ETV Bharat / international

নেপালত 8 ভাৰতীয় পৰ্যটকৰ মৃত্যু - আৰক্ষী অধীক্ষক সুশীল সিঙ ৰাঠোৰ

নেপালত গেছ ৰিজাৰ্ভৰ পৰা গেছ নিৰ্গত হৈ চাৰি নাবালিকসহ আঠগৰাকী ভাৰতীয় পৰ্যটকৰ মৃত্যু ৷ 15 জনীয়া এটি পৰ্যটকৰ দল কেৰালাৰ পৰা নেপালৰ পোখৰালৈ যাত্ৰাৰ বাবে গৈছিল ৷

8 Kerala tourists die due to possible gas leak in Nepal hotel
নেপালত 8 ভাৰতীয় পৰ্যটকাৰ মৃত্যু
author img

By

Published : Jan 21, 2020, 10:18 PM IST

ইন্টাৰশ্যনেল ডেস্ক, 21 জানুৱাৰীঃ মঙলবাৰে নেপালত গেছ ৰিজাৰ্ভৰ পৰা গেছ নিৰ্গত হৈ চাৰি নাবালিকসহ আঠগৰাকী ভাৰতীয় লোক অচেতন হৈ পৰি মৃত্যুক আঁকোৱালি লয় ৷ এক মিডিয়া ৰিপ’ৰ্টত এই কথা সদৰী কৰা হয় ৷ আৰক্ষী অধীক্ষক সুশীল সিঙ ৰাঠোৰে প্ৰকাশ কৰে যে ভাৰতীয় পৰ্যটককেইগৰাকীক HAMS হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷ মৃতকসকলক চিনাক্তকৰণ কৰি প্ৰবীণ কুমাৰ নায়াৰ (39), শৰণ্যা (34), ৰঞ্জিৎ কুমাৰ টিবী (39), ইন্দু ৰঞ্জিৎ (34), শ্ৰীভদ্ৰ (9), অবিনাশ সোৰয়া (9), অভী নায়াৰ (7) আৰু বৈষ্ণৱ বুলি চিনাক্ত কৰে ৷ আনহাতে ৰঞ্জিৎ নামৰ এটি দুবছৰীয়া শিশুও অন্তৰ্ভুক্ত আছে বুলি কাঠমাণ্ডু আৰক্ষীয় উল্লেখ কৰে ৷

উল্লেখ্য যে 15 জনীয়া এটি পৰ্যটকৰ দল কেৰালাৰ পৰা নেপালৰ পোখৰালৈ যাত্ৰাৰ বাবে গৈছিল ৷ পোখৰাৰ বিখ্যাত পাহাৰীয়া এই ঠাইতেই এই মৰ্মান্তিক ঘটনাটো হোৱা বুলি হিমালয়ান টাইম্ছে প্ৰকাশ কৰে ৷ এই দলটো যাত্ৰাৰ শেষত মকৱানপুৰ জিলাৰ দমনত এটা এভাৰেষ্ট পেনোৰামা নামৰ ৰিজৰ্টত আছিল ৷ ৰিজৰ্টটোৰ প্ৰৱন্ধকে উল্লেখ কৰে যে যিহেতু ঠাণ্ডা বতৰ সকলোৱে গৰম পাবলৈ এটা কোঠালীত সোমাই গেছ হিটাৰ অ’ন কৰি ৰাখিছিল ৷ তেওঁ ইয়াৰোপৰি কয় যে পৰ্যটকৰ দলটোৱে দুটা কোঠালী বুক কৰিছিল ইয়াৰে এটা কোঠালীত আঠগৰাকী আৰু বাকীকেইগৰাকী আনটো কোঠালীত আছিল ৷ লগতে তেওঁ জনাই যে কোঠালীৰ দৰ্জা ভিতৰৰ পৰা বন্ধ আছিল ৷

আনহাতে আৰক্ষীয়ে সন্দেহ কৰে যে কোঠালীটোত ভেন্টিলেচন কম হোৱা বাবে অক্সিজেনৰ অভাৱত এই দুৰ্ঘটনা সংঘটিত হোৱো বুলি ৰিপ’ৰ্টত প্ৰকাশ কৰে ৷

আৰু পঢ়কঃৰোহিংগীয়াৰ বিপক্ষে যুদ্ধ অপৰাধ প্ৰতিবন্ধকতা নহয়ঃ ম্যানমাৰ সেনা

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.