চলত প্ৰাৰ্থনা সম্পন্ন হোৱাৰ পাছতে আব্দুল জামিল নামৰ উচ্চতম ন্যায়ালয়ৰ বিচাৰক গৰাকীক গুলিয়াই হত্যা কৰা হয় ৷

উল্লেখ্য যে আফগান বিষয়া সকলে এই হত্যাক তালিবান উগ্ৰপন্থীৰ লক্ষ্য নিৰ্ধাৰিত আক্ৰমণ বুলি সন্দেহ প্ৰকাশ কৰিছে ৷ বিগত বছৰসমূহত তালিবান উগ্ৰপন্থীয়ে সাধাৰণ নাগৰিক তথা সামৰিক বাহিনীৰ বিষয়া সকলক আক্ৰমণৰ লক্ষ্য কৰি এনে ধৰণৰ হত্যাকাণ্ড সংঘটিত কৰি আহিছে ৷ জানিব পৰা মতে নৱেম্বৰ মাহত আফগানিস্তাত এনেধৰণৰ আক্ৰমণত 44 গৰাকী লোকে প্ৰাণ হেৰুৱাৰ বিপৰীতে বহুকেইগৰাকী লোক আহত হৈছে ৷

লগতে পঢ়ক:শান্তিপূৰ্ণ প্ৰদৰ্শনৰ অধিকাৰ আছে ভাৰতীয় কৃষকৰঃ এন্টনিঅ’ গুটেৰাৰৰ মুখপাত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.